ডিজিটেল ডেস্ক : উপ-স্বাস্থ্য কেন্দ্ৰৰ পৰা চিকিৎসা মহাবিদ্যালয় পর্যন্ত ৩৫২বিধ ঔষধ উপলব্ধ হৈ আছে যদিও ১০০ শতাংশ অত্যাৱশ্যকীয় ঔষধ উপলব্ধ কৰাৰ প্ৰচেষ্ট চলাই আছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে মঙলবাৰে এই কথা ঘোষণা কৰে। দিছপুৰত অনুষ্ঠিত চৰকাৰী সংবাদমেলত স্বাস্থ্য মন্ত্রীয়ে কয় যে স্বাস্থ্য বিভাগে চৰকাৰী চিকিৎসালয়ত অত্যাৱশ্যকীয় ঔষধৰ এশ শতাংশ উপলব্ধ কৰি ৰাইজক সকাহ দিয়াৰ বাবে নিৰন্তৰ প্ৰয়াস কৰি আহিছে।
অসমৰ ৰাইজে যাতে চিকিৎসালয়সমূহত ঔষধ পাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযুক্তিৰ জৰিয়তে চিকিৎসালয়সমূহত ঔষধৰ যোগান ব্যৱস্থাটোৰ পৰিৱৰ্তন সাধন কৰাৰ ব্যৱস্থা কৰা হৈছে। বর্তমান চিকিৎসা মহাবিদ্যালয়সমূহত ৩৫২বিধ ঔষধ, জিলা চিকিৎসালয়ত ২৬১বিধ, মহকুমা চিকিৎসালয়ত ২৬১বিধ, সমূহীয়া স্বাস্থ্য কেন্দ্রত ২৬১বিধ, প্রাথমিক স্বাস্থ্য কেন্দ্রত ১২৫বিধ আৰু উপ-স্বাস্থ্য কেন্দ্রত ৩০বিধ ঔষধ উপলব্ধ হয় বুলি তেওঁ মন্তব্য কৰে। চৰকাৰী চিকিৎসালয়ত ঔষধ উপলব্ধ নাথাকিলে হোৱাটছএপযোগে বিভাগক অৱগত কৰিবলৈ ৯৮৬৪৫৪১৪৩০ নম্বৰটো জাৰি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে যোৱা দুমাহৰ ভিতৰত ৰাজ্যখনৰ অতি ভিতৰুৱা অঞ্চলত ৯টা ছিজাৰিয়ান অস্ত্রোপচাৰ আৰম্ভ কৰাৰ কথা উল্লেখ কৰি অতি সোনকালে ইয়াৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে।
তদুপৰি চলিত বৰ্ষৰ ভিতৰত ৰাজ্যখনত এফ আৰ ইউৰ সংখ্যা ৮৮-ৰ পৰা ১০০খনলৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখি বিভাগে প্রচেষ্টা অব্যাহত ৰাখিছে বুলি তেওঁ জানিবলৈ দিয়ে। স্বাস্থ্য মন্ত্রী সিংহলে ৰাজ্যত বিশেষজ্ঞ চিকিৎসকৰ নাটনিৰ কথা স্বীকাৰ কৰে। তেওঁ কয় যে ৰাজ্যত মেডিকেল কলেজৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত এতিয়া বছৰি পোৱা চিকিৎসকৰ সংখ্যা ১৬০০ হৈছে। আজিৰ পৰা ৫ বছৰৰ আগত ৭০০ চিকিৎসকহে পোৱা গৈছিল। অহা বছৰৰ পৰা এম বি বি এছ চিকিৎসকৰ নাটনি দূৰ হ'ব। কিন্তু বিশেষজ্ঞ চিকিৎসকৰ নাটনি দূৰ হ'বলৈ কমেও আৰু ৫ বছৰ ৰ'ব লাগিব। স্বাস্থ্য মন্ত্রীজনে আৰু কয় যে প্রতি এক হাজাৰ জনসংখ্যাৰ বিপৰীতে এজনকৈ চিকিৎসক থাকিব লাগে। এনাস্থেছিয়া চিকিৎসকৰ অভাৱৰ কথা স্বীকাৰ কৰি মন্ত্ৰী সিংহলে কয় যে ৰাজ্যত বর্তমানে ৩৬জন এনাস্থেছিয়া চিকিৎসক আছে।
ইয়াৰে আধাসংখ্যক চিকিৎসক ১৪খন মেডিকেল কলেজেলৈ যায়, স্বাস্থ্য বিভাগে ১৫-১৮জন চিকিৎসকহে ভাগত পায়, এইকেইজন চিকিৎসকৰ দ্বাৰা ছিজাৰিয়ান শাখাও চলাবলগীয়া হয়। আন বিভাগত এবাৰ নিযুক্তি হোৱাৰ পাছত নতুন নিযুক্তি বন্ধ হৈ যায়। স্বাস্থ্য বিভাগে এন এইচ এমৰ জৰিয়তে প্রতি তিনি মাহৰ মূৰে মূৰে চিকিৎসক নিযুক্তি দিয়ে বুলিও মন্ত্রীজনে কয়। নতুনকৈ নিযুক্তি লাভ কৰা চিকিৎসকসকলক দুৰ্গমৰ পৰা সুগমলৈ আঁচনিৰ অধীনত ৰাজ্যখনৰ অতি ভিতৰুৱা অঞ্চলত এবছৰ বাধ্যতামূলক চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা কৰাৰ ফলত সেই অঞ্চলসমূহৰ ৰাইজ যথেষ্ট উপকৃত হৈছে বুলি তেওঁ কয়।
ৰাজ্যৰ বিভিন্ন জিলাত এইচ আই ভি ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগে এই দিশত গুৰুত্ব আৰোপ কৰি ইতিমধ্যে বিভিন্ন সজাগতা সভাকে ধৰি প্ৰয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে। তেওঁ কয় যে একমাত্ৰ চৰকাৰী প্ৰচেষ্টাত এই ৰোগ প্ৰতিৰোধ কৰিব পৰা নাযায়, এইক্ষেত্ৰত সমাজৰো যথেষ্ট কৰণীয় আছে বুলি মন্তব্য কৰে। আজিৰ এই সংবাদমেলখনত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মণন এছ আৰু কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী উপস্থিত থাকে।