তিনিগৰাকী ছাত্ৰীৰ নিৰুদ্দেশক লৈ উত্তাল ধুবুৰী !

Jyoti Borah August 10, 2023

 ডিজিটেল ডেস্ক:  ধুবুৰী জিলাৰ আগমনি থানাত যোৱা কালি তিনিগৰাকী ছাত্ৰীৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷ আঠ দিন উকলি যোৱাৰ পাছতো নিৰুদ্দিষ্ট ছাত্ৰী তিনিগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ধুবুৰীৰ আৰক্ষীয়ে৷ আৰক্ষীয়ে লেহেম গতিত তদন্ত কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ যোৱা কালি কোচ-ৰাজবংশী ছাত্ৰ সংগঠন আৰু স্থানীয় প্ত শতাধিক লোকে আগমনি থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ধুবুৰীৰ আৰক্ষীয়ে অহা তিনি দিনৰ ভিতৰত ছাত্ৰী তিনিগৰাকীক উদ্ধাৰ কৰিব নোৱাৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে আটাছুৰ নেতাই৷ উল্লেখযোগ্য যে যোৱা ২ আগষ্টৰ আবেলি আগমনি আৰু হালাকুৰাৰ তিনিগৰাকী ছাত্ৰী নিৰুদ্দেশ হৈছিল৷ ছাত্ৰী তিনিগৰাকী আগমনিৰ সিন্দুৰাই প্ৰথম খণ্ডৰ কমলেশ্বৰ অধিকাৰীৰ কন্যা মামণি অধিকাৰী [২০], গোলকগঞ্জৰ বিষখোৱা পঞ্চম খণ্ডৰ বিষ্ণুচৰণ বৰ্মনৰ কন্যা বিনাবালা ৰায় [২০], হালাকুৰা খেৰবাৰীৰ মনোৰঞ্জন বেপাৰীৰ কন্যা মৌচুমী বেপাৰী৷

Share This