মাজুলীৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত ১৫ দিনে অনাহাৰে ১৫০টা হাতীৰ পাল
Dainik Janambhumi
August 07, 2024
ডিজিটেল ডেস্কঃ বানে গৰকা মাজুলীৰ নদীকাষৰীয়া অঞ্চলৰ লোকসকলৰ বানপানী সৃষ্ট সমস্যাসমূহৰ উপৰি আন বহু সমস্যাৰ মাজেৰে উক্ত লোকসকলে দৈনন্দিন জীৱন প্ৰণালী অব্যাহত ৰাখি আহিছে৷ অন্ন-বস্ত্ৰ-বাসস্থানৰ চিন্তাৰ উপৰি প্ৰকৃতিৰ বিভিন্ন প্ৰত্যাহ্বানকো নেওচি জীৱন অতিবাহিত কৰা উক্ত লোক সকলে সমান্তৰালভাৱে বনৰীয়া জীৱ-জন্তুৰ উপদ্ৰৱো মাজে-সময়ে সন্মুখীন হ’বলগীয়া হৈ আহিছে৷ বিশেষকৈ বনৰীয়া হাতী, গড়, মহ আৰু বনৰীয়া ঘোঁৰাই উক্ত অঞ্চলসমূহৰ খেতি পথাৰৰ অনিষ্ট সাধন কৰাৰ লগতে বিশেষকৈ বনৰীয়া হাতী আৰু গঁড়ৰ আক্ৰমণত নদীকাষৰীয়া লোকৰ প্ৰাণহানি হোৱা বিভিন্ন সময়ত দেখিবলৈ পোৱা যায়৷
শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ বানপানীয়ে ধুৱাই যোৱাৰ পিছত সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ চাপৰিত ১৫০ জনীয়া হাতীৰ পালে অৱস্থান গ্ৰহণ কৰি নদীকাষৰীয়া লোকসকলক আতংকিত কৰি ৰাখিছে৷ সচৰাচৰ এইখিনি সময়ত যোৰহাটৰ হাতীশাল অঞ্চলত পূৰ্বে উক্ত চিনাকি হাতীৰ পালটোৱে পৰিভ্ৰমণ কৰি মাজুলীৰ পূব অংশৰ পৰা পুনৰ বগীবিল দলং অভিমুখে ৰাওনা হয় যদিও এইবাৰ পৰিভ্ৰমণৰ সময়ত উক্ত হাতীৰ পালটোৱে পৰিভ্ৰমণৰ পূৰ্বৰ পৰম্পৰা ভংগ কৰা দেখা গৈছে৷
কিয়নো আজিৰ পৰা প্ৰায় ১৫ টা দিন পৰ্যন্ত কমলাবাৰী-নিমাতী ফেৰীৰ জলপথটোৰ ব্ৰহ্মপুত্ৰৰ মাজৰ এটা সৰু চাপৰিত হাতীৰ পালটোৱে অস্বাভাৱিক ধৰণে অৱস্থান গ্ৰহণ কৰাৰ লগতে দীৰ্ঘদিনে কোনোধৰণৰ আহাৰ গ্ৰহণ কৰা মাছমৰীয়া একাংশ লোকে প্ৰত্যক্ষ কৰি আহিছে৷ ব্ৰহ্মপুত্ৰৰ ভয়াৱহ বানৰ মাজতো উক্ত চাপৰিতে দিন কটোৱা হাতীৰ পালটো দেখাত বহু দুৰ্বল হোৱা বুলি একাংশ প্ৰকৃতিপ্ৰেমীয়ে ঠাৱৰ কৰিছে৷ কি কাৰণত হাতীৰ পালটোৱে তেনেধৰণে আহাৰ গ্ৰহণ কৰা নাই সেয়াও চিন্তাৰ বিষয় হিচাপে পৰিগণিত হৈছে৷ ইফালে ১৫ টাকৈ দিন অনাহাৰে প্ৰত্যক্ষ কৰা হাতীৰ পালটো অনাহাৰে থকাৰ দুখ সহিব নোৱাৰি কমলাবাৰী ফেৰী ঘাটৰ মালবাহী গাড়ীৰ ড্ৰাইভাৰ, হেন্দিমেন, ফেৰী ঘাটৰ কৰ্মচাৰী, বামুনগাঁও, খোৰাহোলা গাঁৱৰ ৰাইজৰ লগতে বহু ব্যক্তিয়ে হাতী পালৰ বাবে খাদ্য যোগাৰ কৰি গ্ৰহণ কৰা আদৰণীয় পদক্ষেপে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷
প্ৰতিদিনে চিঞৰ-বাখৰ কৰি, অনাহাৰে থকা হাতীৰ পালটোক কালি উক্ত সহৃদয়ৱানসকলে মেচিন নাৱেৰে হাতীৰ পালটোৱে আশ্ৰয় গ্ৰহণ কৰি থকা চাপৰিটোলৈ গৈ প্ৰায় ১০০ জোপা কলগছ, ১০০টা কঁঠাল, বিভিন্ন প্ৰজাতিৰ কল আৰু চাউল আদি যোগান ধৰে৷ হাতীৰ পালটোক খাদ্য সামগ্ৰী যোগান ধৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শনেৰে প্ৰতিবছৰে বন্যহস্তী পালৰ সন্ত্ৰাসৰ বলি হোৱা উক্ত লোক সকলেই দেখুওৱা উক্ত নিদৰ্শনে এতিয়া অসমবাসীলৈ যেন অনন্য বাৰ্তা প্ৰদান কৰিছে৷ উক্ত লঘোণীয়া হাতীপালৰ জলকেলি কৰাৰ দৃশ্য ড্ৰন কেমেৰাত বন্দী কৰি একাংশই উক্ত ভিডিঅ’ৰ যোগেদি টকা ঘটাৰ বিপৰীতে উক্ত হাতীপালক খাদ্য যোগান ধৰাটো এতিয়া হাজাৰ গুণে মহৎ কাম বুলি চৰ্চা চলিছে৷
যি সময়ত হাতী-মানুহৰ সংঘাতে অসমৰ ভিন্ন প্ৰান্তত তথা সমগ্ৰ দেশজুৰি Environment Impact Assessment (EIA) ২০২০ অধিসূচনাৰ খচৰাই বিতৰ্কৰ সূচনা কৰিছে তেনে সময়তে বানেধোৱা মাজুলীত দেখা পোৱা একাংশ লোকৰ প্ৰকৃতিপ্ৰেমৰ এই উজ্জ্বল দৃষ্টান্তই আদৰ্শ দাঙি ধৰিছে৷ প্ৰায় ডেৰ শতাধিক বন্যহস্তীৰ বিশাল পালটোৱে বানৰ তাণ্ডৱৰ মাজতে মাজুলী-কমলাবাৰীৰ সমীপৱৰ্তী বিভিন্ন চাপৰিত খাদ্যৰ সন্ধানত বিচৰণ কৰি থকাৰ দৃশ্য বিভিন্ন সময়ত সকলোৱে প্ৰত্যক্ষ কৰিছিল৷ উক্ত হাতীপালেই বানৰ বাবে বিগত প্ৰায় পোন্ধৰ দিন ধৰি কমলাবাৰী আৰু মোলাই চাপৰিত আশ্ৰয় লৈ আছিল৷
শেহতীয়াকৈ বহুদিন লঘোণেই থকা হাতীপালৰ কাতৰ চিঞৰত যেন বন্যহস্তীৰ উপদ্ৰৱৰ সকলো দুখৰ স্মৃতি পাহৰি খাদ্যৰ যোগান ধৰিবলৈ দৌৰি আহিল কমলাবাৰী অঞ্চলৰ এইসকল জনতা৷ শেহতীয়া বানত একপ্ৰকাৰ বিধবস্ত এইসকল গঞা ৰাইজেই ভোকাতুৰ বন্য হস্তীকুলৰ মৰণকাতৰ চিঞৰ সহিব নোৱাৰি নিজেই দান বৰঙনি তুলি কাৰোবাৰ বাৰীৰ কলগছ, কাৰোবাৰ বাৰীৰ ঔটেঙা, বেপাৰ কৰি সাঁচি ৰখা কেইটামান ধান যি যেনেকে পাৰে বন্যহস্তীলৈ তেনেকৈ আগবঢ়াই দিছে৷
মাজুলীৰ ৰাইজৰ উক্ত আদৰ্শৰ পৰা চৰকাৰ, বিয়াগোম বনবিভাগ আৰু তথাকথিত প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে শিক্ষা লোৱা উচিত বুলি এতিয়া চৰ্চা আৰম্ভ হৈছে৷ আইন প্ৰণয়নৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতৰ বনজ সম্পদক পঁুজিপতিৰ হাতত গতাই দিবলৈ কৰা প্ৰক্ৰিয়াৰ অংশবিশেষ EIA, ২০২০১ সমৰ্থক সকলে এই সকল ৰাইজৰ পৰা শিক্ষা লওক বুলিও সচেতন ৰাইজে মন্তব্য কৰিছে৷ প্ৰকৃতিপ্ৰেমৰ ক্ষেত্ৰত মাজুলীৰ এইসকল ৰাইজৰ আদৰ্শ সমাজলৈ এক যোগাত্মক বাৰ্তা হিচাপে বিয়পি পৰক বুলি সচেতন মহলে উল্লেখ কৰিছে৷
Share This