জুবিন গাৰ্গে মুকলি কৰিলে যতীন বৰাৰ ‘ৰাঘৱ’ৰ টিজাৰ

Ankita Sonowal August 04, 2023

ডিজিটেল ডেস্কঃ দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত মুকলি হ’ল মুক্তিৰ পূৰ্বেই দৰ্শকৰ মাজত বিশেষ চৰ্চা লাভ কৰা অসমবাসীৰ বহু প্ৰত্যাশিত, বহু আকাংক্ষিত অসমীয়া চলচ্ছিত্ৰ যতীন বৰাৰ ‘ৰাঘৱ’ৰ প্ৰথমটো টিজাৰ৷ জে বি প্ৰডাকশ্যনৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্ছিত্ৰ ‘ৰাঘৱ’ৰ প্ৰথমটো টিজাৰ মুকলি কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰিলে যতীন বৰাই৷ যোৱা মঙলবাৰে গুৱাহাটীৰ পল্টন বজাৰস্থিত ‘অসম ৰাজ্যিক পৰিবহণ নিগম’ৰ বাছ আস্থানৰ চৌহদত আয়োজিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত টিজাৰটি আনুষ্ঠানিকভাৱে মুকলি কৰে ছবিখনৰ সংগীত পৰিচালকৰ দায়িত্বত থকা জুবিন গাৰ্গে৷ ভাষণত তেওঁ কয় যে ‘মিছন চাইনা’ৰ পৰা জ্বলা জুই জ্বলি আছে ‘ৰাঘৱ’লৈ... আমি জ্বলাই থাকিম আৰু আপোনালোকে জ্বলক আমাৰ সৈতে৷ টিজাৰ মুকলিৰ লগে লগে উপস্থিত থকা বহু লোকে টিজাৰৰ তালে তালে নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো উৎসৱমুখৰ আৰু আকৰ্ষণীয় কৰি তোলে৷ সম্প্ৰতি সামাজিক মাধ্যমত টিজাৰটোৱে দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে, লগতে উচ্ছ প্ৰশংসিতও হৈছে ৷ বিশাল পৰিসৰত নিৰ্মাণ কৰা ছবিখনত ড্ৰাইভাৰৰ ৰূপত ভুমুকি মৰা অৰ্ধ-শতাধিক অসমীয়া ছবিৰ জনপ্ৰিয় নায়ক যতীন বৰাই ভাষণত কয় যে ‘ৰাঘৱ’ চালে চালক এগৰাকীয়ে নিজক দেখিব৷ আপোনালোকক আগবঢ়াই লৈ যোৱাত ‘ৰাঘৱে’ সহায় কৰিব৷ যতীন বৰাই কৰা এই মন্তব্যই অনুষ্ঠানটোত উপস্থিত থকা চালকসকলক দুগুণে উৎসাহিত কৰি তোলা পৰিলক্ষিত হ’ল৷  অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ছবিখনৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা অসমৰ যশস্বী অভিনেত্ৰী মৃদুলা বৰুৱাই৷ শশাংক সমীৰে আঁত ধৰা এই মনোমোহা অনুষ্ঠানটোত জুবিন গাৰ্গ, মৃদুলা বৰুৱা, যতীন বৰাকে ধৰি উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ, শ্যামকানু মহন্ত, ছবিখনৰ প্ৰযোজিকা নৱনীতা শৰ্মা বৰা, ছবিখনৰ কাহিনীযচিত্ৰনাট্যকাৰ অভিজিত ভট্টাচাৰ্য, ‘ৰাঘৱ’ৰ সমূহ কলা-কুশলী, অসমীয়া চলচ্ছিত্ৰ ক্ষেত্ৰৰ কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী, কলা-কুশলী, বহুসংখ্যক অট’ চালক, বাছ চালক, ট্ৰাক চালক প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি৷ ‘ৰত্নাকৰ’ৰ অকল্পনীয় সাফল্যৰ পাছত জে বি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত তথা ছুপাৰষ্টাৰ যতীন বৰা অভিনীত, পৰিচালিত দ্বিতীয়খন বিগ বাজেটৰ ছবি ‘ৰাঘৱ’ৰ প্ৰযোজনা যতীন বৰা আৰু নৱনীতা শৰ্মা বৰাৰ৷ দুখ-কষ্ট আৰু দুৰ্ভাগ্যৰে যুঁজি জীৱন সংগ্ৰামৰ এক নতুন অধ্যায় লিখা এজন যুৱকৰ প্ৰেম, বিৰহ, মৰম, ঘৃণা, ৰোমাঞ্চ, একশ্যনৰ আধাৰত সম্পূৰ্ণ ব্যৱসায়িক গণ্ডিত নিৰ্মিত ছবিখনৰ কাহিনী, চিত্ৰনাট্য অভিজিত ভট্টাচাৰ্যৰ৷ গুৱাহাটী, মেঘালয়, যোৰহাট আৰু হায়দৰাবাদৰ ৰামুজী ফিল্ম চিটি ষ্টুডিঅ’ৰ মনোমোহা লোকেশ্যনত দৃশ্যগ্ৰহণ কৰা ‘ৰাঘৱ’ৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰী[ধন]য়ে৷ প্ৰতিম খাউণ্ড [ৰাজা]ৰ সম্পাদনাৰে নিৰ্মিত ছবিখনৰ আৱহ সংগীত অজয় সিন্‌হাৰ৷ দক্ষিণ ভাৰতৰ বিখ্যাত একশ্যন ডাইৰেক্টৰ ৰাজেশ কন্ননৰ ১৬জনীয়া একশ্যন টীমৰ দ্বাৰা পৰিচালিত ছবিখনত বহুকেইটা শিহৰণকাৰী একশ্যনৰ দৃশ্য দেখিবলৈ পোৱা যাব৷ ছবিখনৰ ছাউণ্ড ডিজাইন কৰিছে মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমে৷ সম্প্ৰতি মুম্বাইত এই সকলো কাম পূৰ্ণগতিত চলি আছে৷ উল্লেখ্য যে পোনপ্ৰথমবাৰৰ বাবে অসমৰ ছবিত অত্যাধুনিক ফেণ্টম কেমেৰা ব্যৱহাৰ কৰা হৈছে৷ তিনিটা গীত সন্নিৱিষ্ট ছবিখনৰ গীতসমূহ লিখিছে জুবিন গাৰ্গ, দিগন্ত ভাৰতী আৰু ৰাহুল গৌতম শৰ্মাই৷ গীতসমূহত কণ্ঠ নিগৰাইছে জুবিন গাৰ্গ, শান্তা উজিৰ, বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মহালক্ষ্মী আয়াৰ, জুবলী আৰু প্ৰবীণ বৰাই৷ গীতসমূহ কৰিঅ’গ্ৰাফী কৰিছে দীপক দে’ আৰু পংকজ ইংতিয়ে৷ উল্লেখ্য যে ছবিখনৰ ‘চিলমিল টোপনিতে’ শীৰ্ষক এটি ৰোমাণ্টিক গীত কাশ্মীৰ আৰু লাডাখৰ মনোমোহা লোকেশ্যনত দৃশ্যগ্ৰহণ কৰা হৈছে৷ লগতে বিশ্বকৰ্মা পূজাক লৈ ‘চাৰি চকা ঘূৰিলেহে’ শীৰ্ষক আন এটি ব্যয়বহুল গীত নিৰ্মাণ কৰা হৈছে, যিটো অসম তথা সৰ্বভাৰতীয় চিনেমাত বিশ্বকৰ্মা পূজাক লৈ কৰা এনেধৰণৰ গীত প্ৰথম সৃষ্টি হৈছে, য’ত ড্ৰাইভাৰসকলৰ জীৱন সংগ্ৰামৰ সকলো কথা প্ৰকাশ পাইছে৷ ইতিপূৰ্বেই মুক্তি পোৱা ‘মা’ শীৰ্ষক গীতটিয়েও দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে৷ মৃদুলা বৰুৱা, যতীন বৰাৰ উপৰি ছবিখনত অভিনয় কৰিছে নিশিতা গোস্বামী, হিৰণ্য ডেকা, মন্মথ বৰুৱা, বিভূতিভূষণ হাজৰিকা, চিন্ময় কটকী, পৱিত্ৰ বৰুৱা, বিভাস সিন্‌হা, ৰাজীৱ ৰাজনীশ, ডাঃ জয়ন্ত দাস, ডাঃ চিন্ময় চক্ৰৱৰ্তী, মিতালী বৈশ্য, অন্তৰীক্ষ চহৰীয়া, পংকজ বৰা, অৱতোষ ভূঞা, ৰূপম চক্ৰৱৰ্তী, মানস শৰ্মা, দ্বিজেন লহকৰ, বংকিম শইকীয়া, জ্যোতিষ্মান কাশ্যপ, চন্দন চৌধুৰী, প্ৰিয়াংকু বৰুৱা, নৱাগত অভিনেতা-অভিনেত্ৰীদ্বয় জীৱিতেশ মজুমদাৰ, চুমি বৰা, শিশুশিল্পী নভম আশিস¸ গোস্বামী, মনীষ ভূঞা, প্ৰিয়াংক জ্যোতি কলিতাৰ লগতে বহুকেইগৰাকী ন-পুৰণি শিল্পীয়ে৷ কোনো ক্ষেত্ৰতে কোনোধৰণৰ আপোচ নকৰাকৈ উন্নত মানবিশিষ্ট ছবি এখন নিৰ্মাণ কৰি দৰ্শকক উপহাৰ দিয়াৰ সংকল্পৰে নিৰ্মিত ছবিখন চলিত ২০২৩ বৰ্ষৰ ২৭ অক্টোবৰ তাৰিখে মুক্তি দিয়া হ’ব বুলি প্ৰযোজক যতীন বৰা আৰু প্ৰযোজিকা নৱনীতা শৰ্মা বৰাই জানিবলৈ দিয়ে৷

অপূৰ্ব তালুকদাৰ

Share This