ওৰাং আৰক্ষীৰ অভিযানত পুনৰ ১৭৪ কেজি নিষিদ্ধ গাঁজা জব্দ; গাঁজা ব্যৱসায়ী নাৱলা বসুমতাৰীক আটক

Nikimoni Kachari January 05, 2026

ডিজিটেল ডেস্কঃ ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীৰ অভিযানত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঁজা জব্দ। অভিযানত ১৭৪ কেজি নিষিদ্ধ গাঁজা জব্দ কৰে আৰক্ষীয়ে।

ৰৌতা আৰক্ষীৰ চক্ৰ পৰিদৰ্শক উৎপল শৰ্মা, ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হীৰকজ্যোতি দাস, এছ আই সুৰজিত হাজৰিকাৰ লগত যোৱা এক বৃহৎ আৰক্ষীৰ দলে ধনশ্ৰীঘাটৰ জামুগুৰি অঞ্চলত গাঁজা বিচাৰি চলাইছিল জোৰদাৰ অভিযান। 

আৰক্ষীৰ উক্ত অভিযানত জামুগুৰি অঞ্চলৰ কহোঁৱা হাবিৰ মাজৰ পৰা ১৭৪ কিল'গ্ৰাম নিষিদ্ধ গাঁজা জব্দ কৰিবলৈ সক্ষম হয়।‌ গাঁজাখিনি অৰুণাচল পাহাৰৰ পৰা আনি কঁহুৱা হাবিত লুকুৱাই ৰাখিছিল গাঁজা সৰবৰাহকাৰী জামুগুৰিৰ নাৱলা বসুমতাৰীয়ে। 

পিছত ওৰাং আৰক্ষীয়ে গাঁজাসহ নাৱলা বসুমতাৰীক আটক কৰি নিশাই ওৰাং থানালৈ লৈ আনে। 

ওৰাং আৰক্ষীয়ে ১/২৬ নম্বৰত এটা কেচ ৰুজু কৰি তদন্ত চলাই আছে।

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This