ডিজিটেল ডেস্ক : পূব অসম বন্য প্রাণী সংমণ্ডল কাজিৰঙাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তথা গোলাঘাটৰ আঠখেলীয়াৰ নিৱাসী দশমী দুৱৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বৃহস্পতিবাৰে গোলাঘাট জিলা সদৰত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৩০টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ লগতে দশমী দুৱৰাৰ পৰিয়াল আৰু নাগৰিক সমাজৰ উদ্যোগত ৰূপায়ণ কৰা এই ধর্মঘট কার্যসূচীত বিভিন্ন সংগঠনৰ প্রতিনিধি, গোলাঘাটৰ নাগৰিক সমাজ আৰু দশমী দুৱৰাৰ পৰিয়ালে অংশগ্ৰহণ কৰি দশমী দুৱৰাৰ ৰহস্যজনক মৃত্যুৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে। প্রতিবাদকাৰীসকলে পুৱা ১০ বজাৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত অৱস্থান কৰি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্রতিবাদকাৰীসকলে দশমী দুৱৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত বোকাখাত আৰক্ষীৰ ভূমিকা, কাজিৰঙাৰ পূব অসম বন্য প্রাণী সংমণ্ডলৰ ভূমিকাক লৈ সোচ্চাৰ হৈ পৰে। কৃষক মুক্তি সংগ্রাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়া এই প্রতিবাদী কাৰ্যসূচীত উপস্থিত থাকি দশমী দুৱৰাৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি কয় যে তদন্তৰ নামত আৰক্ষীয়ে গাফিলতি কৰাৰ লগতে তথ্য প্রমাণ বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আনকি ঘটনাৰ আজি ১৪ দিন উকলি যোৱাৰ পাছতো বন সংমণ্ডলটোৰ কোনো এগৰাকী বিষয়া বা কৰ্মচাৰী দশমীৰ পৰিয়ালটোৰ কাষত থিয় দিয়া নাই।
বোকাখাত আৰক্ষী থানাৰ তদন্তকাৰী বিষয়াও আজি পর্যন্ত দশমীৰ পিতৃ-মাতৃক কোনো কথা সোধা-পোছা কৰাৰ প্ৰয়োজনবোধেই নকৰা বুলি মন্তব্য কৰি শইকীয়াই কয় যে দশমী দুৱাৰাৰ ৰহস্যজনক মৃত্যুৰ লগত বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিগ্নেশৰ কৰ্মকাণ্ডই তেওঁ প্রতি সন্দেহৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰৰ প্ৰতিবাদী কার্যসূচীত জ্যেষ্ঠ সাংবাদিক অপূর্ব বল্লভ গোস্বামী আৰু দ্বিপেন দত্ত, বিশিষ্ট নাগৰিক পূৰ্ণ ৰাজখোৱা, নৰেন মৃগাং পেণ্ড, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আব্দুল হাছিম, বীৰ লাচিত সেনাৰ অভিলাষ বৰা, আটাছুৰ ভাস্কৰজ্যোতি ফুকন, টাইপাৰ বিকাশ কোঁৱৰ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৰাজীৱ লস্কৰ, সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ নিপন গগৈ, আহোম সেনাৰ যুগলজ্যোতি গগৈ, চুতীয়া যুৱ পৰিষদৰ ৰমেন চুতীয়া, চুতীয়া যুৱ সম্মিলনৰ মৃদুজ্যোতি বৰা, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰণৱ প্ৰতিম দাস, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পিন্টু গগৈ, কার্বি সংগঠনৰ চাৰজেং হান্সে, ট্রাইবেল সংঘৰ জ্যোতিকল্প লইং, চেম্বাৰ্ছ অব্ কমাৰ্চৰ ত্রিনয়ন ৰাজকুমাৰ, ঠেঙাল কছাৰী সাহিত্য সভাৰ অংকুৰ ৰঞ্জন, আটছাৰ প্ৰিয়ম জাল আদিকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰি দশমী দুৱৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে আৰু দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্রদান কৰিবলৈ দাবী জনায়। ইফালে প্রতিবাদৰ অন্তত প্রতিবাদ কাৰীসকলে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক-পত্ৰ প্ৰদান কৰিবলৈ আয়ুক্তৰ কাৰ্যালয়ৰ দিশে আগবাঢ়ে যদিও আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিয়ে। প্রতিবাদকাৰীসকলে সেই স্থানতে বিভিন্ন শ্ল'গানেৰে পুনৰ পৰিৱেশ উত্তাল কৰি তোলাত এগৰাকী অতিