পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’ল সেন্দূৰৰ খেল

Kakali Deka October 25, 2023

 ডিজিটেল ডেস্কঃদুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনটোত দেৱীৰ মূৰ্তি বিসৰ্জন দিয়াৰ পূৰ্বে দুৰ্গা পূজা উৎসৱত সেন্দূৰ খেলাৰ ৰীতি-নীতি পালন কৰা হয়৷ সেয়ে পৰম্পৰা ৰক্ষা কৰি  দশমীত বিভিন্ন পূজা মণ্ডপত পুৱাৰে পৰা আৰম্ভ হয় সেন্দূৰৰ খেল৷ হিন্দু ৰীতি অনুসৰি বিবাহিত মহিলাসকলে দেৱী দুৰ্গাক স্বামীৰ দীৰ্ঘ জীৱনৰ বাবে প্ৰাৰ্থনা কৰি সেন্দূৰ লয়৷ দেৱী দুৰ্গাক পুৱা উপাসনা কৰি মহিলাসকলে  প্ৰথমতে  হাতেৰে পাণ ব্যৱহাৰ কৰি দেৱীৰ মূৰ্তিটোত সেন্দূৰ লগায়৷

ইয়াৰ পাছত তেওঁলোকে ইজনে সিজনৰ ওপৰত সেন্দূৰ লগোৱা পৰ্ব আৰম্ভ কৰে আৰু নৃত্য প্ৰদৰ্শন কৰি দেৱী দুৰ্গাক বিদায় দিয়ে৷ উল্লেখযোগ্য যে সেন্দূৰক ব্ৰহ্মাৰ প্ৰতীক বুলি ভবা হয় আৰু ব্ৰহ্মাই জীৱনৰ সমস্ত কষ্ট দূৰ কৰি আনন্দৰে ভৰাই ৰাখে বুলি প্ৰচলিত মত আছে৷ কপালত ব্ৰহ্মাই অধিষ্ঠান কৰে বুলিয়ে ধাৰণা কৰা হয়৷ তেওঁক সন্তুষ্ট ৰাখিবলৈ কপালত ৰঙা সেন্দূৰ পৰিধান কৰা হয়৷ সেইবাবে দশমীৰ দিনা হিন্দু শাস্ত্ৰ অনুসৰি দেৱী বৰণৰ পাছত সেন্দূৰ খেলাৰ আনন্দত মতলীয়া হয় মহিলাসকল৷ এই নিয়মক সৌভাগ্যৰ প্ৰতীক বুলি কোৱা হয়৷

Share This