MENU

গৃহ বিভাগৰ গুৰুত্বপূর্ণ নির্দেশনা, দিছপুৰ থানাত ৩গৰাকী আৰক্ষী পৰিদৰ্শকক নিযুক্তি

Kakali Deka January 28, 2025

ডিজিটেল ডেস্কঃ  ৰাজ্যৰ গৃহ বিভাগৰ এক গুৰুত্বপূৰ্ণ নির্দেশনা অনুসৰি দিছপুৰ আৰক্ষী থানাত ৩গৰাকী আৰক্ষী পৰিদৰ্শকক নিযুক্তি দিয়া হৈছে। এই নির্দেশনা অনুসৰি অ'চি ভাস্কৰ মল্ল পাটোৱাৰীক দিছপুৰ থানা এলেকা পৰিচালনাৰ দায়িত্ব দিয়াৰ বিপৰীতে অ' চি কৃষ্ণকান্ত লস্কৰক অপৰাধ নিয়ন্ত্ৰণৰ দায়িত্ব আৰু অ' চি অমৰজ্যোতি গগৈক আইন-শৃংখলা নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হৈছে। উল্লেখযোগ্য যে ৰাজধানী মহানগৰ গুৱাহাটীৰ অন্যতম পুৰণি থানা হিচাপে বিবেচিত দিছপুৰ থানা ১৯৮১ চনৰ ১৫ জুলাইত স্থাপন কৰা হৈছিল।

 পাণবজাৰ থানাৰ পাছতে স্থাপন হোৱা গুৱাহাটীৰ দ্বিতীয়খন পুৰণি থানা হিচাপে দিছপুৰ থানাই পূব গুৱাহাটীৰ এটা বৃহত্তৰ এলেকাৰ নিয়ন্ত্ৰণৰ দায়িত্বত আছে। 

দিছপুৰ থানাৰ অধীনত আছে ভগদত্তপুৰ আৰু ওদালবাক্ৰা আৰক্ষী চকী। পূৰ্বে জনতা ভৱনৰ গাতে লাগি থকা এই থানাখনৰ ঠিকনা সলনি কৰি কিছুবছৰৰ পূৰ্বে গণেশগুৰি গোপাল বড়ো হাইস্কুলৰ সমীপলৈ নিয়া হয়। লক্ষণীয়ভাৱে মহানগৰৰ অন্যান্য থানাসমূহৰ ভিতৰত বিশেষকৈ দিছপুৰ থানাতেই প্ৰতিবছৰে সৰ্বাধিক গোচৰ ৰুজু হোৱাৰ লগতে অপৰাধজনিত ঘটনা সংঘটিত হয়। 

সেয়ে দিছপুৰ থানাৰ আৰক্ষীসকলেও অত্যন্ত ব্যস্ততাৰ মাজেৰে দায়িত্ব পালন কৰিবলগীয়া হয়। কিন্তু মহানগৰৰ এখন পুৰণি আৰু গুৰুত্বপূৰ্ণ থানা হিচাপে বিবেচিত হৈ অহাৰ পাছতো দিছপুৰ থানাই কাম-কাজ আজিও ভাৰাঘৰতে চলাই আহিবলগীয়া হৈছে। অর্থাৎ থানাখনে আজিলৈকে কোনোধৰণৰ স্থায়ী ঠিকনা লাভ নকৰিলে।

Share This