ডিজিটেল ডেস্ক : এ চি এছ বিষয়া নূপুৰ বৰাৰ ফ্লেট আৰু ভাৰাঘৰত কেইবা লাখ টকা উদ্ধাৰ হোৱাৰ পাছত এইবাৰ বৰপেটাৰোডৰ এছ বি আই লকাৰত এইগৰাকী দুর্নীতিগ্রস্ত বিষয়াৰ কেইবা লাখ টকা উদ্ধাৰ হৈছে। বুধবাৰে চি এম ভিজিলেঞ্চৰ এটা তদন্তকাৰী দলে নূপুৰ বৰাক লগত লৈ বৰপেটাৰোডৰ এছ বি আইত চলোৱা অভিযানতে উদ্ধাৰ কৰে ২৩ লাখ ৭৫ হাজাৰ টকা। উল্লেখ্য যে বৰপেটাৰ লগতে কামৰূপ জিলাৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা নূপুৰ বৰাই দুর্নীতিত লিপ্ত হৈ আয়তকৈ চাৰিশ গুণ বহির্ভূত সম্পত্তি আহৰণ কৰিছিল। আনকি বৰপেটা সত্ৰৰ মাটি মুছলমান লোকৰ নামত কৰাৰ লগতে অন্য প্রতিটো কামতে কমিছনৰ এখন বজাৰ বহুৱাইছিল। যাৰ ফলত চি এম ভিজিলেঞ্চৰ তদন্তৰ সন্মুখীন আৰু গ্ৰেপ্তাৰ হোৱা এইগৰাকী দুর্নীতিগ্রস্ত নূপুৰ বৰাৰ সম্পত্তিৰ হিচাপৰ তদন্ত অব্যাহত আছে।
ইয়াৰ মাজতে বুধবাৰে নূপুৰ বৰাক বৰপেটাৰোডলৈ লৈ অনা হয়। দুপৰীয়া প্রায় ১১-২৫ মান বজাত গুৱাহাটীৰ পৰা অহা তদন্তকাৰী দল এটাই দুখনকৈ গাড়ীসহ আহি উপস্থিত হয়হি ভাৰতীয় ষ্টেট বেংকৰ বৰপেটাৰোড শাখাত। উল্লেখ্য যে বৰপেটাত ৰাজহ চক্র বিষয়া হিচাপে থকা এইগৰাকী নূপুৰ বৰাই বৰপেটাৰোড এছ বি আইতো একাউন্ট খোলাৰ লগতে নিজৰ উপৰি পিতৃৰ সৈতেও এটা যৌথ লকাৰ খুলিছিল। এই লকাৰৰ সন্ধানতে তদন্তকাৰী দলটোৱে বৰপেটাৰোড এছ বি আইত উপস্থিত হয়হি।
প্রায় আঢ়ৈ-তিনি ঘণ্টা ধৰি তদন্তকাৰী দলটোৱে নূপুৰ বৰাক লৈ বেংকটোত উপস্থিত থাকি সম্পূর্ণ ভিডিঅ'গ্রাফী কৰি লকাৰ দুটা পৰীক্ষা কৰে। পাছে অন্য নথিপত্ৰৰ বিপৰীতে ইয়াৰে এটা লকাৰত নূপুৰ বৰাৰ ২৩ লাখ ৭৫ হাজাৰ টকা উদ্ধাৰ হয়। ইপিনে তদন্তকাৰী দলটোৱে যি সময়ত এই টকা হিচাপ কৰি আছিল সেই সময়ত এইগৰাকী বিষয়াই ব্যস্ত আছিল ম'বাইলত। আনকি বেংকৰ পৰা ওলাই যোৱাৰ সময়তো নূপুৰ বৰাৰ মুখৰ এষাৰ মাত নোলাল আৰু তদন্তকাৰী দলটোৱে নূপুৰক লৈ পোনে পোনে গুৱাহাটীলৈ ৰাওনা হয়।