ডিজিটেল ডেস্ক: ধাৰাবাহিকভাৱে সুদীর্ঘ ৩৮ দিন চচলত ধর্মঘট চলাই থকা মৃত্যুঞ্জয় ১০৮ সেৱাৰ কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আশাৰ ৰেঙনি দেখা গৈছে। মৃত্যুঞ্জয় সেৱাৰ লগত জড়িত কৰ্মচাৰীসকলে চলাই থকা আন্দোলনৰ প্ৰতি ৰাজ্য চৰকাৰে বা নিয়োগকর্তা প্রতিষ্ঠানে সঁহাৰি নিদিয়াত তেওঁলোকৰ কাষত থিয় দি আন্দোলনৰ সমৰ্থনত বিৰোধী দলসমূহে সৰ্বদলীয় বৈঠকৰ আহ্বান জনোৱাৰ প্ৰাকক্ষণত কালি শ্রম বিভাগে এখন বৈঠকৰ আহ্বান জনাইছিল।
মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী, এন এইচ এম আৰু নিয়োগকর্তা জি ভি কে ই এম আৰ আই কর্তৃপক্ষৰ উপস্থিতিত শ্রম আয়ুক্তৰ কার্যালয়ত অনুষ্ঠিত বৈঠকত কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ বাবে আগভাগ লয় শ্রম আয়ুক্তই। উল্লেখযোগ্য যে ইতিমধ্যে এই সেৱাৰ লগত জড়িত ১১০০ কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছিল। বৰ্খাস্তৰ বাহিৰত যিসকল কৰ্মচাৰী আছিল তেওঁলোকক আজিৰ পৰা কামত যোগ দিবলৈ আহ্বান জনোৱা হৈছিল যদিও বৰ্খাস্ত কৰাসকলক এৰি আন কৰ্মচাৰীসকলে কামত যোগ নিদিয়াৰ কথা স্পষ্টভাৱে ব্যক্ত কৰে। যাৰ ফলত তেওঁলোকৰ চচলত চলি থকা আন্দোলনৰ কার্যসূচী অব্যাহত থাকিব। শ্রম বিভাগৰ যুটীয়া আয়ুক্তই এই বিষয়টো নিয়োগকর্তা জি ভি কে ই এম আৰ আই কর্তৃপক্ষ আৰু কৰ্মচাৰীসকলে বৈঠক অনুষ্ঠিত কৰি সমাধান কৰাৰ পৰামৰ্শ দিয়ে। বৰ্খাস্ত কৰা কৰ্মচাৰীসকলক কামত যোগ দিয়াৰ অনুমতি দিয়াৰ পাছত সকলো কৰ্মচাৰীয়ে পুনৰ মৃত্যুঞ্জয় সেৱাত যোগ দিয়াৰ কথা বিবেচনা কৰিব।
উল্লেখযোগ্য যে ১০৮ সেৱাৰ কৰ্মচাৰীসকলে শ্রম আয়ুক্তক দিয়া এখন স্মাৰক-পত্ৰৰ ওপৰত ভিত্তি কৰি আজিৰ আলোচনা অনুষ্ঠিত হৈছিল। কালিৰ আলোচনাত মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলৰ নৱেম্বৰ মাহৰ কৰ্তন কৰা দৰমহা দুদিনৰ ভিতৰত মুকলি কৰি দিয়াৰ সিদ্ধান্তত উপনীত হয়। দৰমহা বৃদ্ধিৰ প্ৰসংগত এন এইচ এমৰ মিছন সঞ্চালক উপস্থিত নথকাত বিষয়টোৰ ক্ষেত্ৰত কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নগ'ল যদিও বিষয়টো দুমাহৰ ভিতৰত আলোচনৰ মাধ্যমেৰে সমাধান কৰাৰ পৰামৰ্শ দিয়ে যুটীয়া শ্রম আয়ুক্তই। উল্লেখযোগ্য শ্রম আইনৰ আওতাৰ ভিতৰত যিহেতু কৰ্মচাৰীসকলে প্রাপ্য বিচাৰি আন্দোলন চলাই আছে সেয়েহে আইনৰ গণ্ডীৰ ভিতৰতে তেওঁলোকৰ দাবীসমূহ সমাধানৰ পদক্ষেপ ল'বলৈ শ্রম আয়ুক্তক কৰ্মচাৰীসকলে ইতিপূর্বে স্মাৰক-পত্ৰ প্ৰদান কৰিছিল।