ডিজিটেল ডেস্ক : গোৱালপাৰা জিলাত বৃদ্ধি পাইছে কয়লা মাফিয়াৰ কাৰ্যকলাপ।জিলাখনৰ ১৭নং ৰাষ্ট্ৰীয় পথেৰে নিতৌ বৃদ্ধি পাইছে অবৈধ কয়লাৰ সৰবৰাহ। মেঘালয়ত মাইনিং বন্ধ থকাৰ পাছতো চালাঙৰ পৰা দিনে-নিশাই কয়লা সৰবৰাহ হৈ থকা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। জানিব পৰামতে মেঘালয়ৰ পৰা অতি কৌশলেৰে চোৰাংভাৱে কয়লা ছিণ্ডিকেট চক্ৰটোৱে এই অবৈধ ব্যৱসায় চলাই আহিছে।
ইফালে এখন ট্রাকে ট্রাকখনৰ ওজনসহ প্রায় ১৬ কুইণ্টইল ওজন বহন কৰিব পাৰে যদিও জিলাখনৰ মাজেৰে চলাচল কৰা কয়লা ট্রাকবোৰে অবৈধভাৱে প্রায় ৪০ কুইন্টল কয়লা কঢ়িয়াই নিয়ে। এই ট্রাকবোৰে বহন কৰা কয়লাৰ কোনো চালান নাথাকে বুলি অভিযোগ উত্থাপন হৈছে। ফলত জিলাখনৰ মাজেৰে দিনে-নিশাই চলি থকা শশ ট্রাকে চালানবিহীনভাৱে অতিৰিক্ত ওজন বহন কৰি কয়লা সৰবৰাহ মুকলিভাৱে কৰি আহিছে। এই ক্ষেত্রত কয়লা মাফিয়া আৰু ৰাজনৈতিক আশীর্বাদপুষ্ট ছিণ্ডিকেট চক্ৰটোৱে সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়াই আহিছে। আৰক্ষী আৰু জিলা পৰিবহণ বিভাগে মৌনতা অৱলম্বন কৰি আহিছে। ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত সামান্য হেৰফেৰ হ'লেই জঁপিয়াই পৰা জিলা পৰিবহণ বিভাগটো কিন্তু কয়লা কঢ়িওৱা বাহনৰ ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱ হৈ থকাৰ ঘটনাটো ৰহস্যজনক। এই কয়লা সৰবৰাহ কৰা ট্রাকবোৰ প্ৰায় ৯৫ শতাংশ বাহনৰে নাই প্রয়োজনীয় বৈধ নথি-পত্র। আন কি একাংশ কয়লা কঢ়িওৱা ট্ৰাকৰ নম্বৰ ফলকখনো নাথাকে। আটাইতকৈ গুৰুত্বৰ কথাটো হ'ল যে কয়লা বহন কৰা ট্রাকসমূহে পথত চলি থকা অৱস্থাত কাষৰে যাবলৈও ভয় কৰে সাধাৰণ ৰাইজে। কাৰণ ট্রাকসমূহত অতিৰিক্ত কয়লা বোজাই দিয়াৰ ফলত যিকোনো মুহূৰ্তত বাগৰি যোৱাযেন অনুমান হয়।
ইফালে এই কয়লাৰ ট্ৰাকবোৰ ৰখাবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগৰ কোনো কর্মীয়ে হাত দাঙিবলৈ সাহস নকৰে। কোনোবাই যদি এই কাৰ্য কৰিবলৈ চেষ্টা কৰে, তেন্তে পাছত গৈ তেওঁৰ চাকৰি জীৱনত বহু অসুবিধাৰ সৃষ্টি হয়। ফলত কয়লা কঢ়িওৱা ট্রাক পথত দেখিলে আৰক্ষী আৰু পৰিবহণ বিভাগে চকু মুদি দিয়াৰ বাহিৰে আন একো বিকল্প নাই বুলি এগৰাকী ভুক্তভোগী চৰকাৰী কৰ্মচাৰীয়ে মত প্রকাশ কৰিছে।