বৰক্ষেত্ৰীত ১৭,৫০০গৰাকী ভোটাৰলৈ জাননী

dainik janambhumi January 08, 2026

ডিজিটেল ডেস্ক : বিধানসভাৰ নিৰ্বাচন সমাগত। সেয়েহে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি। বোকা ছটিওৱাৰ বাবে বৰক্ষেত্ৰীৰ শাসক, বিৰোধী সকলোকে যেন এক সুবিধা প্রদান কৰিলে। নলবাৰী জিলাৰ ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত একাংশ লোকে চৰাঞ্চলৰ একাংশ বৈধ ভাৰতীয় লোকৰ প্ৰতি অভিযোগ তুলি নির্বাচন বিষয়াক অভিযোগ দাখিল কৰাত নিৰ্বাচন বিষয়াই এই লোকসকললৈ জাননী জাৰি কৰে। এফালে যদি প্রতিটো ৰাজনৈতিক দলৰ নেতা-কর্মীয়ে স্মাৰক-পত্ৰ প্ৰেৰণ কৰি বৈধ নাগৰিকৰ ভোট কর্তন নকৰিবলৈ নির্বাচন বিষয়াক দাবী জনাইছে। আনহাতে, সামাজিক মাধ্যমত প্রতিটো দলৰ নেতা-কর্মীয়ে ইয়াৰ দোষ ঠেলি দিছে আনটো ৰাজনৈতিক দললৈ।

ইতিমধ্যে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ চৰ জিলা পৰিষদৰ অন্তৰ্গত ১৭ সহস্রাধিক লোকৰ বিৰুদ্ধে এই জাননী প্ৰেৰণ কৰা হৈছে। ইপিনে নলবাৰী জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাবৰ আলীয়ে নিজেই সামাজিক মাধ্যমত তেওঁলৈও নির্বাচনী বিষয়াই জাননী প্ৰেৰণ কৰা বুলি প্ৰচাৰ কৰাৰ পাছতে এতিয়া সামাজিক মাধ্যমত বোকা ছটিওৱা ৰাজনীতি তুংগত উঠিছে। আন সহস্রজনে নিজৰ নিজৰ ভোট কর্তন হ'ব বুলি কৰা সন্দেহৰ দৰেই বিজেপি দলৰ নেতা-কর্মী কিছুমানৰো ভোটাধিকাৰ কৰ্তন হ'ব নেকি বুলি নলবাৰী জিলাখনত ব্যাপক চর্চা অব্যাহত আছে। আনহাতে, জাননী জাৰি কৰাৰ পাছতে বর্তমান বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলি আছে শুনানি। শুনানি শেষ হোৱাৰ পাছত বিভাগীয় কর্তৃপক্ষই এইসকল লোকৰ ভোটাধিকাৰৰ ক্ষেত্ৰত কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ'ব। সচেতন মহলে বিশেষকৈ শাসক-বিৰোধী দুই দলৰ নেতা-কর্মীসকলক এই সময়ত এজনে আনজনলৈ দোষ ঠেলি নিদি সকলো বৈধ ভাৰতীয় লোকৰ ভোটাধিকাৰ অক্ষুণ্ণ থকাৰ বাবে একেলগ হৈ কাম কৰি যাবলৈ আহ্বান জনাইছে। নির্বাচন বিষয়াই শুনানিত হাজিৰ হোৱাৰ বাবে জাননী প্ৰেৰণ কৰা লোকসকলে যদিহে শুনানিৰ সময়ত স্থায়ী বাসিন্দাৰ তথ্য-প্রমাণ দাখিল কৰিব পাৰে, তেনেহ'লে ভোটাধিকাৰ থাকিব। যদি প্ৰমাণ কৰিব নোৱাৰে তেনেহ'লে তেওঁলোকৰ ভোটাধিকাৰ কৰ্তন হ'ব বুলি আজি বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত চলি থকা শুনানি কেন্দ্ৰ পৰিদৰ্শন কৰি মন্তব্য কৰে নলবাৰীৰ জিলা আয়ুক্ত নিৱেদন দাস পাটোৱাৰীয়ে। বিভাগীয়ভাৱে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰোঁতে সমগ্ৰ নলবাৰী জিলাৰ ২৭হাজাৰৰো অধিক লোক স্থায়ীভাৱে স্থানান্তৰিত হোৱা বুলি ব্যক্ত কৰি সেই সকলো লোককে স্থায়ী বাসিন্দা বুলি প্রমাণ কৰাৰ বাবে জাননী প্ৰেৰণ কৰা হৈছিল। সেই মর্মেই বর্তমান শুনানি গ্রহণ কৰা হৈ আছে।

