ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চলচ্চিত্র 'ৰৈ ৰৈ বিনালে' প্ৰদৰ্শনৰ পাছত অসম চৰকাৰে লাভ কৰিব লগীয়া জি এছ টিৰ ধনৰাশি কলাগুৰু আর্টিছ ফাউণ্ডেশ্যনক প্রদান কৰা হ'ব। কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকৰ পাছত জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° শর্মাই কয়, 'অসমত কোনো চিনেমাৰ আমোদ কৰ নাই। কিন্তু ভাৰত চৰকাৰে টিকটৰ বিনিময়ত জি এছ টি লয়। এশ টকাৰ ওপৰৰ টিকটত ১৮ শতাংশ আৰু এশ টকাৰ তলৰ দামৰ টিকটত ৫ শতাংশ জি এছ টি কেন্দ্রই সংগ্ৰহ কৰে। এই ধন সংগ্ৰহৰ এমাহৰ পাছত জি এছ টিৰ আধা টকা ৰাজ্য চৰকাৰক ঘূৰাই দিয়ে।' মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'জুবিনৰ জীৱনৰ শেষ ছবি বৈ বৈ বিনালে অহা ৩১ অক্টোবৰত ছবিঘৰলৈ আহিব। গতিকে কালিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে অসম চৰকাৰে উক্ত ছবিখনৰ নামত জি এছ টিৰ যি অংশ লাভ কৰিব সেই ধনৰাশি কলাগুৰু আৰ্টিছ ফাউণ্ডেশ্যনক ঘুৰাই দিব। জুবিন গাৰ্গৰ পত্নীৰ সৈতে আলোচনা কৰি তেওঁৰ পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে।
আনহাতে, উক্ত ফাউণ্ডেশ্যনটো জুবিনে বেমাৰ আজাৰ হ'লে শিল্পীসকলক সহায় কৰাৰ লগতে বানৰ সময়ত ৰাইজক আৰু ছাত্ৰ-ছাত্ৰীক পঢ়াৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে গঠন কৰিছিল বুলি জনাই ড° শর্মাই কয় যে এই পুঁজিৰে তেওঁৰ আদৰ্শক জীয়াই ৰখাত ফাউণ্ডেশ্যনৰ সহায় হ'ব। ইফালে অসমৰ বান-খহনীয়া সমস্যাৰ প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেন্ট বেংকৰ আর্থিক সাহায্যৰে ২২০৫.৭৫ কোটি টকাৰ ব্যয়সাপেক্ষ বিভিন্ন প্রকল্পৰ (Climate Resilient Brahmaputra Integrated Flood and Riverbank Eroison Risk Management Project) প্রস্তাৱত কালিৰ কেবিনেটে অনুমোদন জনাই বুলি ব্যক্ত কৰি তেওঁ কয় যে এই প্ৰকল্পৰ অধীনত ৰাজ্যৰ প্ৰায় ১৩খন জিলা সামৰি ৭৬ কিঃমিঃ দৈর্ঘ্যৰ এলেকাত খহনীয়া প্ৰতিৰোধী কাম-কাজ, ৩৩ কিঃমিঃ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ, ১৭.৭২ কিঃমিঃ দৈৰ্ঘ্যৰ এলেকাত প্ৰ'ছিলটেশ্যন (Pro-siltation Works) কাম-কাজ হাতত লোৱা হ'ব। এই প্ৰকল্পৰ অধীনত বান-খহনীয়াত নদীৰ বুকুত জাহ যোৱা ভূমি পুনৰুদ্ধাৰ কৰাৰো পদক্ষেপ হাতত লোৱা হ'ব। বগিবিল দলঙৰ তলত এই প্রচেষ্টা চলাই আমি সফল হৈছোঁ। বিজ্ঞানসন্মতভাৱে জাহ যোৱা মাটি উদ্ধাৰ কৰিব পাৰিছিলোঁ। উল্লেখযোগ্য যে অসমৰ গাঁও অঞ্চলত বংশানুক্রমিকভাৱে তিনিটা প্রজন্ম ধৰি বসবাস কৰি অহা জনজাতীয় লোকসকলক মিছন বসুন্ধৰা ২.