পদ্মভূষণ জাহ্নু বৰুৱাক 'তীর্থ ফুকন লোক-সংস্কৃতি বঁটা-২০২৫' প্রদান

dainik janambhumi December 18, 2025

ডিজিটেল ডেস্ক : তীৰ্থ ফুকন স্মৃতি সংৰক্ষণ সমিতিৰ উদ্যোগত আৰু পাটসাঁকোবাসীৰ আতিথ্যত কালি পাটসাঁকোস্থিত কেন্দ্রীয় টাই একাডেমিত সাহিত্য অকাদেমি বঁটা বিজয়ী, লোক-সংস্কৃতিৰ সেৱক তীৰ্থ ফুকনৰ অষ্টম বার্ষিক স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানতে আন্তর্জাতিক খ্যাতিসম্পন্ন বোলছবি পৰিচালক পদ্মভূষণ জাহ্নু বৰুৱাক 'তীর্থ ফুকন লোক-সংস্কৃতি বঁটা-২০২৫' প্ৰদান কৰা হয়। উল্লেখযোগ্য যে ২০০০ চনত প্রখ্যাত হিন্দী সাহিত্যিক ভীষ্ম সাহানিৰ মূল হিন্দী সাহিত্য 'তমস' অসমীয়ালৈ অনুবাদেৰে 'সাহিত্য অকাদেমিৰ অনুবাদ বঁটা লাভ কৰা তীৰ্থ ফুকনে অবিভক্ত শিৱসাগৰ জিলাৰ লাইছেং গাঁৱত জন্মগ্রহণ কৰিছিল আৰু পাটসাঁকো উচ্চ মাধ্যমিক বিদ্যালয়তে অধ্যয়ন কৰিছিল। 

ওপজা ঠাইখনৰ লগতে চৰাইদেউ জিলাৰ নাম উজলাই তোলা বৰেণ্য সাহিত্যিক তীৰ্থ ফুকনৰ বৌদ্ধিক আৰু সাংস্কৃতিক অৱদানৰ বিষয়ে নৱ প্ৰজন্মক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে তীৰ্থ ফুকন স্মৃতি সংৰক্ষণ সমিতিয়ে বার্ষিক স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰি অহাৰ লগতে বিগত বছৰৰ পৰা অসমৰ সমাজ-সংস্কৃতিলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা নির্বাচিত ব্যক্তিক 'তীর্থ ফুকন লোক-সংস্কৃতি বঁটা' প্রদান কৰি আহিছে। পুৱাৰ পতাকা উত্তোলন, স্মৃতি তর্পণ, গছপুলি ৰোপণ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্রাংকণ প্রতিযোগিতা আদি কাৰ্যসূচীৰ পাছতে স্মৃতি সংৰক্ষণ সমিতিৰ সভাপতি ভৱ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাখন উদ্বোধন কৰে কবি, নাট্যকাৰ উদিত বৰুৱাই। অভ্যর্থনা সমিতিৰ সভাপতি ভদ্রেশ্বৰ কোঁৱৰৰ আদৰণী ভাষণৰ পাছতে পাটসাঁকো জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰবক্তা মুকুল চেতিয়া, মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী বিস্মিতা বেজবৰুৱা, জাতীয় বিদ্যাপীঠ পাৰিজাতৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ইয়ে ম'খাম বৰুৱাই তীৰ্থ ফুকনৰ জীৱন, কৰ্ম আৰু সৃষ্টিৰাজি সম্পর্কত বক্তব্য আগবঢ়ায়। তাৰ পাছতে পদ্মভূষণ জাহ্নু বৰুৱাক তীর্থ ফুকনৰ পৰিয়ালবৰ্গ আৰু স্মৃতি সংৰক্ষণ সমিতিয়ে দ্বিতীয়বাৰৰ বাবে আগবঢ়োৱা 'তীর্থ ফুকন লোক-সংস্কৃতি বঁটা' হিচাপে 'ফাৰু' আৰু 'ফা চিত'সহ এযোৰ টাই আহোম সাজ, এটা স্মাৰক, কিতাপৰ টোপোলা, গছপুলি, নগদ ২১,০০০ টকা আৰু এখন সম্বর্ধনা পত্র প্রদান কৰে। 

বঁটা গ্ৰহণ কৰি জাহ্নু বৰুৱাই এসময়ত শৈশৱ কটাই যোৱা বকতালৈ আহিবলৈ সদায় সুযোগৰ অপেক্ষাত থকা বুলি মন্তব্য কৰি ৰংমলা বিল আৰু চহা সমাজ-সংস্কৃতি তীর্থ ফুকনৰ সৃষ্টিৰ সমল হোৱাৰ দৰে তেওঁৰ চিনেমাসমূহতো বকতাৰ গ্ৰাম্য জীৱনৰ অলেখ সমলে বিশেষ গুৰুত্ব লাভ কৰাৰ কথা বক্তব্যত উল্লেখ কৰে। সভাৰ শেষত অৱসৰপ্ৰাপ্ত শিক্ষক, কবি হীৰেন ফুকনৰ সঞ্চালনাত 'হেমন্তৰ হিমসনা আবেলিৰ শব্দৰ ধেমালি' শীর্ষক আমন্ত্রিত কবিৰ এক কবিতা পাঠৰ অনুষ্ঠানো সম্পন্ন হয়।

Share This