‘দুৰ্গা মা’ ধ্বনিৰে মুখৰ মহানগৰ

Kakali Deka October 25, 2023

ডিজিটেল ডেস্কঃ পাঁচদিনীয়া দুৰ্গোৎসৱৰ অন্তত  বিজয়া দশমীৰ দিনটোত দেৱীক বিস¸ৰ্জন দিয়া হয়৷ পূজাৰ প্ৰতিটো দিনতে মহানগৰৰ বিভিন্ন ঠাইত আটকধুনীয়াকৈ ব্যতিক্ৰমী আলোকসজ্জ্বাৰে সজাই তোলা প্ৰতিটো পূজা মণ্ডপত দুপৰনিশালৈকে ভক্তৰ ভিৰ পৰিলক্ষিত  হ’ল৷ কিন্তু ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক দশমীত অশ্ৰুশিক্ত নয়নেৰে বিদায় জনোৱা হয়৷ শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাহৰ মাজতে হঠাৎ বিজয়া দশমীৰ দিনা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়াৰ পাছত এতিয়া ম্লান পৰিল দুৰ্গা পূজাৰ উৎসৱমুখৰ পৰিৱেশ৷  

লোকাৰণ্য হৈ থকা পূজা পেণ্ডেলসমূহ নিতাল-নিস্তব্ধ হৈ পৰিল৷ বিগত চাৰিটা দিনত পূজা মণ্ডপসমূহ ঢাক-ঢোল, শংখ-ঘণ্টা, মন্ত্ৰোচ্ছাৰণ, মংগলধ্বনিৰে মুখৰিত হৈ আছিল৷ কিন্তু বিজয়া দশমীৰ পাছত সেই প্ৰাণোচ্ছল পৰিৱেশ নিজম হৈ পৰিল৷ পুৱাৰ ভাগতো দেৱীৰ চৰণত সেৱা জনাবলৈ, দেৱীৰ শেষ দৰ্শন লাভ কৰিবৰ বাবে অসংখ্য ভক্তই আহি মহানগৰৰ পূজা মণ্ডপসমূহত ভিৰ কৰা পৰিলক্ষিত হ’ল৷ দেৱীক শেষবাৰৰ বাবে দৰ্শন কৰিবলৈ আহি একাংশ  ভক্ত শোকত ভাগি পৰিল৷ ফলত আজি পূজাস্থলীসমূহত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ প্ৰত্যেক পূজা সমিতিয়ে নীতি-নিয়ম অনুসৰি দেৱীক শেষবাৰৰ কাৰণে পূজা-অৰ্চনা কৰি বিসৰ্জনৰ বাবে সাজু কৰে৷ আজি  দুপৰীয়াৰ ভাগৰে পৰা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ঘাটসমূহলৈ বিভিন্ন পূজা সমিতিয়ে তেওঁলোকৰ প্ৰতিমাসমূহ কঢ়িয়াই নিয়া পৰিলক্ষিত হয়৷ ঢাক-ঢোল, তাল-শংখ আৰু যন্ত্ৰসংগীত বজাই ভক্তসকলে দেৱীক ঘাটলৈ নিয়ে৷

ভক্তসকলে দিয়া দেৱী মাৰ ধবনিৰে আজি মহানগৰৰ আকাশ-বতাহ মুখৰিত হৈ পৰে৷ ঘাটলৈ দেৱীক কঢ়িয়াই নিয়া নান্দনিক দৃশ্য উপভোগ কৰিবৰ বাবেও সহস্ৰাধিক ভক্ত তথা  দৰ্শকে পদপথত ভিৰ কৰেহি৷ ইফালে ঘাটসমূহতো  জিলা প্ৰশাসনৰ তৎপৰতাত দেৱীক বিসৰ্জন দিয়া হয়৷ দেৱীক বিসৰ্জন দিবৰ বাবে সুন্দৰভাৱে সজাই তোলা প্ৰতিটো ঘাটতে দেৱী বিসৰ্জনৰ দৃশ্য উপভোগ কৰিবলৈও যথেষ্টসংখ্যক লোকে ভিৰ কৰে৷ উল্লেখযোগ্য যে দুৰ্গোৎসৱৰ বিজয়া দশমীৰ দিনা  কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ঘাটত প্ৰতিমা  বিসৰ্জন দিবৰ বাবে মহানগৰৰ যান-বাহন আৰক্ষী সম্পূৰ্ণ সস্তম হৈ থাকে৷ ফাঁচিবজাৰৰ কাছমাৰী, পাণ্ডু ঘাট, সাওকুছি, নুনমাটিৰ চূণচালি আৰু বশিষ্ঠ ঘাটলৈ যাবলৈ প্ৰতিমা লৈ যোৱা বাহনৰ বাবে জাৰি কৰা নীতি-নিৰ্দেশনা  পূজা সমিতিসমূহেও মানি চলাত ৰাজপথত কোনোধৰণৰ বিশৃংখল পৰিৱেশৰ সৃষ্টি নহ’ল৷ মুঠৰ ওপৰত শক্তিদায়িনী, মহিষমৰ্দিনী দেৱী দুৰ্গাক নিয়ম অনুসৰি পূজা-অৰ্চনা কৰাৰ পাছত নীতি-নিয়ম অনুসৰি  শান্তিপূৰ্ণভাৱেই ভক্তসকলে বিদায় দিলে৷

Share This