অকণিৰ ধাৰাপাতত প্রচলন হৈ আছে ১০০০ টকীয়া ন'ট

dainik janambhumi April 25, 2025

ডিজিটেল ডেস্ক : 'সৰল অকণিৰ ধাৰাপাত' এনে এখন কিতাপ যিখন কিতাপ হয়তো নেদেখা অথবা প্রাথমিক শিক্ষাত ব্যৱহাৰ নকৰা লোক বহুত নগণ্য। নেওতা, জোখ-মাপ আদিকে ধৰি দৈনন্দিন ব্যৱহাৰত প্ৰয়োজনীয় অংক তথা হিচাপৰ জ্ঞান অসম কোম্পানী নাজিৰা টাউন প্রাইমেৰী স্কুলৰ প্রাক্তন প্রধান শিক্ষক জীৱেশ্বৰ বৰুৱাই লিখা এই কিতাপখনৰ পৰা লাভ কৰা যায়। যাৰ বাবে দশকৰ পাছত দশক ধৰি চৰকাৰী শিক্ষাৰ পাঠ্যসূচীৰ আমূল পৰিৱৰ্তনৰ পাছতো 'সৰল অকণিৰ ধাৰাপাত' এতিয়াও প্রাথমিক শিক্ষাৰ এক অংশ হৈ আছে। 

প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ এতিয়াও চৰকাৰী বিদ্যালয়ত এইখন কিতাপৰ গুৰুত্ব আছে। কিন্তু কিতাপখনৰ প্রকাশকে কিতাপখনৰ পুনৰ প্ৰকাশক লৈ যথাযথ গুৰুত্ব আৰু দায়িত্ব সচেতনতাৰে পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে। কিয়নো ২০২৪ চনত দ্বাদশ সংস্কৰণ প্ৰকাশ পোৱা এইখন কিতাপত 'আমাৰ দেশত প্রচলিত দশমিক মুদ্রা আৰু নোটবোৰ' শিতানত ছবি সহকাৰে প্ৰকাশ কৰা হৈছে পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোটৰ প্ৰচলন। আমি সকলোৱে জানো যে ২০১৬ চনতেই ৫০০ টকীয়া আৰু ১০০০ টকীয়া নোট বন্ধ কৰি দিয়া হৈছিল। পৰৱৰ্তী সময়ত ১০০০ টকীয়া নোট সম্পূর্ণ বন্ধ কৰি ভাৰতীয় ৰিজার্ভ বেংকে নতুন ৫০০ আৰু ২০০০ টকীয়া নোটৰ প্ৰচলন কৰিছিল। 

২০২৩ চনত পুনৰ ২০০০ টকীয়া নোট বন্ধ কৰি দিয়া হয়। কিন্তু চৰকাৰী শিক্ষা খণ্ডৰ প্ৰাথমিক স্তৰত বহুলভাৱে প্রচলিত এই কিতাপখনত এতিয়াও ইতিমধ্যে প্রচলন বন্ধ হোৱা নোটৰ বিৱৰণ আৰু ছবি প্ৰকাশ কৰাৰ ফলত কণ কণ ছাত্র-ছাত্ৰীৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা প্রকট কৰিছে সচেতন মহলে। কিয়নো প্রাথমিক স্তৰত লাভ কৰা শিক্ষাই এক স্থায়ী মাত্রা লাভ কৰে। উক্ত শিতানত দশমিক মুদ্ৰাৰ পৰিচয়ত ১,২,৩,৫ আৰু ২৫ পইচাৰ মুদ্ৰাৰ প্ৰচলন বন্ধ হোৱা বুলি যিদৰে উল্লেখ কৰিছে ঠিক সেইদৰে ইতিমধ্যে আমাৰ দেশত প্রচলন বন্ধ হৈ পৰা ৫০০ আৰু ১০০০ টকীয়া নোটৰ সলনি নতুন ৫০০ টকীয়া আৰু ২০০ টকীয়া নোটৰ উল্লেখসহ ছবি নতুন সংস্কৰণত দিয়া উচিত আছিল বুলি শৈক্ষিক সমাজে মত প্রকাশ কৰিছে। তেতিয়াহে প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শুদ্ধ শিক্ষা লাভ কৰাৰ লগতে ভাৰতীয় মুদ্রা বিষয়ত প্রকৃত জ্ঞান লাভ কৰিব পাৰিলে হয় বুলিও একাংশই মন্তব্য কৰি আগন্তুক সংস্কৰণত এই ভুল শুধৰণি কৰিবলৈ আহ্বান জনাইছে।

Share This