অসমৰ বাবে '২০২৫ বর্ষ' প্রাপ্তি, সফলতাৰ বৰ্ষ: বিজেপি

dainik janambhumi January 01, 2026

ডিজিটেল ডেস্ক: অসমৰ বাবে এক প্রাপ্তি, সফলতা, নতুন দিশৰ উন্মেষ আৰু উত্তৰণ বৰ্ষ ২০২৫। এই অভিমত ৰাজ্যিক বিজেপিৰ। এক বিবৃতিত ৰাজ্যিক বিজেপিয়ে কয়, 'অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্র বটদ্ৰৱাৰ পুনৰুজ্জীৱিতকৰণ কৰি অসমৰ ৰাইজলৈ উছৰ্গা কৰা হ'ল। 

সমগ্ৰ পূব ভাৰতৰ ভিতৰত ২৯১ কোটি টকা ব্যয়ৰে অন্যতম বৃহৎ ৫০০০ আসনবিশিষ্ট মহান শিল্পী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পৱিত্ৰ স্মৃতিত গুৱাহাটীৰ খানাপাৰাত নিৰ্মাণ কৰি উলিওৱা আন্তর্জাতিক প্রেক্ষাগৃহ দক্ষিণ-পূব এছিয়া মহাদেশৰ সাংস্কৃতিক উত্তৰণত বাটকটীয়া হ'ব। অসম চৰকাৰৰ প্ৰচেষ্টাত পূৰ্বৰ তুলনাত ১২৭ শতাংশ বিদেশী পর্যটক ২০২৫ বৰ্ষত কাজিৰঙালৈ আগমনে অসমৰ সংস্কৃতি, সংৰক্ষণ তথা অসমৰ আইন শৃংখলাজনিত পৰিৱেশক সূচোৱাৰ লগতে বিশ্বৰ এক নৱোদিত পৰ্যটকৰ গন্তব্য স্থানলৈ উত্তৰণ হৈছে কাজিৰঙা অভয়াৰণ্য। 

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ চৰকাৰৰ দূৰদৰ্শী নীতিৰ বাবে ভাৰতীয় ৰিজাৰ্ভবেংকৰ স্বীকৃতি মতে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৪৫ শতাংশলৈ বৃদ্ধি পাইছে, যি ৰাষ্ট্ৰীয় গঢ় ২৯ শতাংশতকৈ বহু ওপৰত। স্থিৰ মূল্যত অসমৰ সামগ্রিক ৰাজ্যিক ঘৰুৱা উৎপাদনৰ (GSDP) বৃদ্ধিৰ ফলত অসম ৩.৪৯ লাখ কোটিৰ বৃহৎ অর্থনীতিৰ ৰূপ পাইছে যিয়ে অসমক দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ দৃষ্টিভংগী ৰূপায়ণৰ ক্ষেত্রত এক বৃহৎ সফলতা। 

আনহাতে ২০০ বছৰীয়া স্বর্ণিল চাহ উদ্যোগৰ চাহ জনগোষ্ঠীৱে অসমৰ ৰাজনৈতিক প্রেক্ষাপটত বিগত কংগ্ৰেছ চৰকাৰে ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছিল বুলি জনাই তেওঁ লগতে কয়, 'জনগোষ্ঠীটোৱে বিগত কংগ্ৰেছ চৰকাৰৰ সময়ত প্ৰতাৰণাৰ বাদে একো নাপালে। কিন্তু ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে জনগোষ্ঠীটোৰ শিক্ষাৰ পৰা স্বাস্থ্য, বাট-পথৰ পৰা ভূমি পট্টাৰ সুৰক্ষালৈ প্রতিটো দিশতে লাভ কৰিছে প্রাপ্য অধিকাৰ। জাতি-মাটি-ভেটি শ্ল'গানৰ সংকল্পক সিদ্ধিলৈ উত্তৰণ কৰিছে ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন এন ডি এ চৰকাৰে। অসমৰ সংস্কৃতি আৰু জনগাঁথনিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বেদখলকাৰীৰ পৰা প্ৰায় ১.৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে। এই অভিযানৰ লক্ষ্যত আমাৰ চৰকাৰ অটল আৰু অবিচল। অসমৰ ৩০ লাখ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্রদানে অসমৰ মহিলাসকলক স্বাৱলম্বী হোৱাই নহয় এক আদর্শ হিচাপে সমাজত উজলি উঠিব। 

