ডিজিটেল ডেস্ক : গুজৰাটৰ পৃথিৱীৰ ভিতৰতে সুউচ্চ ষ্টেচু অব্ ইউনিটিৰ সন্মুখত ৰাষ্ট্ৰীয় একতা দিৱসৰ বিশেষ দৃষ্টিনন্দন অনুষ্ঠানত তেজপুৰৰ ১৭গৰাকী সত্ৰীয়া নৃত্যৰ শিল্পীয়ে সত্ৰীয়া নৃত্য প্রদর্শন কৰি সমগ্র দেশবাসীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ এক খবৰে তেজপুৰবাসীক উৎফুল্ল কৰি তুলিছে। উল্লেখ্য যে ২০১৮ চনৰ পৰা গুজৰাটৰ লৌহ মানৱ বল্লভভাই পেটেলৰ পৃথিৱীৰ ভিতৰতে সুউচ্চপ্রতিমূৰ্তিৰ সন্মুখত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰি অহা হৈছে।
এইবাৰো যোৱা ৩১ অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে সকলো সামৰিক বাহিনীকে আদি কৰি বিভিন্ন ৰাজ্যৰ প্ৰতীকো প্রদর্শিত হয়। কেন্দ্রীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত ভাৰতবৰ্ষৰ প্ৰত্যেকটো শাস্ত্রীয় নৃত্যৰ ৮০০ গৰাকী শিল্পীৰ মাজত জিলিকি উঠিল তেজপুৰৰ ১৭গৰাকী সত্ৰীয়া শিল্পীৰ দল।
উল্লেখ্য যে সংগীত নাটক অকাদেমিৰ অধীনস্থ গুৱাহাটীৰ সত্ৰীয়া কেন্দ্ৰৰ জৰিয়তে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰা তেজপুৰৰ শিল্পীসকল আছিল ক্রমে জনপ্রিয় সত্ৰীয়া নৃত্যৰ শিল্পী প্ৰেৰণা বৈশ্য, ময়ূৰাক্ষী দাস, দৃষ্টি মহন্ত, সুস্মিতা বৰা, জিজ্ঞাসিতা গাৰ্গ, স্তুতি কাশ্যপ, দিশা শিৱম, শতভিশা তালুকদাৰ, শিল্পা বৰা, ডেইজী দেৱী, কৃষ্ণাক্ষী হাজৰিকা, বন্দনা দাস, দেৱস্মিতা ৰয়, অন্তৰা দাৰফাং, মণিকা কুমাৰী ঠাকুৰ, তানিশা বৰ্মন, ভূমিকা তামুলী আৰু কৃষ্টিনা পূজাৰী। উল্লেখ্য যে নতুন দিল্লী, পুনে, গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটৰ ৮০ গৰাকী সত্ৰীয়া শিল্পীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে।