শিৱসাগৰত ১৮ বছৰে নিৰ্মাণ সম্পূৰ্ণ নহ'ল ছাত্রী নিৱাস

dainik janambhumi March 05, 2026

ডিজিটেল ডেস্ক : শাসকীয় চৰকাৰখনৰ বৰ্তমানৰ উন্নয়নমূলক কাম-কাজৰ ক্ষেত্ৰত একপ্ৰকাৰ 'বাহিৰে ৰং-চং ভিতৰে কোৱা ভাতুৰী'-এই জতুৱা ঠাঁচটো ব্যৱহাৰ কৰিব পাৰি। ৰাস্তা-ঘাটৰ উন্নয়নেই প্রকৃত উন্নয়ন নহয়। এই কথা উপলব্ধি কৰিব নকৰা শাসকীয় চৰকাৰখনৰ লগতে বিগত সময়ত শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা শিক্ষামন্ত্ৰীগৰাকী সবাতোকৈ ব্যর্থ মন্ত্রী হিচাপে প্রমাণিত হৈছে। শিক্ষাখণ্ডত আমূল পৰিৱৰ্তনৰ কথা কৈ থকা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰীগৰাকীৰ আমোলত মাত্ৰ ঘোষণাহে হ'ল। কিন্তু বাস্তৱিক অৰ্থত একোৱেই কাৰ্যকৰী নহ'ল। নিযুত মাইনাৰ পৰা বাবু আঁচনিলৈকে আঁচনি নিৰ্ধাৰণ কৰা চৰকাৰখনে এতিয়াও শিক্ষাখণ্ডৰ আন্তঃগাঁথনি উন্নয়ন কৰিব পৰা নাই। যাৰ বাবে চৰকাৰী শিক্ষাখণ্ডক লৈ নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকল বিমোৰত পৰিছে। পূৰ্বৰ বা বৰ্তমানেই শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়কসকল কেৱল ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত থকাৰ বাবেই শিৱসাগৰ জিলাত কোনো দিশতেই উন্নয়ন নহ'ল। প্ৰয়াত পূৰ্বৰ প্রমোদ গগৈ বা প্ৰণৱ গগৈৰ দিনত গেঠেলা মৰা উন্নয়নক অখিল গগৈয়ে ত্বৰান্বিত কৰিব বুলি শিৱসাগৰবাসীয়ে জনপ্রতিনিধি হিচাপে নির্বাচিত কৰিছিল। কিন্তু বিগত পাঁচ বছৰে শিৱসাগৰৰ ৰাইজে কোনো সুফল নাপালে। 

