ডিজিটেল ডেস্ক: পোনপ্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি অসমত উৎপাদিত আদা। কার্বি আংলঙত উৎপাদিত ১.২ মেট্রিক টন আদা ৰপ্তানি কৰা হয় লণ্ডনলৈ। এপেডাৰৰ আৰু অভিভাৱক সমাজক। এছ চি ই আৰ টিয়ে নিজে প্রস্তুত কৰা শৈক্ষিক দিনপঞ্জীৰ সূচী ৰক্ষা কৰিব নোৱাৰাত ক্ষোভত ফাটি পৰা শিক্ষক সমাজে শৈক্ষিক দিনপঞ্জী দাহ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সাজু হৈছে।
উল্লেখযোগ্য যে এছ চি ই আৰ টিয়ে শৈক্ষিক বৰ্ষৰ বাবে এখন দিনপঞ্জী প্রস্তুত কৰে আৰু এই দিনপঞ্জী অনুসৰি শিক্ষাদান, পৰীক্ষা আদি অনুষ্ঠিত হয়। দিনপঞ্জী অনুসৰি ১০ মাৰ্চৰ পৰা ১৮ মার্চলৈ শিক্ষার্থীৰ মান নিৰূপণৰ দিন ৰূপে নিৰ্ধাৰিত হৈ আছে। এন চি ই আৰ টিৰ পৰা অহা এটা নিৰ্দেশৰ বাবে শৈক্ষিক দিনপঞ্জীখনক একাষৰীয়া কৰি মান নিৰূপণৰ পৰীক্ষা বন্ধ কৰি দিয়ে এছ চি ই আৰ টিয়ে। এন চি ই আৰ টিৰ অন্তৰ্ভুক্ত 'একক পৰখ'ৰ পৰা অহা সূচী অনুসৰি অহা ১২ আৰু ১৩ মাৰ্চত ৰাজ্যৰ ৪৫৮খন বিদ্যালয়ত প্ৰাৰম্ভিক সাক্ষৰতা মূল্যায়ন কৰিবলৈ জিলা বিষয়াসকলক নির্দেশ দিছে এছ চি আৰ টিয়ে।
৪৫৮খন বিদ্যালয়ত হ'ব লগা মূল্যায়নৰ বাবে ৩৪ হাজাৰ বিদ্যালয়ৰ মান নিৰূপণৰ সূচী সলনি কৰিব দিয়া কাৰ্য কোনো কাৰণতে শিক্ষক সমাজে গ্রহণ কৰিব পৰা নাই। এছ চি ই আৰ টিয়ে নিজে প্ৰস্তুত কৰা শৈক্ষিক দিনপঞ্জীৰ সূচী উলংঘন কৰি কৰা টোঘলকী কাণ্ডত ক্ষোভ প্রকাশ কৰি প্ৰতিক্রিয়া প্রকাশ কৰিছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীয়ে। এছ চি ই আৰ টিয়ে শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰাটো বন্ধ কৰিবলৈ দাবী জনাইছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে। ৰাজহুৱা শিক্ষাৰ মান উন্নত কৰিবলৈ প্ৰস্তুত কৰা শৈক্ষিক দিনপঞ্জীখনক শিক্ষা বিভাগৰ বিভিন্ন পৰ্যায়ৰ পৰা নস্যাৎ কৰি অহা হৈছে।
কেতিয়াবা যদি সর্বশিক্ষা অভিযান মিছনে, কেতিয়াবা আকৌ ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে শিক্ষক-শিক্ষার্থীক ব্যৱহাৰ কৰি দিনপঞ্জীখনক উলংঘন কৰি অহা হৈছে। মুঠতে শৈক্ষিক দিনপঞ্জীখন বর্তমানে এখন ভালুকৰ সাঙীত পৰিণত হৈছে। দিনপঞ্জী অনুসৰি সকলো জিলাতে মূল্যায়নৰ বাবে পূৰ্ণ প্রস্তুতি কৰি শিক্ষার্থীক ৰুটিন পর্যন্ত প্রদান কৰা হৈছে। তেনে সময়তে জিলা শিক্ষা বিষয়া সকললৈ এছ চি আৰ টিয়ে দিয়া নির্দেশনাই সকলোকে বিপাঙত পেলাইছে। ৰাজ্যিক শৈক্ষিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে এন চি আৰ টিলৈ পূর্ব-নিৰ্ধাৰিত সূচী অৱগত কৰি প্ৰাৰম্ভিক সাক্ষৰতা মূল্যায়নৰ দিন সাল-সলনি কৰিবৰ প্ৰয়াস নকৰি মান নিৰূপণৰ সূচী সলনি কৰিবলৈহে জিলা শিক্ষা বিষয়াসকলক বাধ্য কৰাইছে।
অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে এনে কাৰ্যৰ তীব্ৰ বিৰোধ কৰিছে। সন্মিলনীৰ সভাপতি নীলাক্ষি গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে যদিহে মান নিৰূপণ সূচী বন্ধ কৰি প্ৰাৰম্ভিক সাক্ষৰতা মূল্যায়ন কৰিবলৈ দিয়া নির্দেশ বাতিল নকৰে তেন্তে ১২ মাৰ্চৰ পুৱা প্ৰতিখন প্রাথমিক বিদ্যালয়ত প্রথমে শৈক্ষিক দিনপঞ্জী দাহ কাৰ্যসূচী ৰূপায়ণ কৰিহে প্ৰাৰম্ভিক সাক্ষৰতা মূল্যায়ন কৰা হ'ব। লাখ লাখ টকা খৰচ কৰি প্ৰতিবছৰে অৰ্থহীনভাৱে শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰা বন্ধ কৰিবলৈও সন্মিলনীৰ নেতৃত্বই দাবী জনাইছে।