ডিজিটেল ডেস্ক : উৰিয়ামঘাট ৰেখ সংৰক্ষিত বনাঞ্চলত অবৈধ নাগৰিকক উচ্ছেদ কৰাৰ পাছত ক্ৰমাৎ বৃদ্ধি পাই অসম-নগালেণ্ড সীমান্তত নগা দুর্বৃত্তৰ দাদাগিৰি। অসম-নগালেণ্ড সীমাত উৰিয়াঘাটত পিঠাঘাট সোণাৰিবিলত কালি অসম চৰকাৰ তথা বন বিভাগে ৰোপণ কৰা গছপুলিসমূহ কাটি তহিলং কৰিলে নগা দুর্বৃত্তই। সকলোৰে মনত প্রশ্ন উঠিছে অসম চৰকাৰ তথা প্রশাসন আছেনে? ভাঙি থৈ গ'ল বনানীকৰণ প্রক্রিয়াত বন বিভাগে স্থাপন কৰা নামফলক। নগালেণ্ডৰ ক'ৰবস্তি, ৰোচান ভিলেজকে ধৰি বহুকেইখন নগা গাঁৱৰ ৬০/৭০খনৰো অধিক গাড়ীৰে সহস্রাধিক নগা দুর্বৃত্ত আহি উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ সোণাৰিবিল, পিঠাঘাটকে ধৰি উচ্ছেদৰ পাছত বন বিভাগে নতুনকৈ ৰোপণ কৰা গছপুলিসমূহ কাটি তহিলং কৰি সেই স্থানতে বন বিভাগে চাফ-চিকুণৰ বাবে নিয়োজিত কৰি ৰখা শ্রমিকক 'তহঁতি গছপুলি বিলাক কাট, যদি তহঁতি নাকাট তহঁতক পিটিম।' এনেদৰে হাতত দা আৰু পিষ্টল লৈ ধমক দিলে শ্রমিকক। মাৰণাস্ত্র দেখুৱাই ভয়-ভাবুকি প্রদান কৰিলে সেই স্থানতে উপস্থিত থকা বন বিভাগৰ কৰ্মচাৰীক।
আনহাতে, সেই অঞ্চলতে থকা বহুকেইটা পৰিত্যক্ত গৃহত অগ্নিসংযোগ কৰি থৈ যায় নগা দলটোৱে। এতিয়া অভিযোগ উত্থাপন হৈছে যে নগা দুর্বৃত্ত থকাৰ সময়ত ঘটনাস্থলীত উপস্থিত হৈছিল চি আৰ পি এফ। কিন্তু নগা দুর্বৃত্তৰ দলটোক ১৪২নং চি আৰ পি এফৰ সীমান্তৰ চি ছেক্টৰৰ ছেক্টৰ কমাণ্ডেণ্ট উইথুলিউ নিউমাইয়ে নিৰাপত্তা দি ঘটনাস্থলীৰ পৰা আঁতৰাইহে লৈ যায় বুলি মন্তব্য কৰিছে প্রত্যক্ষদর্শীয়ে। কিন্তু সেই বিষয়ে বিষয়াগৰাকীক সাংবাদিকে প্রশ্ন কৰাত কোনো ধৰণৰ মন্তব্য নিদি আঁতৰি যায়। অন্যহাতে, নগা দুর্বৃত্তই ঘটনা সংঘটিত কৰাৰ পাছতহে গা লৰিল সৰুপথাৰ সম-জিলা প্ৰশাসনৰ তথা চি আৰ পি এফৰ। ঘটনা সংঘটিত হোৱাৰ পাছতহে সীমান্তলৈ ৰাওনা হয় নগাৰ ভয়ত পেঁপুৱা লগা সৰুপথাৰ সম-জিলা প্ৰশাসনৰ সীমান্ত দণ্ডাধীশ প্রিয়ম জ্যোতি ফুকন আৰু সৰুপথাৰ সম-জিলা আৰক্ষী অধীক্ষক দ্বীপেন পাতৰকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল। উল্লেখযোগ্য যে উৰিয়াম গছৰ নামেৰেই জনাজাত উৰিয়ামঘাট, সেইবাবে বন বিভাগে তথা অসম চৰকাৰে সোণাৰি বিলৰ মিঞা উচ্ছেদিত ভূমিত বনানীকৰণৰ প্ৰথম পৰ্যায়ত ১৫ হাজাৰ উৰিয়াম গছৰ পুলি ৰোপণ কৰিছিল। অসম চৰকাৰৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত, গোলাঘাট জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিং, চি আৰ পি এফৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত ৰোপণ কৰিছিল গছপুলিসমূহ। কিন্তু লহপহকৈ বাঢ়ি অহা সেই বনানীকৰণ কৰা উৰিয়াম গছপুলিসমূহ কাটি