বাঘবৰত ১৮ বিঘা কল খেতি ধ্বংস দুষ্ট চক্ৰৰ, দুর্বৃত্তক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবী দল-সংগঠনৰ

dainik janambhumi January 20, 2026

ডিজিটেল ডেস্ক : কঠোৰ পৰিশ্ৰম কৰি এমুঠি অন্নৰ বাবে কৰা কৃষিকৰ্মতো এতিয়া শেনচকু পৰিছে দুর্বৃত্তৰ। বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোণাপুৰত বেঁকী নৈৰ চৰত এইবাৰ সংঘটিত হৈছে এক ভয়ংকৰ কৃষি ধ্বংসৰ ঘটনা। ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ দুষ্ট চক্রই কাটি তহিলং কৰে শতাধিক বিঘা মালভোগ কলৰ খেতি। ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া। মন্দিয়া সমষ্টিৰ অন্তৰ্গত বেঁকী নৈৰ বিভিন্ন চৰত গুৰালা গাঁৱৰ আদৰ্শ কৃষক জহুৰ উদ্দিনে প্রায় ১০০ বিঘা ভূমিত মালভোগ কলৰ খেতি কৰি আহিছিল। তাৰ ভিতৰত সোণাপুৰ গাঁৱৰ বেঁকী নৈৰ চৰত থকা প্রায় ১৮ বিঘা ভূমিত উৎপাদিত কলৰ খেতিত এইবাৰ দুষ্ট চক্রই কল গছৰ লগতে কলৰ থোক কাটি তহিলং কৰিছে।

কলগছৰ সমান্তৰালকৈ কলৰ থোক কাটি সম্পূৰ্ণৰূপে ধ্বংস কৰে। ফলত কেইবা লক্ষাধিক টকাৰ ক্ষতিৰ সন্মুখীন হৈছে কৃষকজন। কৃষকজনে বহু কষ্টৰে কৰা এই খেতিত অমানৱীয় অত্যাচাৰত কৃষকজন মানসিকভাৱে ভাগি পৰিছে। কৃষকজনে কৃষি বিভাগৰ পৰা কোনো সহায়-সহযোগ নোলোৱাকৈ নিজৰ গাঁঠিৰ ধনেৰে কৰিছিল কলৰ খেতি। ঘটনাক কেন্দ্ৰ কৰি ভুক্তভোগী কৃষক জহুৰ উদ্দিনে কলগাছিয়া থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। উক্ত এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে কলগাছিয়া আৰক্ষীৰ এটা বৃহৎ দলে।

উল্লেখযোগ্য যে উৎপাদিত মালভোগ কলবোৰ কৃষক জহুৰ উদ্দিনে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ৰপ্তানি কৰি আহিছিল। কিন্তু এনে দুষ্ট চক্ৰৰ অত্যাচাৰে কৃষকজনক সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। সকলো হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰা কৃষকজনে ৰাজ্য চৰকাৰ আৰু কৃষি বিভাগৰ ওচৰত আৰ্থিক সাহায্যৰ বাবে আহ্বান জনাইছে। লগতে এই দুষ্কাৰ্যৰ সৈতে জড়িত দোষীক উচিত শাস্তি প্ৰদানৰ দাবী কৰিছে স্থানীয় ৰাইজ তথা কৃষক সংগঠনসমূহে।

Share This