ডিজিটেল ডেস্ক : প্রদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা সংযোগ সন্দর্ভত অসম চৰকাৰে গঠন কৰি দিয়া এছ আই টিয়ে অৱশেষত প্রতিবেদন দাখিল কৰে। প্ৰায় ছমাহজোৰা তদন্তৰ পাছত বুধবাৰে বিশেষ তদন্তকাৰী গোটৰ (এছ আই টি) সদস্যসকলে লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি তেওঁৰ হাতত তদন্তৰ প্ৰতিবেদন দাখিল কৰে। এইপর্যন্ত প্রতিবেদনখনৰ সবিশেষ তথ্য পোহৰলৈ অহা নাই যদিও এছ আই টিয়ে ১০টা বিস্ফোৰক অভিযোগ উত্থাপন কৰা বুলি বিশেষ সূত্রে জানিব পৰা গৈছে।
ইফালে প্ৰতিবেদন গ্রহণ কৰাৰ পাছত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীজনে প্রতিবেদনখন সম্পৰ্কত অসম চৰকাৰে কেবিনেট বৈঠকত আলোচনা কৰাৰ পাছতে ৰাজহুৱা কৰিব বুলি ঘোষণা কৰে। তেওঁ কয় যে যোৱা ১৭ ফেব্ৰুৱাৰীত ৰাজ্যিক কেবিনেটে এই এছ আই টিখন গঠন কৰিছিল। আলী তৌকীৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক আৰু তেওঁৰ সহযোগীসকলৰ ভাৰত বিৰোধী কাৰ্যকলাপৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী গোট গঠন কৰা হৈছিল। আনহাতে এছ আই টিৰ বিস্তৃত তদন্তৰ সময়ত একাধিক আশ্চৰ্যকৰ তথ্য উদঘাটন হোৱা বুলি উল্লেখ কৰি তেওঁ প্রতিবেদনত ভাৰত ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক দুৰ্বল কৰাৰ উদ্দেশ্যে এক বৃহত্তৰ ষড়যন্ত্ৰ হোৱাৰ এটা দিশ আঙুলিয়াই দিয়া বুলি প্রকাশ কৰে। এছ আই টিৰ প্ৰতিবেদনত পাক নাগৰিক আলী তৌকীৰ শ্বেখৰ ভাৰত বিৰোধী কার্যকলাপত ভাৰতৰ এগৰাকী সাংসদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা এগৰাকী ব্ৰিটিছ নাগৰিক জড়িত থকাৰ কথাও প্ৰমাণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। তদুপৰি পাকিস্তান চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে কেনেদৰে অসমৰ এজন সাংসদক তেওঁলোকৰ দেশলৈ ভ্ৰমণৰ সুবিধা প্রদান কৰিছিল, সেই বিষয়েও অনুসন্ধানত তথ্য লাভ কৰাৰ কথা প্ৰতিবেদনত প্রকাশ কৰা বুলি মুখ্যমন্ত্রীজনে প্রকাশ কৰিছে। আনহাতে অসম চৰকাৰে এতিয়া এছ আই টিৰ প্ৰতিবেদনখন বিতংভাৱে পৰীক্ষা কৰি ৰাজ্যিক কেবিনেটৰ সন্মুখত দাখিল কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই বিষয়টো কেবিনেটত আলোচনা হোৱাৰ পাছত তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য ৰাজহুৱা কৰা হ'ব বুলি ঘোষণা কৰে।
উল্লেখযোগ্য যে দিছপুৰস্থিত লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ হাতত প্রতিবেদনখন দাখিল কৰিবলৈ জ্যেষ্ঠ আই পি এছ মুন্না প্রসাদ গুপ্তাৰ নেতৃত্বত যোৱা এছ আই টিৰ দলটোত সদস্য ৰ'জী কলিতা, প্ৰণৱজ্যোতি গোস্বামী আৰু মৈত্রেয়ী ডেকাও আছিল। লক্ষণীয় যে এছ আই টিয়ে প্রতিবেদনত ১০টা বিস্ফোৰক অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে। প্রণিধানযোগ্য যে তদন্তৰ সময়ত এ পি চি চিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্ন গগৈয়ে ১৪ বাৰ পাকিস্তান ভ্রমণলৈ যোৱাৰ তথ্য লাভ কৰে। তেওঁলোকৰ বিবাহৰ পূৰ্বে দুবাৰকৈ গৌৰৱ গগৈয়েও পাকিস্তান ভ্ৰমণ কৰাৰ তথ্য লাভ কৰে। প্রতিবেদনখনত এলিজাবেথ কলবার্নৰ স্বীকাৰোক্তিও লিপিবদ্ধ কৰা হৈছে।