তহিলং কৰি গ'ল নগা দুর্বৃত্তৰ দলটোৱে। তাৰ পাছত এতিয়া নিশ্চুপ অসম প্ৰশাসন আৰু চি আৰ পি এফ নামৰ 'নিৰপেক্ষ বাহিনী'টো। ঘটনাৰ পাছতেই পিঠাঘাট সোণাৰিবিল অঞ্চলৰ ঘটনাস্থলীত গোলাঘাট জিলাৰ উপ-আৰক্ষী অধীক্ষক বিভাষ দাস, সৰুপথাৰ সম- জিলা আৰক্ষী অধীক্ষক দ্বীপেন পাতৰ, সীমান্ত দণ্ডাধীক্ষ প্রিয়মজ্যোতি ফুকন, উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, চি আৰ পি এফৰ উচ্চপদস্থ বিষয়াৰ লগতে বন বিষয়াসকল উপস্থিত হয়। আনহাতে, নগালেণ্ডৰ নিউলেণ্ড জিলাৰ সীমান্ত দণ্ডাধীশ ঘটনাৰ বুজ ল'বৰ বাবে উক্ত স্থানত উপস্থিত হৈছিল যদিও সাংবাদিকে প্রশ্নৰে থকা-সৰকা কৰাত উক্ত স্থান ত্যাগ কৰে বিষয়াগৰাকীয়ে। উক্ত সমগ্র ঘটনা সন্দর্ভত প্রশাসনে তদন্ত আৰম্ভ কৰিছে যদিও নগা দুর্বৃত্তৰ দ্বাৰা সঘনাই সংঘটিত হোৱা বিক্ষিপ্ত ঘটনাত অসম চৰকাৰ তথা প্রশাসনৰ ভূমিকাত সন্তুষ্ট হোৱা নাই সীমান্তবাসী আৰু স্থানীয় দল-সংগঠন। ঘটনা সন্দর্ভত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিন্টু গগৈয়ে গছপুলি কাটি, নাম ফলক ভাঙি অগ্নিসংযোগ কৰা ঘটনাক গৰিহণা দিয়াৰ লগতে আৰু কিমান পর্যায়ত সীমান্ত এনে ঘটনা হ'লে অসম চৰকাৰৰ গা লৰিব বুলি উল্লেখ কৰি শীঘ্ৰে অসম-নগালেণ্ডৰ সীমা সমস্যা সমাধান কৰিব লগে বুলি কৈ সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰে।
মন কৰিব লগা কথা যে কালি উৰিয়ামঘাটৰ চি ছেক্টৰৰ চি আৰ পি এফৰ শিবিৰত সীমান্তৰ ৬০খন গাঁৱৰ গাঁওপ্ৰধানৰ সৈতে নিৰপেক্ষ বাহিনীয়ে এক সভা অনুষ্ঠিত কৰিছিল, য'ত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যে সীমান্তৰ উচ্ছেদিত অঞ্চলত ৪ জনতকৈ অধিক মানুহ গোট খালে স্থিতাৱস্থা বাহাল ৰখাৰ স্বাৰ্থত আটক কৰা হ'ব। কিন্তু এই নির্দেশ জাৰি কৰা ২৪ ঘণ্টা পাৰ নৌহওঁতেই উচ্ছেদিত অঞ্চলৰ মাজেৰে তিনি শতাধিক নগা লোক ১৫ কিল'মিটাৰ দূৰত্বৰ পৰা ৬০ খনতকৈও অধিক গাড়ীৰ কনভয় কেনেকৈ আহিব পাৰিলে, তাকে লৈ প্রশ্ন উত্থাপন কৰিছে স্থানীয় দল-সংগঠনে। চি ছেক্টৰত নিয়োজিত নগা ছেক্টৰ কমাণ্ডেণ্ট গৰাকীৰ আশীৰ্বাদতে নগাই শক্তি পাই বাৰে বাৰে আগ্রাসী মনোভাব লোৱাৰ অভিযোগ উত্থাপন হৈছে। তাৎপর্যপূর্ণ কথা যে ৰেংমা বনাঞ্চলৰ পৰা সন্দেহজনক মিঞা লোকক উচ্ছেদ কৰাৰ পাছতেই সেই উচ্ছেদিত অঞ্চলসমূহ নগাৰ বুলি দাবী কৰি আহিছে নগাই। কিন্তু শেহতীয়াকৈ উচ্ছেদিত কিছু স্থানত থলুৱা অসমীয়া লোকে দখল কৰিবলৈ লোৱাৰ তথ্য লাভ কৰে নগাই। তাৰ পাছতেই নেফানি অঞ্চলত এখন সভা পাতি নগা আহি সোণাৰি বিলত অসম চৰকাৰে ৰোপণ কৰা গছপুলি কাটি তহিলং কৰে। মুঠৰ ওপৰত ৰেংমা বনাঞ্চলৰ পৰা মিঞা 'আউট' হোৱাৰ পাছত নগা 'ইন' হৈছে।