বিগত পাঁচ বছৰত নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত নিজৰ সমষ্টিৰ সমস্যাৰ প্ৰতি আওকাণ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা অখিল গগৈয়ে সমষ্টিত কি প্রয়োজন, তাক অনুধাৱন নকৰিলে। আনহাতে, শিৱসাগৰ বিধানসভা সমষ্টিত ৰাজ্যৰ শিক্ষা মন্ত্ৰীগৰাকীক জিলাখনৰ অভিভাৱকত্ব প্রদান কৰাৰ পাছত সকলোৱে আশা কৰিছিল যে শিৱসাগৰ জিলাত অসম্পূর্ণ হৈ থকা শিক্ষাখণ্ডৰ কামবোৰ সম্পূৰ্ণ হ'ব। কিন্তু বিগত পাঁচ বছৰে শিৱসাগৰ জিলাৰ অভিভাৱকত্ব লাভ কৰা শিক্ষা মন্ত্ৰীগৰাকীয়ে সমগ্ৰ অসমৰ বিপৰীতে শিৱসাগৰত কি কৰিলে সেয়া এক বৃহৎ প্রশ্ন। চৰকাৰী স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন হ'লেও শিৱসাগৰ সমষ্টিত উপযুক্ত চৰকাৰী স্বাস্থ্য সেৱাৰ পৰা সাধাৰণ ৰাইজ যে বঞ্চিত হ'ব লগা হৈছে, সেয়া ইতিমধ্যে প্রমাণিত হৈছে। সমষ্টিটোত থকা শিৱসাগৰ অসামৰিক চিকিৎসালয় জয়সাগৰৰ চিকিৎসালয়খনে ৰোগীসকলৰ একমাত্র উন্নত চিকিৎসাৰ চিকিৎসালয় যদিও পর্যাপ্ত চিকিৎসা সুবিধা নথকাত ৰোগীসকল বিপাঙত পৰিব লগা হয়। তাতোকৈ তাৎপর্যপূর্ণ বিষয় এয়ে যে চিকিৎসালয়খনৰ চৌহদতে থকা চৰকাৰী শিৱসাগৰ নাৰ্ছিং প্রশিক্ষণ কেন্দ্রটো বিগত ৪১ বছৰে অস্থায়ী ভৱনতে চলি আছে। কেন্দ্রটোত ১৯৮৪ চনত এ এন এম নাৰ্ছিং প্রশিক্ষণ আৰম্ভ হোৱাৰ বিপৰীতে ডাইৰেক্টৰ অব্ হেল্থ ছার্ভিচেছৰ অধীনত ২০০২চনত জি এন এম নাৰ্ছিং প্রশিক্ষণ আৰম্ভ হৈছিল। প্ৰতি বছৰে এ এন এম আৰু জি এন এম নাৰ্ছিঙৰ মুঠ ৮৬গৰাকীকৈ প্রশিক্ষার্থীয়ে প্রশিক্ষণ গ্রহণ কৰি আহিছে। প্রশিক্ষণ সমাপ্ত হোৱাৰ পাছত এই সকল প্রশিক্ষার্থীয়ে ৰাজ্যৰ স্বাস্থ্য খণ্ডত বৰঙনি আগবঢ়াই আহিছে। এই প্রশিক্ষণ কেন্দ্রটোত জিলাখনৰ উপৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা নাৰ্ছিং প্ৰশিক্ষণৰ বাবে ছাত্ৰীসকল আহে যদিও প্রশিক্ষণ কেন্দ্ৰটোৰ স্থায়ী গৃহ নথকাত স্বাাস্থ্য কর্মীৰ জিলা প্রশিক্ষণ কেন্দ্রতে প্রশিক্ষার্থীসকলক পাঠদান দি আহিছে। 

আনহাতে, বিভিন্ন সময়ত স্বাস্থ্যকর্মীৰ প্ৰশিক্ষণৰ বাবে নাৰ্ছিং প্রশিক্ষার্থীসকলৰ পাঠদানতো বাধা আহি পৰে। আনহাতে, দূৰ-দূৰণিৰ পৰা নাৰ্ছিং প্ৰশিক্ষাৰ্থীসকলৰ থকা মেলাৰ বাবে ২০০৮ চনতে বর্তমান স্বাস্থ্যকর্মীৰ জিলা প্রশিক্ষণ কেন্দ্ৰৰ দাঁতিতে দুই মহলাযুক্ত এটা অত্যাধুনিক নাৰ্ছিং হোষ্টেল নির্মাণ কৰিছিল যদিও বিগত ১৮বছৰেও নাৰ্ছিং হোষ্টেলটোৰ নির্মাণ সম্পূর্ণ নহ'ল। নৱনির্মিত হোষ্টেলটোৰ প্ৰায় ৯০শতাংশ কাম সম্পূর্ণ হৈছিল যদিও ৰহস্যজনকভাৱে বাকীখিনি কাম আজিও সম্পূর্ণ নহ'ল। যাৰ বাবে আধৰুৱা নৱনির্মিত হোষ্টেলটো হাবি- জংঘলৰে আৱৰি ধৰাৰ লগতে ভাগি-ছিগি প্রায় নষ্ট হৈ পৰিছে। নাৰ্ছিং প্রশিক্ষণ কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীসকলৰ বাবে পুৰণা যিটো হোষ্টেল আছে, তাত সীমিত আসন থকাৰ বাবে দূৰ-দূৰণিৰ পৰা প্ৰশিক্ষণৰ বাবে অহা প্রশিক্ষার্থীসকলে নিজৰ পকেটৰ ধন খৰচ কৰি ভাৰাঘৰত থাকি প্রশিক্ষণ গ্রহণ কৰিব লগা হৈছে।

Share This