১৫গৰাকী কংগ্ৰেছ নেতাক বহিষ্কাৰ

dainik janambhumi March 30, 2026

ডিজিটেল ডেস্ক: বিধায়ক ভাস্কৰজ্যোতি বৰুৱাকে ধৰি ১৫গৰাকীকৈ কংগ্রেছ নেতাক দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত প্ৰদেশ কংগ্ৰেছে বহিষ্কাৰ কৰে।

উল্লেখযোগ্য যে বিজেপিয়েও একেটা কাৰণত ১৫ গৰাকীকৈ নেতাক বহিষ্কাৰ কৰিছিল। কালি প্রদেশ কংগ্ৰেছ কমিটীয়ে বহিষ্কাৰ কৰাসকলৰ ভিতৰত আছে তিতাবৰৰ ভাস্কৰজ্যোতি বৰুৱা, গৌৰীপুৰৰ আবুল মিঞা, চেঙাৰ আফতাদুৰ আলী খান, উদাৰবন্দৰ তপন দাস, কাটিগড়াৰ সন্দীপ দাস, বৰখলাৰ জেহৰুল ইছলাম বৰভূঞা। 

প্রদেশ কংগ্ৰেছৰ পৰা বহিষ্কাৰৰ তালিকাত আছে দক্ষিণ কৰিমগঞ্জৰ আজিজ আহমেদ খান, ৰাম কৃষ্ণ নগৰৰ ড° অনুপ কুমাৰ দাস, বকো-ছয়গাঁৱৰ পৰা বহিষ্কাৰ লাৱণ্য বড়ো, ডিমৰীয়াৰ নিতুল দাস, ৰঙাপৰাৰ গিৰিন্দ্ৰ কুমাৰ ভূঞা, তেজপুৰৰ পল্লৱী শইকীয়া, ৰহাৰ মুকুট দাস, খোৱাঙৰ বিজু দুৱৰা, আৰু দলগাঁৱৰ আইনুল হক।

Share This