জিলা আয়ুক্তগৰাকীয়ে আৰু কয় যে বৰক্ষেত্ৰী সমষ্টিৰো স্থানান্তৰিত হোৱা ১৭,৫০০ লোকক শুনানিত হাজিৰ হোৱাৰ জাননী প্ৰেৰণ কৰিছিল নির্বাচনী বিষয়াই। সমগ্ৰ ৰাজ্যতে চলি থকা ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াৰ জৰিয়তে শুদ্ধ ভোটাৰ তালিকা প্ৰকাশৰ পূৰ্বে বিভিন্ন লোকলৈ নির্বাচন বিষয়াই শুনানিত হাজিৰ হোৱাৰ বাবে প্ৰেৰণ কৰিছে জাননী। উল্লেখযোগ্য যে মুকালমুৱাস্থিত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত যোৱা সোমবাৰৰ পৰা আৰম্ভ হৈছে এই শুনানি প্রক্রিয়া। আজি বৰক্ষেত্ৰী উন্নয়ন খণ্ডত উপস্থিত হৈ শুনানি কেন্দ্ৰ পৰিদৰ্শন কৰে নলবাৰী জিলাৰ আয়ুক্ত নিৱেদন দাস পাটোৱাৰীয়ে। স্থানান্তৰিত হোৱা লোকসকললৈ শুনানিত হাজিৰ হোৱা জাননী প্ৰেৰণ কৰা হৈছে আৰু সেই লোকসকলে শুনানিত হাজিৰ হৈ স্থায়ী বাসিন্দা বুলি প্রমাণ কৰিব লাগিব। প্রমাণ কৰিব নোৱৰা লোকসকলৰ ভোট কৰ্তন কৰা হ'ব বুলি কয় জিলা আয়ুক্তগৰাকীয়ে। শুনানিত হাজিৰ নোহোৱা লোক আৰু মৃত লোকৰ ভোট কর্তন হ'ব বুলি ব্যক্ত কৰি এই সময়ত যিসকলৰ বয়স ১৮ বছৰ সম্পূৰ্ণ হৈছে, তেওঁলোকৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰাৰ সুবিধা লাভ কৰিব পাৰিব বুলিও উল্লেখ কৰে জিলা আয়ুক্তই। অহা ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা ঘোষণা হোৱাৰ পাছতো ভোট কর্তন বা নতুন ভোটাৰ অন্তর্ভুক্ত কৰিব পাৰিব বুলিও জনায় জিলা আয়ুক্তগৰাকীয়ে। বৰ্তমান ভোটাধিকাৰ কৰ্তন কৰিব বিচৰা বুলি যি ভুল ধাৰণা এটা প্ৰচাৰ হৈ আছে, সেয়া শুদ্ধ নহয়। বি এল অ', বি এল এ অথবা সমষ্টিৰ ভিতৰৰ যিকোনো লোকে আন ভোটাৰৰ বিৰুদ্ধে অভিযোগ প্রদান কৰিব পাৰে। অভিযোগ প্রদান কৰিলেই ভোটাধিকাৰ কৰ্তন নহয় বুলিও উল্লেখ কৰি সকলো লোককে শুনানিত অংশগ্রহণেৰে স্থায়ী বাসিন্দাৰ প্ৰমাণ দাখিল কৰিবলৈ আহ্বান জনায় জিলা আয়ুক্তগৰাকীয়ে।

Share This