ডিজিটেল ডেস্ক : বিহুৰে বিশ্ব অভিলেখ, ঝুমইৰ বিনন্দীয়া বিশ্ব অভিলেখৰ পাছত এইবাৰ বড়োসকলৰ প্ৰধান লোকনৃত্য বাগুৰুম্বা নৃত্যই বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে। বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা নৃত্যক বিশ্বৰ দৰবাৰত জিলিকাই তোলাৰ বাবে অসম চৰকাৰে ১৩ জুনত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
বিহু আৰু ঝুমইৰ নৃত্যৰ দৰে বাগুৰুম্বা নৃত্য প্রদর্শনেৰে বিশ্ববাসীৰ সমুখত জিলিকাই তোলাৰ পদক্ষেপ গ্ৰহণ কৰাৰ উদ্দেশ্যে ১৩ জুনত লোকসেৱা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সাংস্কৃতিক পৰিক্ৰমা বিভাগ, বড়ো সাহিত্য সভা, সদৌ বড়ো ছাত্ৰ সন্থা, দুলাৰাই বড়ো হৰিমুৰা আফাত আৰু দুলৰাই বাথৌ গৌথুমৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হৈ ঘোষণা কৰাৰ পাছতে এতিয়া প্রায় ১০ হাজাৰ নাচনীৰে অহা ডিচেম্বৰ মাহত সৰুসজাই ষ্টেডিয়ামত হ'বলগীয়া বিশ্ব অভিলেখৰ বাবে অসমৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে আখৰা।
নগাঁও জিলাত তিনি দিন ধৰি অনুশীলন অব্যাহত থকাৰ মাজতে কলিয়াবৰৰ বেঙেনাআটিতো কালি অনুষ্ঠিত হৈছে অনুশীলন। ইয়াৰ ঔগুৰি বেঙেনাআটিৰ প্ৰায় ৩০০ নৃত্য শিল্পী আৰু বাদ্যশিল্পী সকলে চূড়ান্ত আখৰাত ব্যস্ত হৈ এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে। বড়োসকলৰ বসন্তকালীন লোকনৃত্য তথা প্রধান নৃত্য বাগুৰুম্বাক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰয়াসক এতিয়া সকলোৱে একমুখে শলাগ লৈছে।