ডিজিটেল ডেস্ক: প্রকৃতি সংৰক্ষণ আৰু মানৱ-প্ৰকৃতিৰ সহাৱস্থানৰ গুৰুত্বৰ বাণী লৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত তথা জোনাই আৰু ধেমাজিবাসীৰ সহযোগত জোনাইৰ বেৰাচাপৰিৰ চিয়াং-লালী নৈৰ বেৰাঘাটৰ নৈসর্গিক পৰিৱেশত চাৰিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত তৃতীয় সংখ্যক 'পবা বৰ্ষাৰণ্য প্রকৃতি মহোৎসৱ'ৰ কালি সামৰণি পৰে।
চাৰি দিন ধৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱৰ অন্তিম দিনত আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু। সভাত ভাষণ দি মন্ত্রী ডাঃ পেগুৱে পবা বৰ্ষাৰণ্যৰ ঐতিহাসিক আৰু পৰিৱেশগত গুৰুত্বৰ লগতে ইয়াৰ সংৰক্ষণত স্থানীয় ৰাইজৰ ভূমিকাৰ সন্দর্ভত আলোকপাত কৰে। তেওঁ কয়, 'পৃথিৱীৰ বাবে যেনেদৰে হাবি-জংঘল, পাহাৰ-পর্বত, নদ-নদী আৱশ্যক, ঠিক তেনেদৰে জোনাইৰ বাবে পবা বর্ষাৰণ্য অতি প্রয়োজনীয়।' তেওঁ কয়, 'আমি সনাতন ধৰ্মৰ মানুহ। আমি প্ৰকৃতিৰ পূজা কৰোঁ, গৰু পূজা কৰোঁ, গছ-বনক পূজা কৰোঁ। প্রকৃতি আৰু মানুহ পৰস্পৰে অবিচ্ছেদ্যভাৱে নিৰ্ভৰশীল।' শতিকা গৰকা প্ৰস্তাৱিত বন্যপ্রাণী অভয়াৰণ্য পবাক সংৰক্ষণ কৰাৰ লগতে ভৱিষ্যৎ প্রজন্মক প্রকৃতিমুখী মানসিকতাৰে গঢ়ি তোলাৰ প্রয়োজনীয়তাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি মন্ত্রী ডাঃ পেগুৱে পবাৰ জৈৱ-বৈচিত্র্য আৰু নৈসর্গিক সৌন্দর্য বিশ্ব দৰবাৰলৈ নি পৰ্যটনৰ মানচিত্রত পবাক এক বিশেষ স্থানত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ২০১৫ চনৰ পৰা মিচিং স্বায়ত্তশাসিত পৰিষদে প্রতিবছৰে এই প্ৰকৃতি মহোৎসৱ উদযাপন কৰি অহা কাৰ্যৰ শলাগ লয়।
আনহাতে, সভাত উপস্থিত থাকি ৮০নং জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগুৱে কয়, 'এই উৎসৱে আমাৰ মাজত সজাগতা সৃষ্টি কৰিব। মানৱ আৰু প্ৰকৃতিৰ সহাৱস্থান সম্পৰ্কে ৰাইজে গভীৰভাৱে বুজি উঠিব। জংঘলত থকা বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু গছ-গছনি কেনেদৰে সংৰক্ষণ কৰিব পাৰি, তাৰ প্ৰতি ৰাইজ সজাগ হ'ব।' তেওঁ লগতে কয়, 'এনেধৰণৰ উৎসৱ প্ৰতিবছৰে অনুষ্ঠিত হ'ব লাগে। তাৰ লগতে পবা বনাঞ্চলৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত মাহে মাহে সজাগতা সভা অনুষ্ঠিত কৰাৰো প্ৰয়োজন আছে।'
উল্লেখযোগ্য যে চাৰি দিন ধৰি অনুষ্ঠিত পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱৰ জৰিয়তে প্রকৃতি সংৰক্ষণ, বন সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰচাৰ-প্ৰসাৰৰ লগতে প্রকৃতি সম্পর্কীয় আলোক-চিত্র প্রদর্শনী, গ্রাম্য ক্রীড়া প্রতিযোগিতা, পবাৰ দাঁতি-কাষৰীয়া অঞ্চলত সজাগতা সভা, স্মৃতিগ্রন্থ উন্মোচন, কবি সম্মিলন, পৰিৱেশ বিষয়ক আলোচনা, থলুৱা খাদ্য আৰু বস্ত্ৰ মেলা আৰু স্থানীয় তথা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আদি বর্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্রকৃতি সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণ আৰু সজাগতাই যে একমাত্র পথ, সেই বাণীকেই লৈ সফলভাৱে সামৰণি পৰে তৃতীয় সংখ্যক 'পবা বৰ্ষাৰণ্য প্রকৃতি মহোৎসৱ'।