ডিজিটেল ডেস্ক : ভাৰতীয় ৰে'লৱেই গুৱাহাটী আৰু কলকাতাৰ মাজত শীঘ্ৰেই বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ চলাচল কৰাবলৈ সাজু হৈছে। দীর্ঘদূৰত্বৰ নৈশ ৰে'লযাত্ৰাত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে পৰিগণিত হোৱা এই এক্সপ্ৰেছৰ চলাচলে উত্তৰ-পূৰ্বাঞ্চল আৰু পূৰ্ব ভাৰতৰ মাজত ৰে'ল সংযোগ অধিক শক্তিশালী কৰি তুলিব। ৰে'লৱে কর্তৃপক্ষই এই সন্দৰ্ভত এক বিবৃতিযোগে জানিবলৈ দিয়া অনুসৰি নিউ জেনেৰেশ্যনৰ এই ৰে'লখন মুঠ ৮২৩জন যাত্রী ক্ষমতাৰে ১৬টা দবাৰ ৰেকৰ সৈতে চলাচল কৰিব। ৰে'লখনৰ গঠনত ১১টা এ চি৩-টায়াৰ দবা, ৪টা এ চি ২-টায়াৰ দবা আৰু ১টা প্রথম এ চি দবা অন্তর্ভুক্ত থাকিব, যিয়ে বিভিন্ন শ্ৰেণীৰ যাত্ৰীৰ বাবে আৰামদায়ক যাত্ৰাৰ বিকল্প প্রদান কৰিব। যাত্রীকেন্দ্রিক দৃষ্টিভংগীৰে ডিজাইন কৰা বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৰে'লখন যাত্ৰীৰ বাবে আৰামদায়ক ডিজাইন কৰা কুশনযুক্ত বার্থ, উন্নত চাচপেনচন ছিষ্টেমৰ সৈতে আৰামদায়ক ভ্রমণ, শব্দ হ্রাস প্রযুক্তি, ভেষ্টিবিউলৰ সৈতে স্বয়ংক্রিয় দুৱাৰ আৰু আধুনিক যাত্রী তথ্য প্রণালী উপলব্ধ থাকিব।
দিব্যাংগ যাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা, সমসাময়িক শৌচাগাৰ আৰু উন্নত জীৱাণুনাশক প্রযুক্তিয়ে স্বাস্থ্যসন্মত আৰু আৰামদায়ক ভ্রমণ আৰু অধিক উন্নত কৰি তুলিব। বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছৰ সুৰক্ষা হৈছে এক বিশেষ বৈশিষ্ট্য। এই ৰে'লখনত স্বয়ংক্রিয় ৰে'ল কৱচেৰে সজ্জিত সুৰক্ষা ব্যৱস্থা, জৰুৰীকালীন যাত্রী টক-বেক ইউনিট আৰু উন্নত নিয়ন্ত্ৰণৰ সৈতে অত্যাধুনিক ড্ৰাইভাৰ কেবৰ সৈতে সজ্জিত হ'ব। ইয়াৰ সুগম বায়ু চলাচলৰ বহির্ভাগ আৰু শোধিত অভ্যন্তৰীণ অংশই স্বদেশী ৰে'ল ইঞ্জিনিয়াৰিং আৰু ডিজাইনৰ শেহতীয়া সফলতাকেই প্ৰদৰ্শন কৰিছে।
এই সেৱাৰ প্ৰৱৰ্তনে অসম আৰু পশ্চিমবংগৰ মাজত ৰে'ল সংযোগক যথেষ্ট সমৃদ্ধ কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ দ্বাৰা বিশেষভাৱে উপকৃত জিলাসমূহৰ ভিতৰত অসমৰ কামৰূপ মেট্র'পলিটান, বঙাইগাঁও আৰু পশ্চিমবংগৰ কোচবিহাৰ, জলপাইগুড়ি, মালদহ, মুর্শিদাবাদ, পূর্ব বর্ধমান, হুগলী আৰু হাওড়া অন্তর্ভুক্ত থাকিব। এই সেৱাই আঞ্চলিক গতিশীলতাক সঁহাৰি জনোৱাৰ লগতে বাণিজ্য, পর্যটন আৰু আর্থসামাজিক বিকাশক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। আনহাতে, মুকলিৰ পূৰ্বে গুৱাহাটীৰ কামাখ্যা ষ্টেছনত ৰখা হৈছে ৰে'লখন।