ৰাজ্যিক বিজেপিৰ মতে ২০২৫ বর্ষত আমাৰ চৰকাৰে যুৱ প্ৰজন্মৰ মাজত আস্থা আৰু বিশ্বাসৰ প্ৰতীকীৰূপে জিলিকি থকিব। অসমৰ ২ লাখতকৈও অধিক যুৱকক স্বচ্ছ নিকা আৰু মেধা ভিত্তিত দিয়া নিযুক্তিৰ অনিৰুদ্ধ গতি অব্যাহত থাকিব। কৃষকক লাভান্বিত কৰা নামৰূপ সাৰ কাৰখানা বন্ধ হৈ যোৱাৰ পাছত কংগ্ৰেছ চৰকাৰে ইয়াক পুনৰুজ্জীৱিত কৰাৰ বাবে কোনো পদক্ষেপ নল'লে। কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছা আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত ১২.৭ লাখ মেট্রিক টন সাৰ উৎপাদনক্ষম নামৰূপ সাৰ কাৰখানা পুনৰ প্ৰাণ পাই উঠিব। যোৱা ২১ ডিচেম্বৰত ১২,০০০ কোটি টকা ব্যয় সম্পন্ন এমনিয়া ইউৰিয়া সাৰ প্ৰকল্পৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ভূমিপূজনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকৰ সাৰৰ প্ৰয়োজনীয়তা সুৰক্ষিত হ'ব। ইফালে নতুনকৈ নির্মাণ কৰা শ্বহীদ স্মাৰকৰ কথা ব্যক্ত কৰি গেৰুৱা দলটোৱে লগতে কয়, 'জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ঐতিহাসিক অসম আন্দোলনত ৮৬০ গৰাকী অসমী আইৰ সন্তান শ্বহীদ হৈছিল। সেই দুঃসহ স্মৃতি শ্বহীদৰ পৰিয়ালসমূহে আজিও বুকুত কঢ়িয়াই ফুৰে। 

আমাৰ চৰকাৰে অমৰ শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰিবলৈ গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মাণ কৰি উলিওৱা শ্বহীদ স্মাৰকত দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰত অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আৱক্ষ মূৰ্তিত মাল্যার্পণ আৰু শ্রদ্ধাঞ্জলি জ্ঞাপন অসমৰ ইতিহাসৰ স্মৃতিপটত সদায় স্মৰণীয় হৈ ৰ'ব। গুৱাহাটী আৰু উত্তৰ পূবৰ বাবে এক ঐতিহাসিক দিন ২০ ডিচেম্বৰত প্রধানমন্ত্রীয়ে বিমান বন্দৰ চৌহদৰ ভিতৰত ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তিৰ লগতে বিমান বন্দৰৰ সংহত টার্মিনেল উন্মোচন। লোকপ্রিয় গোপীনাথ বৰদলৈ নতুন টার্মিনেল অসমৰ 'পূবলৈ চোৱা' (এক্ট ইষ্ট) নীতিৰ মূল চালিকা শক্তি হোৱাৰ উচ্চাকাংক্ষাক আৰু অধিক উৰণ প্রদান কৰিব। ২০২৫ বহুতো সংস্কাৰেৰে সমৃদ্ধ এটি বর্ষ, যি প্রতিজন ভাৰতীয় তথা অসমবাসীৰ জীৱনলৈ কঢ়িয়াই আনিছে অভূতপূর্ব বিকাশ। সংস্কাৰ, পৰিৱৰ্তন আৰু উত্তৰণৰ এই অনিৰুদ্ধ যাত্রাই এক সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰ অসম সৃষ্টি কৰিব বুলিও কয় ৰাজ্যিক বিজেপিয়ে।

Share This