ডিজিটেল ডেস্ক: কৰুণাধাৰা-হৃদয়ৰ এক আন্দোলন'ৰ ষষ্ঠদশ প্রতিষ্ঠা দিৱসৰ কালি দিনটোত তেজপুৰত শোণিতপুৰ জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত বিশেষ অনুষ্ঠানত 'কৰুণাধাৰা'ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বিশিষ্ট গল্পকাৰ ডাঃ সৌৰভ ভূঞাই প্রতিষ্ঠা লগ্নৰ সকলো কথা সদৰী একপ্ৰকাৰ নষ্টালজিক হৈ পৰাৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকল আৱেগিক হৈ পৰে।
তেজপুৰ ছায়েন্স একাডেমিৰ সভাকক্ষত কৰুণাধাৰাৰ শীর্ষক গীতেৰে আৰম্ভ হোৱাৰ পূৰ্বেই কৰুণাধাৰাৰ পিতৃপুৰুষ তথা ৰাজ্যখনৰ বৰেণ্য কথাশিল্পী প্রয়াত হোমেন বৰগোহাঞি আৰু প্ৰতিষ্ঠাপক সভাপতি তথা এসময়ৰ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান নিশিনাথ চাংকাকতিৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলনেৰে শ্রদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে তেজপুৰৰ প্ৰবীণ বদান্য চিকিৎসক তথা বিশিষ্ট ক্রীড়াবিদ ডাঃ বিশ্বৰঞ্জন কলিতাই। কৰুণাধাৰাৰ শোণিতপুৰ জিলা শাখাৰ সম্পাদক ড° কৃষ্ণা শৰ্মাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কৰুণাধাৰাৰ শোণিতপুৰ জিলা শাখাৰ কাৰ্যকৰী সভাপতি ড° ভুবনেশ্বৰ চহৰীয়া, বিশিষ্ট অতিথি ৰূপে অংশ গ্রহণ কৰা প্ৰবীণ চিকিৎসক ডাঃ প্রদীপ বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা বিশিষ্ট লেখিকা মায়া শর্মা, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° জিতেন গোস্বামী, মনোৰঞ্জন শৰ্মা, বাণ থিয়েটাৰৰ সভাপতি বংকিম শর্মা, বিশিষ্ট লেখক ভুবন চন্দ্ৰ গগৈ, তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° মানবেন্দ্র ভূঞা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি শান্তনু বৰুৱা, বাণ থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা মিনু দেৱী, তেজপুৰ ছায়েন্স একাডেমিৰ অধ্যক্ষা সুৰঞ্জনা শৰ্মাৰ লগতে বিশিষ্ট ব্যক্তিসকলে অংশ গ্রহণ কৰে।
আনহাতে কৰুণাধাৰাৰ শোণিতপুৰ জিলা শাখাৰ সভাপতি ড° ভুবনেশ্বৰ চহৰীয়াৰ পৌৰোহিত্যত সম্পাদক ড° কৃষ্ণা শৰ্মাৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা অনুষ্ঠানটিত আদৰণী ভাষণ প্রদান কৰি কাৰ্যকৰী সভাপতি ড° ভুবনেশ্বৰ চহৰীয়াই ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত প্রয়াত মানৱ দৰদী কথাশিল্পী হোমেন বৰগোহাঞিৰ তৎপৰতাত গঢ়ি উঠা 'কৰুণাধাৰা- হৃদয়ৰ এক আন্দোলন'ৰ কৰুণাধাৰা নামটো কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটি কবিতাৰ পংক্তি- 'হৃদয় যখন শুকায়ে যায়/কৰুণাধাৰায় এসো /সকল মাধুৰী লুকায়ে যায়/..ৰ পৰা গ্ৰহণ কৰিছিল বুলি মন্তব্য কৰে।
২০১২ চনৰ পৰা শোণিতপুৰ জিলা শাখাই গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও ড° চহৰীয়াই উল্লেখ কৰে। আনহাতে অনুষ্ঠানটিত 'কৰুণাধাৰা- এক হৃদয়ৰ আন্দোলন'ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা শোণিতপুৰ জিলা শাখাৰ পৰামর্শদাতা ডাঃ সৌৰভ ভূঞাই প্রতিষ্ঠা লগ্নৰ সকলো কথা সদৰী কৰি কয়- ২০০৯ চনৰ ১৮ অক্টোবৰত অনিন্দিতা কলিতা নামৰ এগৰাকী অসহায় যুৱতীয়ে হোমেন বৰগোহাঞিদেৱে মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা 'আমাৰ অসম' কাকতলৈ লিখা