৩৫ জিলাৰ ১১০০ শিল্পীৰ কণ্ঠত সুধাকণ্ঠৰ ১৪টা গানৰ কলি, প্ৰধানমন্ত্ৰীৰ সন্মুখত ১৮ মিনিটৰ বিশেষ অনুষ্ঠান

dainik janambhumi September 14, 2025

ডিজিটেল ডেস্ক : সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে কালি অসম চৰকাৰে খানাপাৰাস্থিত অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত মায়াময় পৰিৱেশৰ সৃষ্টি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ৰাজ্যৰ এঘাৰশৰো অধিক শিল্পীয়ে পৰিৱেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত। অসমৰ শিল্পীয়ে সৃষ্টি কৰা পৰিৱেশত গীতৰ সৈতে তাল মিলাই প্রধানমন্ত্রীয়েও হাত চাপৰি বজাবলৈ আৰু গীত গুণগুণাবলৈ বাধ্য হয়। সুধাকণ্ঠৰ জন্ম শতবার্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সন্মুখত ১৮ মিনিট সময় গুঞ্জৰিত হোৱা সুধাকণ্ঠৰ কালজয়ী গীতৰ সময়ত উপস্থিত হাজাৰ হাজাৰ লোক মন্ত্রমুগ্ধ হৈ পৰে। এঘাৰশৰো অধিক শিল্পীয়ে সুধাকণ্ঠৰ মুঠ ১৪টা গীত 'বেক্ টু বেক্' পৰিৱেশন কৰে। 

উৎসাহিত দর্শকে ম'বাইলৰ ফ্লাচ লাইট জ্বলাই পৰিৱেশটো অধিক মায়াময় কৰি তোলে। হিন্দী, বঙালী আৰু অসমীয়া গীতৰ সমাহাৰ ঘটাই পৰিৱেশন কৰা হয় এই সাংগীতিক অনুষ্ঠানত সুধাকণ্ঠৰ অমৰ সৃষ্টি 'অসম আমাৰ ৰূপহী গুণৰো নাই শেষ' গীতেৰে আৰম্ভণি কৰি ক্ৰমে কুসুম্বৰৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে, অগ্নি যুগৰ ফিৰিঙতি মই, সাগৰ সংগমত কতনা সাঁতুৰিলোঁ, ক'ত জোৱানৰ মৃত্যু হ'ল, বুকু হম হম কৰে, কৃষ্ণ গৰখীয়াই, হে হে ঢোলে দগৰে, নানা জাতি-উপজাতি, গংগা বেহতী হ' কিউ, অৰুণাচল হামাৰা, মই লুইতৰ পৰা মিছিছিপি হৈ, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, মানুহে মানুহৰ বাবে, আমি একেখন নাৱৰে যাত্ৰী, মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান, প্রচণ্ড ধুমুহাই মোক প্রশ্ন কৰিলে আদি মুঠ ১৪টা গীত পৰিৱেশন কৰা হয়। ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা নিৰ্দিষ্টসংখ্যক শিল্পীৰ উপৰি গুৱাহাটীৰ শিল্পীয়ে এই অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানটোত পৰিৱেশন কৰিবলগীয়া গীতসমূহ বাছনি কৰিছিল সুধাকণ্ঠৰ সৈতে দীর্ঘদিন ধৰি বাদ্য সংগত কৰা শিল্পী কমল কটকীয়ে। সংগীত ব্যৱস্থাপনা কৰে ৰূপম তালুকদাৰে। 

অনুষ্ঠানত গীত পৰিৱেশন কৰা জ্যেষ্ঠ-কনিষ্ঠ শিল্পীসকলৰ ভিতৰত সদানন্দ গগৈ, কমল কটকী, মালবিকা বৰা, অঞ্জু দেবী, ৰুবী সিনহা, অনির্বাণ দাস, ৰাম চাচনী, দুলাল মানকি, অঞ্জন জ্যোতি চৌধুৰী, মৈত্রেয়ী অধ্যাপক, আশা শর্মা কটকী, কণিকা ভট্টাচার্য, দিলীপ দাস, মৌচুমী চহৰীয়া, সংগীতা কাকতি, কুইন দাস, জিনা ৰাজকুমাৰী, অসীম জ্যোতি বৰুৱা, ৰঞ্জন কুমাৰ দত্ত, ময়ুখ হাজৰিকা, তৃষ্ণা দেবী, দিগন্ত ভাৰতী, ভাস্বতী ভাৰতী, অৰুন্ধতি বেজবৰুৱা, নাহিদ আফ্রিন আদি অন্যতম।

Share This