ডিজিটেল ডেস্কঃ দাম কমিব জীৱনদায়িনী ঔষধৰ। কেন্দ্ৰীয় চৰকাৰে ঔষধৰ ওপৰত থকা জি এছ টি বাৰ শতাংশৰ পৰা পাঁচ শতাংশলৈ হ্রাস কৰাৰ পাছতেই অহা ২২ ছেপ্টেম্বৰৰ পৰা গ্ৰাহকসকলে কম দামত ঔষধ ক্ৰয় কৰিব পাৰিব। যদিহে কোনো ব্যাবসায়িক প্রতিষ্ঠানে অধিক দামত ঔষধ বিক্ৰী কৰে তেনেহ'লে তেনে প্রতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব ৰাজ্য চৰকাৰখনে।
আনকি এই ক্ষেত্রত গ্রাহকসকলে প্রয়োজন হ'লে যাতে অভিযোগ দাখিল কৰিব পাৰে তাৰ বাবে এটা ফ'ন নম্বৰো মুকলি কৰা হৈছে। ৰাজ্য চৰকাৰে প্ৰতিখন ঔষধ বিক্রেতা বিপণীলৈ এই সন্দর্ভত এক নির্দেশনা প্ৰেৰণ কৰাৰ লগতে অভিযোগ দাখিলৰ বাবে ১৮০০৩৪৫৩৪০৫ নম্বৰটো মুকলি কৰিছে।