১৩১জন বিশিষ্টলৈ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান, অসমৰ ৫গৰাকীলৈ পদ্ম বঁটা

dainik janambhumi January 26, 2026

ডিজিটেল ডেস্ক: বছৰৰ প্রথমভাগতেই অসমলৈ আন এটা সু-খবৰ। কলা, সমাজ সেৱা, ৰাজহুৱা কাম-কাজ, বিজ্ঞান-অভিযান্ত্রিক, বাণিজ্য-উদ্যোগ, চিকিৎসা, সাহিত্য-শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে প্ৰতিবছৰে আগবঢ়োৱা দেশৰ সর্বোচ্চ অসামৰিক পদ্ম বঁটা এইবাৰ অসমৰ পাঁচজন বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে। 

 

কালি ঘোষণা কৰা পদ্ম বঁটাৰ তালিকাত অসমৰ কলা-সংস্কৃতি, গৱেষণা আৰু ৰাজহুৱা কৰ্মৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট লোকশিল্পী পখিলা লেকথেপি, প্রসিদ্ধ কলা নির্দেশক নুৰুদ্দিন আহমেদ, হৰিচৰণ শইকীয়া, বেছম শিল্পৰ বিশিষ্ট গবেষক ড° যোগেশ দেউৰী আৰু সদ্যপ্রয়াত ৰাজনীতিক কবীন্দ্র পুৰকায়স্থক স্থান প্রদান কৰা হৈছে। লক্ষণীয় যে কার্বি লোকশিল্পী পখিলা লেকথেপিলৈ লোক-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে, কলা নির্দেশক নুরুদ্দিন আহমেদ আৰু হৰিচৰণ শইকীয়ালৈ কলা ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে, অসমৰ কৃষি আৰু ৰেছম উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ বাবে ড" যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা কৰ্মৰ বাবে প্রয়াত ৰাজনীতিক কবীন্দ্ৰ পুৰকায়স্থলৈ মৰণোত্তৰভাৱে পদ্মশ্রী সম্মান আগবঢ়োৱা হৈছে। 

 

প্রণিধানযোগ্য যে কালি দেশৰ মুঠ ১১৩গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্রী বঁটা আগবঢ়োৱা হৈছে। আনহাতে বঁটা ঘোষণাৰ পাছতে দেশৰ অন্যতম শীর্ষস্থানৰ অসামৰিক বঁটা লাভ কৰি আৱেগিক হৈ পৰে কলা নির্দেশক নুৰুদ্দিন আহমেদ। জীৱনৰ দীর্ঘকাল ধৰি কলা নির্দেশক হিচাপে কাম কৰি অহা শিল্পীজনে জীৱনত পদ্ম বঁটাৰ দৰে সন্মান লাভকৰিব বুলি ভবা নাছিল বুলি প্রকাশ কৰে। বঁটা লাভৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰি আহমেদে কয় যে তেওঁৰ দৰে এজন সাধাৰণ মানুহে এই সম্মান লাভ কৰিব বুলি কেতিয়াও ভবা নাছিল। বঁটাৰ বাবে কোনোদিন কাম কৰা নাছিল বুলিও উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত কলা বিষয়ত কাম কৰা তেওঁৰ অর্ধশতিকা অতিক্রম কৰিলে। সদায় কলাক বিভিন্ন মাধ্যমেৰে আগুৱাই নিয়াৰ বাবেই কাম কৰি যোৱা বুলিও কয়। বঁটা লাভকৰি তেওঁ অত্যন্ত উৎফুল্লিত হৈ পৰা বুলি উল্লেখ কৰি তেওঁ কাম কৰি থকা ক্ষেত্ৰৰ বাবে এই সন্মান লাভ কৰাৰ বাবে অধিক আনন্দিত হোৱা বুলি কয়। 

 

উল্লেখযোগ্য যে অসমীয়া ছবি উদ্যোগটোৰ লগতে ভ্রাম্যমাণ থিয়েটাৰ আৰু অপেছাদাৰী থিয়েটাৰ আদি বিভিন্ন ক্ষেত্রত বিগত প্রায় পাঁচ দশক ধৰি কলা নির্দেশনাৰ কাম কৰি থকা বিশিষ্ট শিল্পীজনে শেহতীয়াকৈ সন্তানসহ এটা দলৰ সৈতে লগ লাগি বৰদোৱাৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থানত অসম চৰকাৰে নিৰ্মাণ কৰা 'বটদ্ৰৱা সাংস্কৃতিক প্রকল্প'ৰ কলা নির্দেশনাৰ কামো কৰিছিল। প্রণিধানযোগ্য যে নুরুদ্দিন আহমেদে এইপর্যন্ত শতাধিক অসমীয়া ছবি, ৬ সহস্রাধিক নাটকৰ কলা নিৰ্দেশনাৰ কাম কৰিছে। ইফালে কালি অসম নাট্য সম্মিলনে তেওঁক জি এল আগৰৱালা বঁটাৰে সন্মানিত কৰে। এই অনুষ্ঠানত থকাৰ সময়তে তেওঁ পদ্ম বঁটাৰ দৰে সন্মানীয় বঁটা লাভৰ খবৰ লাভ কৰিছিল বুলিও প্রকাশ কৰে।

Share This