ডিজিটেল ডেস্কঃ গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খাই পৰা ছিংগাপুৰস্থিত প্ৰৱাসী অসমীয়াসকল জেৰাৰ বাবে অসমলৈ নাহে।
একমাত্র গ্রেপ্তাৰৰ ভয়তে অসমলৈ আহিব খোজা নাই ছিংগাপুৰত থকা অভিযুক্ত দহগৰাকীকৈ অসমীয়া। ইয়াৰ বিপৰীতে তেওঁলোকে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এছ আই টিৰ জেৰাৰ সন্মুখীন হ'ব খুজিছে। পিছে এছ আই টিয়ে প্রবাসী অসমীয়াসকলৰ এই প্ৰস্তাৱ খাৰিজ কৰি তেওঁলোকক অসমলৈ অহাৰ বাবে নির্দেশ দিছে।
উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ তথা এই ঘটনাৰ ন্যায় প্ৰদানৰ বাবে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট ছিংগাপুৰলৈ যোৱাটো বাধ্যতামূলক। ছিংগাপুৰলৈ নোযোৱাকৈ অভিযুক্তক দোষী সাব্যস্ত কৰিব পৰা নাযাব। কিন্তু ছিংগাপুৰলৈ যাবলৈ সাজু হৈও বাৰে বাৰে থমকি ৰৈছে তদন্তকাৰী আৰক্ষী। অসম আৰক্ষীয়ে গৃহ মন্ত্ৰ্যালয়ৰ জৰিয়তে ছিংগাপুৰ চৰকাৰলৈ এই সন্দৰ্ভত-দহ দিনৰ পূৰ্বেই এখন পত্ৰ প্ৰেৰণ কৰিছে যদিও ছিংগাপুৰ চৰকাৰে এতিয়াও উক্ত পত্ৰখনৰ উত্তৰ দিয়া নাই। এনে পৰিস্থিতিত ছিংগাপুৰ চৰকাৰৰ অনুমতি অবিহনেই অসম আৰক্ষীয়ে ছিংগাপুৰত কোনো তথ্যই সংগ্ৰহ কৰিব পৰা নাই।
মন কৰিব লগীয়া কথা যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ ছিংগাপুৰতো অব্যাহত আছে তদন্ত। ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ সৈতে একেখন য়টত থকা প্ৰৱাসী অসমীয়া ছাত্রী সুস্মিতা গোস্বামীৰ ম'বাইল ফ'নত থকা ভিডিঅ' আৰু ছবি জব্দ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। এই কথা প্রকাশ কৰিছে গুৱাহাটীত থকা সুস্মিতাৰ পিতৃ সুকুমাৰ গোস্বামীয়ে।
কালি সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ছিংগাপুৰ আৰক্ষীয়ে সেইদিনা য়টখনত থকা সকলোকে জেৰা কৰিছে। আনকি সুস্মিতাৰ ম'বাইলটোও চাৰি-পাঁচ দিন ধৰি আৰক্ষীৰ জিম্মাতে আছিল। প্রয়োজন হ'লে ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকক পুনৰ জেৰা কৰিবলৈ মাতিব বুলিও জনাইছে।
আনহাতে অসম আৰক্ষীৰ চমন পালেই সুস্মিতা অসমলৈ আহিব বুলি জনাই তেওঁ কয় যে ছিংগাপুৰ আৰক্ষীৰ অনুমতি লৈহে তাই অসমলৈ আহিব পাৰিব। প্রণিধানযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে য়টখনত থকা প্ৰৱাসী অসমীয়াসকলৰ মাজৰ মাত্ৰ এগৰাকী অসমীয়া ৰূপকমল কলিতাহে অসমলৈ আহি এছ আই টিৰ জেৰাৰ সন্মুখীন হৈছে। পিছে বহুকেইটা চর্ততহে কলিতা ছিংগাপুৰৰ পৰা অসমলৈ আহিছিল বুলি জানিব পৰা গৈছে। আৰক্ষীৰ এটা সূত্রই প্রকাশ কৰা মতে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেতাৰ আত্মীয় হৈছে কলিতা। তেওঁৰ সৈতে আৰক্ষীয়ে যোগাযোগ কৰাৰ পাছতেই তেওঁ চর্ত দিছিল যে তেওঁ অসমলৈ আহিব কিন্তু তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। আনকি তেওঁ নিজৰ জেপৰ ধন খৰচ কৰিও অসমলৈ নাহে বুলি স্পষ্ট কৰি দিয়ে। সূত্ৰটোৰ মতে আৰক্ষীয়ে তেওঁক চৰকাৰী খৰচত অসমলৈ আনি থকা-মেলাৰ সকলো ব্যৱস্থা কৰি দিছিল। আনকি দুদিন ধৰি চলোৱা জেৰাৰ পাছত তেওঁক বিমান বন্দৰলৈকে আগবঢ়াই দিছিল আৰক্ষীয়ে। বাকী প্ৰৱাসী অসমীয়াসকলো যাতে এছ আই টিৰ জেৰাৰ বাবে অসমলৈ আহে তাৰ বাবেই আৰক্ষীয়ে এই পদক্ষেপ গ্রহণ কৰাৰ কথা ব্যক্ত কৰি সূত্ৰটোৱে লগতে কয় যে ৰূপকমল কলিতাই ছিংগাপুৰলৈ গৈ বাকী অসমীয়াসকলৰ সৈতে আলোচনা কৰি বিষয়টো অৱগত কৰিব বুলি প্ৰকাশ কৰিছে।
ইফালে শুকুৰবাৰে বিয়লিৰ ভাগতে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল জয়শ্রী গোস্বামী, কৃশানু দাস আৰু ৰিদিপ দাস। ইয়াৰে জয়শ্রী গোস্বামী জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ গৈছিল নর্থ-ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰাৰ বাবে। তেওঁ আনকি জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যোৱাৰ ফটোও ছ'চিয়েল মিডিয়াত আপলোড কৰি পাছত ডিলিট কৰিছিল। আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমলৈ আহিও ইমানদিনে 'লুকাই' থকা গোস্বামীকো এছ আই টিয়ে দীর্ঘ সময় ধৰি জেৰা কৰে। আনহাতে সিদ্ধার্থ শৰ্মাৰ মেনেজমেন্ট গ্ৰুপত থকা কৃশানু দাস আৰু ৰিদিপ দাসকো আৰক্ষীয়ে জেৰা কৰে।