ডিজিটেল ডেস্ক: অভ্যন্তৰীণ গৃহসজ্জা বা ইন্টেৰিঅ'ৰ ডিজাইনিঙৰ ক্ষেত্রত এক নতুন মাত্রা দিবলৈ সক্ষম হোৱা প্রত্যুষপ্রতিম বৰঠাকুৰ নামৰ যুৱকজনে কালিৰে পৰা মহানগৰীৰ জু-ৰ'ডত আৰম্ভ কৰিছে ইন্টেৰিঅ'ৰ ডিজাইনিঙৰ ক্ষেত্ৰত তেওঁৰ উৎপাদিত সামগ্ৰীৰ শ্ব' কম 'পানাচ'।
উল্লেখযোগ্য যে মূলতঃ যোৰহাটৰ এই যুৱকজনে অত্যাধুনিক আৰু সূক্ষ্ম শিল্পকর্ম আৰু প্ৰযুক্তিৰে ইন্টেৰিঅ'ৰ ডিজাইনিঙক এক নতুন মাত্ৰা আৰু দৃষ্টিকোণ দিবলৈ সক্ষম হৈছে। বর্তমান গুৱাহাটীৰ বাসিন্দা প্রত্যুষৰ মহানগৰীৰ ৰাধা গোবিন্দ বৰুৱা পথত স্থাপন কৰা শ্ব' কম পানাচ কালি আনুষ্ঠানিকভাৱে মুকলি কৰে এ এম টেলিভিছনৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণে।
নাৰায়ণে শ্ব' কমটো মুকলি কৰি কয় যে এনে ধৰণৰ ডিজাইন বা এনে ধৰণৰ সামগ্ৰী তেওঁ আমেৰিকা আৰু আন কেইবাখনো দেশত দেখিছে যদিও গুৱাহাটীত যে এজন থলুৱা যুৱকে এই সামগ্ৰীবোৰ উৎপাদন কৰিব পাৰে বুলি তেওঁ কল্পনাও কৰিব পৰা নাছিল। নাৰায়ণে এজন অসমীয়া যুৱকৰ এনে ব্যতিক্রমী আৰু অত্যাধুনিক প্রচেষ্টাক ভূয়সী প্রশংসা কৰে। এ এম টেলিভিছনৰ চি এম ডি নাৰায়ণে প্রত্যুষক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰো আশ্বাস দিয়ে।
কালিৰ এই অনুষ্ঠানত দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনো উপস্থিত আছিল। কেৱল বিদেশতহে দেখিবলৈ পোৱা ইন্টেৰিঅ'ৰ ডিজাইনিঙৰ পৰিভাষা কি হৈছে আৰু কি অত্যাধুনিক সামগ্রী প্রত্যুষপ্রতিমে মহানগৰীতে থকা তেওঁৰ ফেক্টৰীত উৎপাদন কৰিছে সেয়া 'পানাচ'লৈ আহিলেহে উপলব্ধি কৰিব পাৰিব।