০ৰ অধীনত ৫০ বিঘালৈকে মাটিৰ ম্যাদী পট্টা প্ৰদানৰ সুবিধা মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকসকললৈকো সম্প্ৰসাৰণত কালিৰ কেবিনেটে অনুমোদন জনায়। কেবিনেটে লগতে এই দুই জনগোষ্ঠীৰ বাবে মিছন বসুন্ধৰাৰ অধীনত আৱেদনৰ বাবে অতিৰিক্ত দুমাহ সময় প্রদানতো সিদ্ধান্ত লোৱা হয়। একেদৰে কেবিনেটে অসম আৰক্ষী (সংশোধনী) বিধেয়ক, ২০২৫ত অনুমোদন জনায়। ইয়াৰ জৰিয়তে ৰাজ্যৰ জিলা আৰক্ষী দায়বদ্ধতা আয়োগসমূহ পুনৰ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ইফালে কেবিনেটে অসম গাঁওৰক্ষী বাহিনী নিয়মাৱলী, ১৯৮৬ৰ সংশোধনীত অনুমোদন জনায়। এই সংশোধনী অনুসৰি গাঁওৰক্ষী বাহিনীৰ সদস্যৰ বয়সৰ উৰ্দ্ধ সীমা পূৰ্বৰ ৫০ বছৰৰ পৰা ৪০ বছৰলৈ হ্রাস পাব আৰু প্রয়োজনীয় অঞ্চলসমূহত নতুনকৈ গাঁওৰক্ষী বাহিনীৰ গোট গঠন কৰিব পৰা যাব। ইয়াৰ উপৰি যোৰহাট জিলাত নির্মীয়মাণ লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্রকল্প নিৰ্মাণৰ বাবে প্রায় ২৪৯.৭৮ কোটি টকাৰ সংশোধিত মুঠ প্রকল্প ব্যয়ত কেবিনেটে অনুমোদন জনায়। উল্লেখযোগ্য যে ৰাজ্যৰ ৰাস মহোৎসৱ উদ্যাপন সমিতিসমূহক এককালীন আর্থিক অনুদান প্রদান কৰা হ'ব। সেই অনুসৰি মাজুলীৰ ৬৭খন ৰাস সমিতিয়ে ৫০ হাজাৰ টকাকৈ আৰু ৰাজ্যৰ অন্যান্য ঠাইৰ সৰ্বমুঠ ২০৬৮খন ৰাস সমিতিয়ে ২৫ হাজাৰ টকাকৈ অনুদান লাভ কৰিব। ইফালে মুখ্যমন্ত্ৰীগৰাকীযে ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকী উদ্যাপনৰ মাজতে অহা ৫ নৱেম্বৰত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ মৃত্যুতিথি বিশেষভাৱে পালন কৰা হ'ব বুলি জনাই কয় যে সেই দিনা জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমন্বয় তীৰ্থত ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে তেওঁৰ মৃত্যু তিথি পালন কৰিব। ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে ৫ হাজাৰতকৈও অধিক লোক সমৱেত হৈ 'মানুহে মানুহৰ বাবে' শীর্ষক গীতটি পৰিৱেশন কৰিব। ইফালে কালিৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ সংবাদ মাধ্যমক অৱগত কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে শেহতীয়া ১৭ বছৰৰ অনুৰ্দ্ধৰ সুব্রত কাপ প্রতিযোগিতাত বিজয়ীৰ সন্মান অৰ্জন কৰা গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী ফুটবল দলটোৰ সদস্যসকলক আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। এই কাৰ্যসূচীতে মুখ্যমন্ত্ৰীয়ে দলটোৰ প্ৰতিগৰাকী সদস্যকে ৫০ হাজাৰ টকাকৈ আর্থিক পুৰস্কাৰৰ চে'ক বিতৰণ কৰে।