ডিজিটেল ডেস্ক: শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰত সতী জয়মতীৰ আদৰ্শৰে পোন্ধৰ সহস্রাধিক মহিলাই দিহানাম পৰিৱেশন কৰি কেৱল ঐতিহাসিক জেৰেঙা পথাৰক বৈকুণ্ঠপুৰীত পৰিণত কৰাই নহয়, সতী জয়মতীৰ আদৰ্শক প্রতিষ্ঠা কৰিলে। য'ত সাত সাগৰ তেৰ নদীৰ পৰা আহি উপস্থিত হোৱা বিদেশী লোকে হৰিনামৰ ধ্বনিত সঁহাৰি জনালে।
সর্বাধিক জনপ্রিয় দিহানামে কালি শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰৰ পৰা ৱৰ্ল্ড ৱাইড বুকছ অব্ ৰেকৰ্ডছত স্থান পাবলৈ সক্ষম হ'ল। ৰত্নগর্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত দিহানামৰ গুৰু উপাধি প্রাপক অমিয়া নেওগ কলিতাৰ উদ্যোগত দিহা নামে বিশ্ব অভিলেখ গঢ়াৰ প্রয়াসেৰে কালি শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত অনুষ্ঠিত এক অনুষ্ঠানত উক্ত স্বীকৃতি আনুষ্ঠানিকভাৱে প্ৰদান কৰে।
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৫,৫৫৫ গৰাকী আয়তীয়ে একেলগে দিহানাম পৰিৱেশন কৰি হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে।
অনুষ্ঠানটোৰ বন্তি প্রজ্বলেনেৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে। শুভ উদ্বোধন কৰি সত্ৰাধিকাৰগৰাকীয়ে সতী জয়মতীক শ্রদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে সতী জয়মতীয়ে নিজৰ স্বামীৰ কাৰণে দেহ ত্যাগ কৰি যি নিৰ্দশন দাঙি ধৰিলে, সেয়া মানৱীয় মূল্যবোধৰ অন্যতম দৃষ্টান্ত বুলি অভিহিত কৰে। ইয়াৰ উপৰি সত্ৰাধিকাৰ গৰাকীয়ে প্ৰতিগৰাকী নাৰী পতিব্রতা বুলিয়ে পৰিচিত আৰু পতিব্রতা এগৰাকী নাৰীয়ে সন্তানৰ উপৰি স্বামীক আহাৰ প্ৰদানৰ বেলিকা মাতৃৰ ভূমিকা, স্বামীৰ কাৰ্যত দাসীৰ দৰে সহায় কৰা, শয়নৰ সময়ত স্বামীৰ কাষত ৰম্ভাৰ দৰে সহাৱস্থান আৰু বিপদত কালত মন্ত্ৰীৰ ভূমিকা পালন কৰা বুলি মন্তব্য কৰে। সেয়েহে পতিব্রতা ত্যাগৰ মন্ত্ৰৰে প্ৰতিগৰাকী নাৰীয়ে সামাজিক মূল্যবোধ ৰক্ষা কৰাৰ সংকল্প লোৱা উচিত বুলি দোহাৰে সত্ৰাধিকাৰ গৰাকীয়ে।
দিহানামৰ গুৰু উপাধি প্রাপক অমিয়া নেওগ কলিতাই আঁত ধৰা উক্ত অনুষ্ঠানত উত্তৰ-পূব সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক তথা সংগীত নাটক অকাদেমিৰ বঁটা প্রাপক ডাঃ প্রসন্ন গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীক সত্ৰ উপাধি প্রদান কৰা উপৰি সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা আন ১৭গৰাকী ব্যক্তিক বিভিন্ন উপাধি আৰু প্ৰদানেৰে সন্মান জনোৱা হয়। যোৰহাটৰ বদন মলিয়াক মৰণোত্তৰভাৱে দিহানামৰ ৰত্ন উপাধি, শিৱসাগৰৰ ক্রমে অচ্যুত চুতীয়াক গণবন্ধু বঁটা, জুৰি দত্তক উদ্যোগী বঁটা, ফণীধৰ গগৈক ভাওনা বাদ্য সম্পদ মহীৰূহ উপাধি, মন ৰাজগুৰুক ভাগৱত আচার্য বঁটা, বিশ্বজিৎ গগৈক লোকবাদ্য মহীৰূহ উপাধি, ৰণুমী বৰাক দিহানাম জ্যোতি বঁটা, শ্রীমন্ত দত্তক জনহিতৈষী বঁটা, পার্থপ্রতিম বৰাক সমাজসেৱা বঁটা, ডিমুৰ লোহিত সন্দিকৈক ভাগৱত আচার্য বঁটা, মাজুলীৰ তুলসী ৰাজখোৱাক সত্ৰ সেৱক উপাধি, টীয়কৰ দিগন্ত শইকীয়াক সত্রীয়া সংস্কৃতি সাধক বঁটা, গুৱাহাটীৰ ড° দীপেন দাসক লোক সংস্কৃতি সাধক বঁটা, যোৰহাটৰ মাধুৰিমা বৰুৱাক লোকশিল্পী বঁটা, নগাঁৱৰ ড° ৰাজশ্ৰী বৰাক সাহিত্য সৌৰভ বঁটা, ধেমাজিৰ দেৱজিৎ বৰাক জনহিতৈষী বঁটা আৰু নাৰায়ণপুৰৰ অৰুণ বণিয়াক সমাজসেৱক বঁটা প্ৰদান কৰা হয়।
আনহাতে, অনুষ্ঠানটো সফল উদযাপনৰ বাবে স্থানীয় অঞ্চলৰ ৰাইজে সহযোগ আগবঢ়োৱাৰ উপৰি ৰুদ্রসাগৰৰ সমাজকর্মী জগত হাজৰিকাই দূৰ-দূৰণিৰ পৰা অহা যান-বাহনসমূহ সুচল যাতায়াতৰ বাবে নিজৰ ব্যক্তিগত মাটিৰে যাতায়াতৰ বাবে এটা পথৰ ব্যৱস্থা কৰি দিয়ে। কালিৰ অনুষ্ঠানটোত বৰ্ল্ড ৱাইড বুকছ অব্ ৰেকৰ্ডৰ দুজনীয়া প্রতিনিধি দলটোৰ ভিনিত এন বি আৰু সিন্ধুজা ভি এন নামৰ প্ৰতিনিধি দুগৰাকী উপস্থিত থাকে।