'ৰৈ ৰৈ বিনালে' চলি থকাৰ সময়ত প্ৰদৰ্শন নকৰে হিন্দী ছবি, চিনেমা হল মালিক সন্থাৰ সিদ্ধান্ত

dainik janambhumi October 28, 2025

ডিজিটেল ডেস্ক : অহা ৩১ অক্টোবৰত মুক্তি পাবলগীয়া অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অভিনীত অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'ক কৰমুক্ত কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোক সভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে। 

প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে 'ৰৈ ৰৈ বিনালে' হৈছে জুবিন দাৰ জীৱনকালত অভিনয় কৰা আৰু সংগীত পৰিচালনা কৰা অন্তিমখন ছবি। সেয়েহে প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিমখন ছবি চাবলৈ অসমৰ সৰ্বস্তৰৰ ৰাইজ উদ্বাউল হৈ আছে। সকলো শ্ৰেণীৰ ৰাইজে যাতে এই চিনেমাখন কোনো অসুবিধা নোহোৱাকৈ চাব পাৰে ইয়াৰ বাবেই চৰকাৰে ছবিখন কৰমুক্ত কৰিব লাগে। তদুপৰি এনে পদক্ষেপৰদ্বাৰা জুবিন দাই আজীৱন অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়াই নিবলৈ কৰা ঐকান্তিক প্রচেষ্টাৰ প্ৰতিও সন্মান প্রদর্শন কৰা হ'ব আৰু ৰাজ্যখনৰ প্ৰতিটো চুক-কোণৰ সকলো শ্ৰেণীৰ ৰাইজৰ চিনেমাখন চোৱাত সুবিধা হ'ব। 

আনহাতে, প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সকলো জিলা কংগ্রেছ, ব্লক কংগ্রেছ, মণ্ডল কংগ্ৰেছ কমিটীৰ সভাপতিক নিজ নিজ জিলা, ব্লক, মণ্ডলৰ স্থানীয় সকলো ৰাইজক জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অভিনীত অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে' চাবলৈ অনুৰোধ জনাইছে।

Share This