ডিজিটেল ডেস্ক: পৰিৱৰ্তন কেতিয়াবা ইমান দ্রুতগতিত হয় যে পৰিৱৰ্তন কৰাসকলকো পিছ পেলাই থৈ যায়। সেয়েহে পৰিৱৰ্তনশীল পৃথিৱীৰ সৈতে নিজকে সাজু কৰি তুলিব লাগিব শিক্ষার্থীসকলে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান এয়া।
মুখ্যমন্ত্রী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক ড° শৰ্মাই কালি চাংসাৰি খেলপথাৰত আয়োজিত এখন বিশাল ৰাজহুৱা সভাত ২০২৫ বর্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হোৱা বেজেৰা আৰু শুৱালকুছিৰ ১,৫৩৪গৰাকী মেধাৱী ছাত্ৰ-ছাত্রীক সম্বর্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে তেওঁ ২০০১ চনত জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে নির্বাচিত হোৱাৰ পৰা বিগত ২৪টা বছৰ নিৰৱচ্ছিন্নভাৱে সমষ্টিটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফল প্রদর্শন কৰা মেধাৱী শিক্ষার্থীসকলক সম্বর্ধনা জনাই আহিছে। ২০০২ চনত এই সম্বর্ধনা লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা আছিল মাত্র ২৮৮গৰাকী আৰু এইবাৰ মুঠ ২,১১৬গৰাকী শিক্ষার্থীক সম্বর্ধনা জনোৱা হৈছে। শিক্ষার্থীসকলক পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাই অগ্ৰসৰ হ'বলৈ পৰামৰ্শ আগবঢ়াই মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে সমাজ পৰিৱৰ্তনশীল। মানুহৰ দ্বাৰাই সমাজৰ পৰিৱৰ্তন হয়। কিন্তু এই পৰিৱৰ্তন কেতিয়াবা ইমান দ্রুতগতিত হয় যে পৰিৱৰ্তন কৰাসকলকো পিছ পেলাই থৈ যায়।
তেওঁ কয় যে চিকিৎসা বিজ্ঞানৰ সহায়ত মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে। আজিৰ শিক্ষার্থীসকলৰ গড় আয়ুস ৯০ বছৰ পৰ্যন্ত হ'বগৈ। গতিকে তেওঁলোকে জীৱনত বহু পৰিৱৰ্তন দেখিবলৈ পাব আৰু ইয়াৰ বাবে নিজকে সাজু কৰিব লাগিব। বিভিন্ন ক্ষেত্রত হোৱা দ্রুত পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ১৯৮২ চনত দিল্লীত এছিয়ান গেমছ হোৱাৰ সময়ত ভাৰতলৈ প্ৰথম টেলিভিছন আহিছিল। সেয়া আছিল ক'লা-বগা টিভি। লাহে লাহে ৰঙীন টিভি আহিল আৰু তাৰ পাছত টিভিৰ বিকল্প হিচাপে মানুহৰ হাতে হাতে ম'বাইল ফ'ন হ'ল। এতিয়া ম'বাইল ফ'নটোও স্মার্ট ফ'ন হ'ল। তেওঁ কয় যে এসময়ত মানুহে টাইপ ৰাইটাৰত লিখিছিল। তাৰ পাছত ইলেকট্রনিক টাইপ ৰাইটাৰ আহিল। পৰৱৰ্তী সময়ত ক্রমে ডাঙৰ ডাঙৰ বাকচ-সদৃশ কম্পিউটাৰ আৰু লেপটপ আহিল। এতিয়া কৃত্রিম বুদ্ধিমত্তাই সকলো গ্রাস কৰি পেলাইছে বুলি মন্তব্য কৰি তেওঁ কয় যে ছফটৱেৰৰ দিন উকলিল। ছ'চিয়েল মিডিয়াতো এতিয়া আমি যি চাব খোজোঁ সেয়া নেদেখোঁ। আমাক যি দেখুৱাব খোজা হয় সেয়াহে দেখোঁ। যাক এলগ'ৰিথিম বুলি কোৱা হয়। মানুহে কি চাব, কেতিয়া চাব সকলো মেচিনে নিয়ন্ত্ৰণ কৰে। মানুহৰ খাদ্যলৈ অহা দ্রুত পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এতিয়া পৰীক্ষাগাৰত মানুহৰ প্ৰয়োজন অনুসৰি খাদ্য প্ৰস্তুত কৰা হয়। বায়' ইঞ্জিনীয়াৰিঙৰ জৰিয়তে প্রস্তুত কৰা খাদ্য এতিয়া বজাৰত উপলব্ধ হৈছে। মাটিত হোৱা ধানৰ চাউলৰ সলনি পৰীক্ষাগাৰত কৃত্রিমভাৱে প্ৰস্তুত কৰা চাউলৰ ভাত এতিয়া মানুহে খাবলৈ আৰম্ভ কৰিছে। তেওঁ কয় যে আগতে বেমাৰ হ'লে চিকিৎসা কৰিছিল। তাৰ পাছত আহিল বেমাৰ প্ৰতিৰোধৰ ধাৰণা। এতিয়া আহিছে জেনেটিক অনুসন্ধান ব্যৱস্থা। দহ বছৰ পাছত হ'বলগীয়া বেমাৰৰ বিষয়ে আগতীয়াকৈ জানি লৈ মানুহে প্ৰতিৰোধৰ ব্যৱস্থা ল'ব পৰা হৈছে। লাহে লাহে শিশু অৱস্থাতে এজন লোকৰ জীৱনকালত হ'ব পৰা বেমাৰৰ বিষয়ে জানিব পৰা যাব আৰু সেই অনুসৰি বিভিন্ন উপায়েৰে সেই বেমাৰ নোহোৱা কৰিব পৰা যাব। আনহাতে, চিকিৎসা পদ্ধতিলৈও প্রযুক্তিয়ে অভাৱনীয় পৰিৱৰ্তন আনিছে। আগতে চিকিৎসকে শৰীৰ ফালি অস্ত্রোপচাৰ কৰিছিল। তাৰ পাছত শৰীৰত এটা ফুটাৰ দ্বাৰা কেমেৰা সোমোৱাই দি অস্ত্রোপচাৰ কৰা হ'ল। এতিয়া বহু ক্ষেত্ৰত ৰবটে অস্ত্রোপচাৰ কৰে আৰু চিকিৎসকে আঁতৰৰ পৰা নির্দেশনা দি থাকে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো এনেদৰে ৰবটৰ জৰিয়তে অস্ত্রোপচাৰ কৰা হৈছে। এনে সময়ো আহিব যেতিয়া চিকিৎসকে বহু দূৰত থকা ৰোগীৰো অস্ত্রোপচাৰ কৰিবলৈ সক্ষম হ'ব। আগমেন্টেড ৰিয়েলিটী আৰু ভার্চুৱেল ৰিয়েলিটীৰ দৰে প্রযুক্তি অধিক শক্তিশালী হ'লে দূৰত থকা মানুহকো ওচৰত থকা যেন লাগিব। এনে প্রযুক্তিৰ জৰিয়তে শ্রেণীকোঠাত শিক্ষক অবিহনেও পাঠদান সম্ভৱ হ'ব। ছেন্সৰ প্ৰযুক্তিৰ সহায়ত টেছলা কোম্পানীয়ে চালক অবিহনে চলাব পৰা গাড়ী নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ১০-১৫ বছৰ পাছত আজিৰ দৰে চিকিৎসক, অভিযন্তা, শিক্ষক অবিহনেও বহু কাম সম্ভৱ হৈ উঠিব। কৃত্রিম বুদ্ধিমত্তা, মেচিন লার্নিং আদিৰ জৰিয়তে হোৱা কল্পনাতীত এই পৰিৱৰ্তন কেৱল ১ শতাংশহে আৰু ৯৯ শতাংশ পৰিৱৰ্তন হ'বলৈ এতিয়াও বাকী থকা বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শর্মাই শিক্ষার্থীসকলক পৰিৱৰ্তনশীল পৃথিৱীৰ সৈতে আগবাঢ়ি যোৱাৰ বাবে নিজকে সাজু আৰু সজাগ কৰিবলৈ আহ্বান জনায়।
তেওঁ শিক্ষার্থীসকলক উদ্দেশ্যি কয় যে পাঠ্যক্রমত পঢ়াখিনিয়ে যথেষ্ট নহয়। পৰিৱৰ্তিত পৃথিৱীত ভৱিষ্যতে কেনেধৰণৰ মানৱ সম্পদৰ প্ৰয়োজন হ'ব তেনেধৰণে শিক্ষার্থীসকলে নিজক প্রস্তুত কৰিব লাগিব। নিজকে পৰিৱৰ্তনৰ সৈতে সমানে আগবঢ়াই নিব লাগিব। চতুর্থ প্রজন্মৰ ঔদ্যোগিক নৱজাগৰণৰ সৈতে খাপ খুৱাই ল'ব পৰাকৈ অধ্যয়নৰ বিষয় বাছনি কৰিবলৈ শিক্ষার্থীসকলক আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰেও পৰিৱৰ্তনৰ সৈতে আগবাঢ়িবলৈ চেষ্টা কৰিছে। অসমৰ আই টি আইসমূহত পূৰ্বৰ পৰম্পৰাগত পাঠ্যক্ৰমৰ পৰিৱৰ্তে এ আই, এ আৰ, ভি আৰ, মেচিন লার্নিং আদি নিয়োগৰ সুযোগ সৃষ্টি কৰিব পৰা বিষয় অন্তর্ভুক্ত কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৫০০ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক প্র'টন থেৰাপি মেচিন অনাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে। সৌৰশক্তি সূৰ্যৰ পোহৰতহে ব্যৱহাৰ কৰিব পৰা যায়, গতিকে চৰকাৰে দিনত আহৰণ কৰা সৌৰশক্তিক পাম্প ষ্ট'ৰেজৰ সহায়ত অধিক চাহিদাৰ সময়ত গ্রীডলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা লৈছে। মুখ্যমন্ত্রীয়ে শিক্ষার্থীসকলক কয় যে আন শিক্ষার্থীতকৈ মেধা বেছি বাবে তেওঁলোকক সম্বর্ধনা জনোৱা হৈছে আৰু সেয়ে তেওঁলোকৰ দায়িত্বও বেছি হ'ব।
ভাষণৰ অন্তত তেওঁ কৃতী শিক্ষার্থীসকলক প্রদান কৰা অভিনন্দন-পত্ৰখন পাঠ কৰে। অনুষ্ঠানত কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্র, বিশিষ্ট সমাজকর্মী ৰিণিকি ভূঞা শর্মা, বিশিষ্ট সংগীত শিল্পী পুলক বেনাৰ্জী, কেৰিয়াৰ পৰামৰ্শদাতা ড° গৌৰাংগ শৰ্মা, সমাজকর্মী ভাস্কৰ জ্যোতি কলিতা প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ।