পকা কলৰ থোকেৰে ভৰিছে মন্দিৰ প্ৰাংগণ, ঐতিহ্যমণ্ডিত ধোপৰতল শ্ৰীশ্ৰী গোপাল থানত পূজা

dainik janambhumi February 03, 2026

ডিজিটেল ডেস্ক : ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটীৰ মধুপুৰ ধোপৰতল শ্রীশ্রী গোপাল থানৰ তিনিদিনীয়াকৈ অনুষ্ঠিত বার্ষিক উৎসৱৰ কালি দ্বিতীয় দিনাও ভক্তপ্ৰাণ ৰাইজৰ লানি নিছিগা সোঁত বয়। মাঘী পূর্ণিমা তিথিৰ লগত সংগতি ৰাখি সম্পূৰ্ণ ধর্মীয় ৰীতি-নীতি আৰু আধ্যাত্মিকতাৰে আয়োজন কৰা পূজাৰ প্ৰথম দিনা ঊষা কীর্তন আৰু ধর্মীয় শোভাযাত্রা অনুষ্ঠিত হয়। অগণন ভক্তই অংশগ্ৰহণ কৰা এই ধর্মীয় শোভাযাত্ৰাত মন্দিৰৰ বিগ্রহ লৈ নগৰ পৰিভ্ৰমণ কৰা হয়। এই পৰিভ্ৰমণকালত সকলোৱে নিজ নিজ পদূলিত চাকি-ধূপ-ধূনাৰে বিগ্রহক সেৱা জনাই আশীর্বাদ গ্রহণ কৰে। 

উল্লেখযোগ্য যে গোপাল থানৰ এই উৎসৱৰ অন্যতম মাহাত্ম্য হৈছে পকা কলৰ থোক। ইতিমধ্যে ভক্তসকলে প্ৰদান কৰা লানি নিছিগা কলৰ থোকেৰে মন্দিৰ প্ৰাংগণ ভৰি পৰিছে। এই মন্দিৰত পকা কলৰ থোক আগবঢ়ালে মনোকামনা পূৰণ হয় বুলি এক জনবিশ্বাস আছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তপ্ৰাণ ৰাইজে এই পূজাত কলৰ থোক আগবঢ়াই আশীৰ্বাদ গ্রহণ কৰিছে। ধর্মীয় শোভাযাত্রাত অন্তত পুনৰ বিগ্রহ মন্দিৰত স্থাপন কৰা হয়। পূজাৰ প্ৰতিটো দিনত ভাগৱত পাঠ আৰু আয়তীসকলৰ নাম- প্ৰসংগৰে মন্দিৰ প্ৰাংগণ মুখৰিত হৈ পৰিছে। 

তামুলপুৰৰ আমন্ত্ৰিত নাগাৰা নামৰ শিল্পী কমল কৃষ্ণ নাথ আৰু দলং ঘাটৰ ভাস্কৰ নাথে নাগাৰা নাম পৰিৱেশন কৰি ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰে। কালি দ্বিতীয় দিনাৰ কাৰ্যসূচীত মাতৃ-জীয়ৰী পিংকুমণি চহৰীয়া আৰু ভাৱনা চহৰীয়াৰ যুগলবন্দীত দিহানাম পৰিৱেশন কৰে। বিয়লি আমন্ত্ৰিত নাগাৰা নামৰ শিল্পী সুমন দাসৰ নাগাৰা নাম পৰিৱেশন কৰাৰ লগতে সন্ধিয়া চৌতালী নাম প্ৰদৰ্শন কৰা হয়। পূজাৰ অন্তিম দিনাৰ কাৰ্যসূচীত নাম-প্ৰসংগৰ উপৰি সন্ধিয়া দৰং জিলাৰ ইতিহাস বর্ণিত লোককৃষ্টি ভূঞাখাট খুলীয়া ভাউৰীয়াৰ দ্বাৰা নাট প্ৰদৰ্শন কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা ঐতিহাসিক ধোপৰতল শ্ৰীশ্ৰী গোপাল থানৰ পূজাৰ প্ৰতিটো দিনৰ সন্ধিয়া ভাস্কর্য শিল্পী দামোদৰ কলিতাৰ দ্বাৰা বুঢ়ী আইৰ সাধু, কালীয় দমন আৰু মহাদেৱক কাৰিকৰী কৌশলেৰে জীৱন্ত ৰূপত ৰাইজৰ মাজত উপস্থাপন কৰি প্ৰদৰ্শন কৰিব। 

তিনিদিনীয়াকৈ আয়োজন কৰা বার্ষিক উৎসৱ পৰিচালনা সমিতিৰ সভাপতি দীপক ৰয় আৰু সাধাৰণ সম্পাদক মিলন শইকীয়াই প্রতিটো কাৰ্যসূচীত ৰাইজৰ সহযোগিতা কামনা কৰিছে। কালিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ধর্মীয় শোভাযাত্রা আনুষ্ঠানিকভাৱে মুকলি কৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই। কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়ই উৎসৱত অংশগ্ৰহণ কৰি পকা কলৰ থোক আগবঢ়োৱাৰ লগতে গোপাল থানৰ আশীৰ্বাদ গ্রহণ কৰে।

Share This