আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী 

dainik janambhumi September 13, 2025

ডিজিটেল ডেস্কঃ সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম-শতবার্ষিকীৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আজি অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী।

দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্রমণলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভ্রমণকালতে ৰাজ্যখনৰ বিকাশৰ সৈতে জড়িত ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব। জানিব পৰা মতে আজি বিয়লি ৪-২০ বজাত গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে পোনে পোনে সুধাকণ্ঠৰ জন্ম-শতবর্ষ উপলক্ষে অসম চৰকাৰে খানাপাৰাত আয়োজন কৰা বছৰজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ মূল অনুষ্ঠানত অংশগ্রহণ কৰিবহি।

বিয়লি ৫-১৫ বজাৰ পৰা এক ঘণ্টা পোন্ধৰ মিনিট ধৰি চলিবলগীয়া এই অনুষ্ঠানত বাৰশতকৈ অধিক শিল্পীয়ে ১৮ মিনিট ধৰি সুধাকণ্ঠৰ ১৪ টা গানৰ কিছু অংশ পৰিৱেশন কৰিব। এই গীতটোত জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে বিভিন্ন বয়সৰ লোকে অংশগ্রহণ কৰিব। অনুষ্ঠানত দেশৰ সকলো ভাষাতে প্রকাশ পাবলগীয়া ড° হাজৰিকাৰ এখন জীৱনীৰ লগতে সুধাকণ্ঠৰ প্ৰতিচ্ছবি থকা এশটকীয়া এটা মুদ্রাও প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব। এই অনুষ্ঠানৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে কইনাধৰাত নিশা কটাব। নিশা তেওঁ ৰাজ্যিক বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ সৈতে বৈঠকত মিলিত হোৱাৰো সম্ভাৱনা আছে। ইয়াৰ পাছত ১৪ ছেপ্টেম্বৰৰ দিনা দিনৰ এঘাৰ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মঙলদৈত উপস্থিত হৈ এখন জনসভাত অংশগ্রহণ কৰিব। এই জনসভাতে তেওঁ ৫৬০ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া দৰং মেডিকেল কলেজ, নাৰ্ছিং কলেজ আৰু জি এম এম কলেজৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ১২০০ কোটি টকা ব্যয় সাপেক্ষ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া নাৰেংগী-কুৰুৱা সংযোগী দলং আৰু চাৰে চাৰি হাজাৰ টকা ব্যয়সাপেক্ষ গুৱাহাটী ৰিং-ৰ'ডৰো আধাৰশিলা স্থাপন কৰিব। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ মঙলদৈৰ অনুষ্ঠান সফল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰখনে ব্যাপক প্রস্তুতি চলাইছে।

মঙলদৈৰ সভা সামৰি মোদীয়ে বিয়লি আঢ়ৈ বজাত উপস্থিত হ'বগৈ নুমলীগড়ত। নুমলীগড় শোধনাগাৰে পাঁচ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা দেশৰ প্ৰথমটো জৈৱ শোধনাগাৰৰ (বায়' ৰিফাইনেৰী) তেওঁ উদ্‌ঘাটন কৰাৰ লগতে এটা পলিপ্রপিলিন প্রকল্পৰ আধাৰশিলাও স্থাপন কৰিব। নুমলীগড়ত এই উপলক্ষে আয়োজিত এখন জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৰহাট বিমান বন্দৰলৈ যাব আৰু তাৰ পৰাই কলকাতালৈ উৰা মাৰিব। মন কৰিবলগীয়া কথা যে খানাপাৰত অনুষ্ঠিত হ'বলগীয়া সুধাকণ্ঠৰ অনুষ্ঠানত প্ৰতিখন জিলাৰ পৰা ৫০-৬০ গৰাকী এনে লোকক নিমন্ত্রণ কৰা হৈছে, যিসকলে জীৱনৰ কোনো এটা সময়ত ড° হাজৰিকাৰ সান্নিধ্য লাভ কৰিছিল। বিভিন্ন জিলাৰ পৰা প্ৰায় বাৰশ লোকে সভাঘৰ শুৱনি কৰিব।

আনহাতে ৰাজ্য চৰকাৰখনে সাধাৰণ লোকে যাতে অনুষ্ঠানটো উপভোগ কৰিব পাৰে তাৰ বাবে দহ হাজাৰ প্ৰৱেশ-পত্ৰ বিতৰণ কৰিছে। মন কৰিবলগীয়া কথা যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ধলা-শদিয়া দলঙক ড° ভূপেন হাজৰিকা সেতু হিচাপে ইতিমধ্যে নামকৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ বিশেষ তৎপৰতাত অসমৰ আৱেগ এইগৰাকী বিশ্ববৰেণ্য শিল্পীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰা হৈছে। আনকি সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উপলক্ষে যোৱা ৮ ছেপ্টেম্বৰৰ দিনটোত সুধাকণ্ঠৰ সন্দৰ্ভত প্রধানমন্ত্রীয়ে এটা বিশেষ লেখা লিখিছিল। যিটো লেখা দেশৰ সকলো ভাষাৰ অগ্রণী বাতৰি কাকতত প্রকাশ পাইছিল। ইয়াৰ পৰাই বুজা যায় যে সুধাকণ্ঠৰ প্ৰতি প্ৰধানমন্ত্ৰীগৰাকীৰ এটা বিশেষ টান আছে।

এনে পৰিস্থিতিত আজি প্রধানমন্ত্রীয়ে ড° হাজৰিকাৰ জন্ম-শতবার্ষিকীৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰাটো অসমবাসীৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে।

ইফালে প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি আজি মহানগৰ আৰক্ষী আয়ুক্তই গুৱাহাটীত সমদল, দৌৰ, মাৰাথন, ৱাকাথন আদি নিষিদ্ধ ঘোষণা কৰিছে। এই নিষেধাজ্ঞা উলংঘা কৰাসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ২২৩ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব বুলিও সকীয়াই দিছে আয়ুক্তগৰাকীয়ে ।

Share This