ডিজিটেল ডেস্কঃ নামনি অসমৰ পৰা উজনি অসম পর্যন্ত অচিনাকি লোকে লাখ লাখ বিঘা চৰকাৰী, সংৰক্ষিত বনাঞ্চল, ভি জি আৰ, পি জি আৰ মাটিত কৰা বেদখলে ৰাজ্যখনৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰ কৌশলৰ কথা পোহৰলৈ আনিছে ৰাজহ বিভাগৰ তথ্যই। বুজন সংখ্যক মাটি বেদখলমুক্ত কৰা হৈছে যদিও এতিয়াও বৃহৎ সংখ্যক মাটি বেদখলকাৰীৰ কবলত আছে।
চৰকাৰী বনাঞ্চলৰ মাটিত অচিনাকি লোকে দখল কৰা মাটি বেদখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। ইয়াৰ বিপৰীতে ব্যক্তিগতভাৱে কোনো লোকো কেইবাগুণ বেছি দাম দিলেও অচিনাকি লোকক নিজৰ মাটি বিক্ৰী নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে শ্বহীদ দিৱসৰ দিনাই ৰাইজলৈ আহ্বান জনাইছে। বেদখলকাৰীয়ে বাধাহীনভাৱে যে ৰাজ্যখনৰ চৰকাৰী মাটি, সংৰক্ষিত বনাঞ্চল, ৰাষ্ট্ৰীয় অভয়াৰণ্য, ভি জি আৰ, পি জি আৰৰ মাটি বেদখল কৰিছে সেই কথা ৰাজহ বিভাগৰ তথ্যত প্ৰকাশ হৈছে।
২০১৬ চনৰ পৰা এতিয়ালৈ প্রায় দহটা বছৰত মুঠ ২,৫৮,০৪১ বিঘা মাটি ৰাজ্য চৰকাৰে বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিছে। ইয়াৰে বেদখলমুক্ত কৰা বনাঞ্চলৰ মাটিৰ পৰিমাণ ২,৩২,৫৩৩ বিঘা আৰু ভি জি আৰ, পি জি আৰ আৰু চৰকাৰী মাটিৰ পৰিমাণ ২৫,৫০৮ বিঘা। এফালৰ পৰা যে বনাঞ্চল, চৰকাৰী, ভি জি আৰ, পি জি আৰৰ মাটি বেদখল কৰি অচিনাকি লোকসকলে সাম্ৰাজ্য বিস্তাৰ কৰিছিল সেই কথা প্রায় ১০টা বছৰত উচ্ছেদ অভিযান চলাই বেদখল মুক্ত কৰা এই মাটিৰ পৰিমাণে উদঙাই দিছে।
উল্লেখযোগ্য যে অতি সামান্য সংখ্যক অচিনাকি লোক বা পৰিয়ালে প্রথমতে বৃহৎ এলেকাৰ মাটি দখল কৰি খেতি কৰিবলৈ আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত সেই মাটিত অধিক সংখ্যক অচিনাকি লোকৰ আগমন ঘটে আৰু বসবাস কৰাৰ সুবিধা কৰি লয়। সেই লোকসকলৰ মূল পৰিয়াল আন জিলাত থাকে। সেয়েহে লাখ লাখ বিঘা চৰকাৰী বা বনভূমি বেদখল মুক্ত কৰিলেও ক্ষতিগ্রস্ত উচ্ছেদিত পৰিয়াল বৃহৎ সংখ্যক নহয়। ৰাজহ বিভাগৰ হাতত থকা ষষ্ঠ অনুসূচীৰ জিলাক বাদ দি ২৭খন জিলাৰ তথ্য মতে, উচ্ছেদিত পৰিয়ালৰ সংখ্যা ১৩,৮৩৫টা আৰু উচ্ছেদিত পৰিয়ালৰ ব্যক্তিৰ সংখ্যা প্রায় ৩০ হাজাৰ। কঠোৰ পদক্ষেপ গ্ৰহণ কৰি উচ্ছেদ চলোৱা লোকসকলে যাতে কিছুদিনৰ পাছত পুনৰ মাটি বেদখল কৰি অচিনাকি লোকৰ আগ্রাসনেৰে পৰিসৰ বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে সেই লোকসকলক নিজৰ নিজৰ জিলালৈ যোৱাৰ নিৰ্দেশ দিয়াৰ লগতে সেই লোকসকলক ভাৰাঘৰ নিদিবলৈ ৰাইজক মুখ্যমন্ত্রীয়ে ইতিমধ্যে আহ্বান জনাইছে। বনাঞ্চলৰ লাখ লাখ বিঘা ভূমি অচিনাকি লোকসকলে দখল কৰিয়েই ক্ষান্ত থকা নাই, চৰকাৰী মাটিও নিজৰ দখললৈ নিছিল। ২৫ হাজাৰৰো অধিক বিঘা চৰকাৰী মাটিৰ ভিতৰত সৰহ সংখ্যক মাটিৰ উদ্ধাৰ কৰা জিলাসমূহৰ ভিতৰত শোণিতপুৰ জিলা (৪৯৩৫ বিঘা), ধুবুৰী (৪৬৩০ বিঘা), নগাঁও (২৭৬৮ বিঘা), কামৰূপ (২০০৯ বিঘা) অন্যতম।
চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীয়ে পাতি লোৱা গাঁৱৰ ঘৰ, মাদ্রাছা, মছজিদ আদি উচ্ছেদ চলাই ৰাজ্য চৰকাৰে চৰকাৰী মাটি বেদখলমুক্ত কৰে। অৱশ্যে এই সময়ছোৱাৰ ভিতৰত ধুবুৰীত ১২৭৮টা, ডিব্ৰুগড়ত ৮টা, হোজাইত ১৯৬টা, লখিমপুৰত ১২টা, নগাঁৱত ১৯২টা, শেণিতপুৰত ৬০টা আৰু শ্রীভূমি জিলাত ৭১টা মুঠ ১৮০৯টা পৰিয়ালক ৰাজহ বিভাগে পুনৰ সংস্থাপনো দিছে।