১২ দিনত উপার্জন ২০ কোটি টকা, সফলতাৰ শিখৰত 'ৰৈ ৰৈ বিনালে'

dainik janambhumi November 13, 2025

ডিজিটেল ডেস্ক : অসমীয়া চিনেমাৰ ৯০ বছৰীয়া ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি সফলতাৰ শিখৰত 'ৰৈ ৰৈ বিনালে'। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে' ছবিখনে গঢ়িলে নতুন অভিলেখ। ৩১ অক্টোবৰত সমগ্র দেশজুৰি ১৮৬টা ছবিগৃহত মুক্তিলাভ কৰা 'ৰৈ ৰৈ বিনালে'ৰ প্ৰতি দৰ্শকৰ অভূতপূর্ব সঁহাৰিৰ পৰিপ্ৰেক্ষিতত ১২ দিনত ছবিখনৰ সৰ্বমুঠ উপার্জনে ২০ কোটিৰ ঘৰ স্পৰ্শ কৰিলে বুলি তথ্যৰ পৰা জানিব পৰা গৈছে। 

অৱশ্যে, এই সন্দৰ্ভত 'ৰৈ ৰৈ বিনালে' টীমে কোনো তথ্য প্রকাশ কৰা নাই। 'ৰৈ ৰৈ বিনালে' টীমে ছবিখনৰ মুক্তিৰ এমাহ সম্পূৰ্ণ হোৱাৰ পাছতহে সম্পূর্ণ উপাৰ্জনৰ তথ্য আনুষ্ঠানিকভাবে সদৰী কৰিব বুলি ইতিমধ্যে সদৰী কৰিছে। উল্লেখযোগ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে তেওঁৰ এটা অতি জনপ্রিয় গীত 'ৰৈ ৰৈ বিনালে'ক এখন ছবিলৈ ৰূপান্তৰিত কৰিছিল। মিছন চাইনা, কাঞ্চনজংঘা আদিৰ দৰে কেইবাখনো ছবি নিৰ্মাণ কৰি অসমীয়া ছবিজগতক অন্য এক ৰূপ প্রদান কৰা প্ৰাণৰ শিল্পীগৰাকীয়ে 'ৰৈ ৰৈ বিনালে' ছবিখনক লৈও দেখিছিল বহুত সপোন। 

কিন্তু এই সপোনৰ পূৰ্ণতা চাবলৈ শিল্পীগৰাকী কায়িকভাৱে আমাৰ মাজত নাছিল যদিও পূর্বনির্ধাৰিত সময় অনুসৰিয়ে মুক্তি পাইছিল 'ৰৈ ৰৈ বিনালে' ছবিখনে। আনহাতে, অসমীয়া ছবিৰ সকলো ৰেকৰ্ড ভংগ কৰি ৰাজ্যত পুৱা ৪-২৫ বজাৰ পৰাই আৰম্ভ হৈছিল প্ৰথমবাৰৰ বাবে এখন অসমীয়া ছবিৰ প্ৰদৰ্শনী।

Share This