চিলাপথাৰত 'প্রাগ নিউজ'ৰ সাংবাদিকক ২৫জনীয়া দুর্বৃত্তৰ দলৰ নিৰ্মম প্ৰহাৰ

dainik janambhumi July 05, 2025

ডিজিটেল ডেস্ক : ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ অন্তর্ভুক্ত চিমেন চাপৰি-চিচিটঙানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিমৌ গাঁও পঞ্চায়তৰ সভাপতি নির্বাচন আৰু শপতগ্রহণ কার্য চলি থকা অৱস্থাতেই শুকুৰবাৰে চিলাপথাৰৰ প্ৰাগ নিউজৰ সাংবাদিক মাধুর্য শইকীয়াক দুর্বৃত্তৰ দলে আক্রমণ কৰে। উল্লেখযোগ্য যে বাতৰি পৰিৱেশনৰ বাবে উক্ত স্থানত উপস্থিত হৈছিল সাংবাদিক শইকীয়া। কিন্তু এনে অৱস্থাতেই একাংশ দুর্বৃত্তই মাধুৰ্যৰ ফালে চোঁচা লয় অনাকাংক্ষিতভাৱে। দুর্বৃত্তৰ দলে সাংবাদিক মাধুর্য শইকীয়াক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ সমান্তৰালভাৱে একাংশই পৰিকল্পিতভাৱে লৈ থকা লাঠী, জোং লৈ খেদি যায় মাধুৰ্যক। মন কৰিবলগীয়া যে এই কাণ্ডটোৰ লগত সাঙোৰ খাইছে টি এম পি কেৰ সভাপতি তিলক দলে আৰু মিন্টু দলেৰ নাম।

তিলক দলেৰ উচটনিত মিন্টু দলেৰ নেতৃত্বত মাধুর্য শইকীয়াক প্ৰহাৰ কৰা বুলি উল্লেখ কৰে এজাহাৰত। এজাহাৰ মতে, ডিমৌ পঞ্চায়তৰ চৌহদত সভাপতি নিৰ্বাচনৰ বাতৰি সংগ্ৰহৰ বাবে মাধুর্য শইকীয়াই উপস্থিত হোৱাত চিলাপথাৰৰ বাসিন্দা তিলক দলে (সভাপতি টি এম পি কে) মিন্টু দলেৰ নেতৃত্বত ২৫-৩০জনীয়া এটা দুর্বৃত্তৰ দলে হাতত চোকা অস্ত্ৰ লৈ তেওঁক আক্ৰমণ কৰিবলৈ চেষ্টা চলায়। অৱশ্যে এই আক্ৰমণৰ পৰা কোনোমতে সাংবাদিক মাধুর্য শইকীয়া ৰক্ষা পৰে। সেই সময়ত আৰক্ষী আছিল যদিও নীৰৱ দৰ্শকৰ দৰে থাকিল। 

ইফালে, পুনৰ সাংবাদিকক আক্ৰমণৰ এই ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ দ্বাৰা গাঁৱৰ উন্নতি সাধনৰ বাবে গঠন কৰা গান্ধীজীৰ সপোনৰ পঞ্চায়তীৰাজ এতিয়া পৰ্যৱসিত হৈছে গুণ্ডাৰাজলৈ। তাৰ স্পষ্ট প্রতিফলন ঘটিল ডিমৌ-চিচিটঙানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত। ৰণক্ষেত্ৰত পৰিণত হ'ল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ চৌহদ। জানিব পৰা অনুসৰি নৱগঠিত ডিমৌ পঞ্চায়তৰ কালি শপতগ্রহণ অনুষ্ঠান আছিল। পঞ্চায়তটোৰ দহগৰাকী নৱনিৰ্বাচিত ৱাৰ্ড সদস্যৰ মাজৰ ছয়গৰাকী বাৰ্ড সদস্যৰ সন্মতিত ৬নং ৱাৰ্ডৰ বার্ড সদস্যা মৰমী বসুমতাৰীক সভানেত্রী হিচাপে প্রক্ষেপ কৰাত তেওঁ শপতগ্ৰহণ কৰিবলৈ যায়। সেই সময়তে একাংশ দুর্বৃত্তই উন্নয়ন খণ্ডৰ চৌহদত প্ৰৱেশ কৰি বিপুল টায়ে নামৰ সদস্যজনক অপহৰণ কৰা বুলি অভিযোগ তুলি হাতে হাতে লাঠী লৈ শপতগ্রহণ অনুষ্ঠানৰ সাক্ষী হ'বলৈ যোৱা জনতাৰ ওপৰত জঁপিয়াই পৰে। ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা চিলাপথাৰৰ প্ৰাগ নিউজৰ সাংবাদিক মাধুর্য শইকীয়াৰ ওপৰতো জঁপিয়াই পৰে দুর্বৃত্তৰ দল। কাঢ়ি লয় তেওঁৰ ম'বাইল ফ'ন। অৱশেষত অনির্দিষ্ট সময়লৈ শপতগ্রহণ অনুষ্ঠান স্থগিত ৰাখিবলগীয়া হয়। আনহাতে, মাধুর্য শইকীয়াক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত শংকৰদেৱ হস্পিটেলত ভর্তি কৰোৱা হয়।

Share This