ডিজিটেল ডেস্ক : শৰতৰ বতৰা লৈ আহিল দুৰ্গা পূজা। ঢাক-ঢোলৰ শব্দৰে মুখৰিত হ'ব আকাশ-বতাহ । শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ আৰু কেইটামান দিন। ইতিমধ্যে দুৰ্গা পূজাক লৈ প্ৰস্তুতি তুংগত কৰি তুলিছে পূজা সমিতিসমূহে। বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো চলিছে পূজাৰ প্ৰস্তুতি। সেই উপলক্ষে শনিবাৰে নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ সপ্তদশ বাৰ্ষিক দুৰ্গা পূজা আৰু লক্ষ্মী পূজাভাগিৰ লাইখুঁটা স্থাপন কৰা হয়। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে অঞ্চলটোৰ ৰাইজৰ লগতে পূজা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত সম্পন্ন হয় এই মাংগলিক কাৰ্যভাগি।
উল্লেখযোগ্য যে এইবাৰ ২১ ছেপ্টেম্বৰত মহালয়া দেৱীপক্ষ আৰম্ভ হ'ব। কাৰ্যসূচী অনুসৰি ষষ্ঠী পূজা আৰম্ভ হ'ব ১১ আহিন তথা ২৮ ছেপ্টেম্বৰত । উক্ত দিনটোত সন্ধিয়া ৬-৩০ বজাত বেলবৰণৰ মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে দেৱীৰ বোধন, আমন্ত্ৰণ, অধিবাসেৰে আৰম্ভ হ'ব মা দুৰ্গাৰ পূজা-অৰ্চনা। ১২ আহিন, ২৯ ছেপ্টেম্বৰৰ সপ্তমীৰ দিনটোত পুৱা ৯ বজাৰ পৰা বিহিত পূজা আৰম্ভ হ'ব। সপ্তমীৰ দিনা সন্ধিয়া ৭ বজাত শ্ৰীবিষ্ণু নাগাৰা নাম দলৰ নাম পৰিৱেশন হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। মহা অষ্টমীৰ দিনাও পুৱাৰে পৰা পূজা আৰম্ভ হৈ দিনৰ ১-২১ বজাৰ পৰা সন্ধি পূজা আৰম্ভ হ'ব লগতে সন্ধিয়া ৬ বজাত হ'ব আৰতি। মহানৱমীৰ দিনটোত পুৱাৰে পৰা পূজা-অৰ্চনা আৰম্ভ হৈ সন্ধিয়াভাগত বামাখাটা, পাঠশালাৰ শংকৰ-মাধৱ শিল্পী সমাজৰ থিয়নাম পৰিৱেশন হ'ব। আনহাতে বিজয়া দশমীৰ দিনটোত দিনজোৰা পূজাৰ অন্তত বিয়লি ভাগত দেৱীমাৰ প্ৰতিমাৰ বিসৰ্জন দিয়া হ'ব। ইয়াৰ পাছতেই ১৯ আহিন, ৬ অক্টোবৰত আৰম্ভ হ'ব লক্ষ্মী পূজা। এইবাৰ দুৰ্গা পূজাৰ পাছত লক্ষ্মী পূজা একেটা মণ্ডপতে পালন কৰিব বুলি জনাইছে নিউ গুৱাহাটী আঞ্চলিক পূজা সমিতিয়ে।
উল্লেখ কৰাৰ প্ৰয়োজন যে বিগত বৰ্ষৰ দৰে এইবাৰো দুৰ্গা পূজাৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰাৰ কথাও সদৰী কৰে সাধাৰণ সম্পাদক শ্যামন্ত দাসে। আজিৰ লাইখুঁটা স্থাপনৰ মাংগলিক কাৰ্যসূচীত উপস্থিত থাকে সভাপতি অৰুণ ভৰালী, কাৰ্যকৰী সভাপতি বিশ্বজিত মিত্ৰ, কোষাধ্যক্ষ ভাৰত চন্দ্ৰ ডেকা, মুখপত্ৰ সম্পাদক প্ৰকাশ মহন্তৰ লগতে বহুকেইজন গণ্য-মান্য ব্যক্তি।