এখন চিঠিয়ে হোমেন বৰগোহাঞিৰ হৃদয় স্পৰ্শ কৰি তুলিছিল। এই চিঠিখনৰ আঁত ধৰি বিশিষ্ট চিকিৎসক তথা শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে ২০১০ চনৰ ২০ জুন তাৰিখে আন এটা লেখা আমাৰ অসমত লিখিছিল। ২০১০ চনৰ ২০ জুলাই তাৰিখে হোমেন বৰগোহাঞিদেৱে প্রথম কলমত এটা লেখা লিখিছিল আৰু ইয়াৰ পিছতেই নিশিনাথ চাংকাকতিক সভাপতি আৰু তেওঁক সম্পাদক হিচাপে লৈ কৰুণাধাৰা জন্ম হোৱাৰ পিছত সমাজৰ আৰ্ত আৰু দুৰ্গতজনৰ কল্যাণৰ কাৰণে আজি পর্যন্ত গ্রহণ কৰি বিভিন্ন পদক্ষেপৰ প্ৰসংগ উল্লেখ কৰি এই যাত্ৰাত বহু বদান্য ব্যক্তিত্ব চামিল হৈ পৰি সম্প্ৰতি ৰাজ্যখনৰ বিভিন্ন প্রান্তত ৩৩টা শাখাৰে ইয়াক গতিশীল কৰি তোলাৰ চেষ্টা আজিও অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে।
উল্লেখ্য যে কালিৰ এই অনুষ্ঠানটিতে প্রয়াত প্রতিষ্ঠাপক সভাপতি নিশিনাথ চাংকাকতিৰ সোঁৱৰণত লিপিকা চহৰীয়া আৰু ড° ভানু বৰঠাকুৰ সম্পাদিত জিলা শাখাৰ প্ৰথমখন পত্রিকা 'শলিতা' আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰবীণ লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্রী মায়া শর্মাই। উন্মোচনী ভাষণত মায়া শর্মাই হোমেন বৰগোহাঞিৰ মানস পুত্ৰ কৰুণাধাৰাৰ কৰুণাধাৰা সমাজৰ বদান্য ব্যক্তিসকলে চিৰকাললৈ বোৱাই ৰাখিব বুলি মন্তব্য কৰাৰ লগতে মানুহ জীয়াই থাকিবলৈ অকল ধন সম্পত্তি থাকিলেই নহ'ব মানুহৰ প্ৰতি কৰুণাৰ দ্বাৰাহে সুখে-শান্তিৰে মানুহ জীয়াই থাকিব পাৰে বুলি মন্তব্য কৰে। মানুহক ভাল পাবলৈ মানুহ প্রকৃতিপ্রেমী হ'ব লাগিব। হোমেন বৰগোহাঞিয়ে প্রকৃতিক ভাল পাব পাৰিছিল বাবেই মানুহৰ কল্যাণৰ কথা চিন্তা কৰিব পাৰিছিল আৰু সেয়েহে এনে এটা মহৎ অনুষ্ঠানৰ জন্ম দিব পাৰিছিল বুলি মন্তব্য কৰে।
কৰুণাধাৰাক আমি জীয়াই ৰাখিবলৈ বদ্ধপৰিকৰ বুলিও প্রবীণ লেখিকাগৰাকীয়ে মন্তব্য কৰে। অনুষ্ঠানটিত প্রবীণ চিকিৎসক ডাঃ প্রদীপ বৰুৱা, ডাঃ বিশ্বৰঞ্জন কলিতা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা তেজপুৰ ছায়েন্স একাডেমিৰ ৰেক্টৰ ড° মানবেন্দ্র ভূঞাইও ভাষণ প্রদান কৰি কৰুণাধাৰাৰ দৰে অনুষ্ঠানৰ সৈতে জড়িত হৈ থাকিব পৰাটোৱেই সৌভাগ্যৰ কথা বুলি কৈ কৰুণাধাৰাক জীয়াই ৰাখিবলৈ সকলো আগবাঢ়ি উচিত বুলি কয়।
আনহাতে এই ষষ্ঠদশ প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিক্ষার্থীৰ মাজত শোণিতপুৰ জিলা শাখাই আয়োজন কৰা 'মানুহে মানুহৰ বাবে' শীর্ষক বিষয়ৰ ৰচনা প্রতিযোগিতাৰ বিষয়ে অনুষ্ঠানটিত সদস্যা লিপিকা চহৰীয়াই সদৰী কৰাৰ পিছত বিজয়ী প্রতিযোগীসকলক মানপত্ৰ আৰু নগদ ধনেৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে পুৰস্কৃত কৰে।
প্ৰতিযোগিতাত তেজপুৰৰ চেইন্ট যোচেফ কনভেন্ট বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী কাব্যলীনা সোণোৱালে প্রথম স্থান, একেখন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী দীক্ষিতা দাসে দ্বিতীয় স্থান, অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ নূপুৰ জ্যোতি হাজোৱাৰীয়ে তৃতীয় স্থান আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী জুমন হাজৰিকা আৰু বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী বিশাখা আহমেদে উদগনি বঁটা লাভ কৰে।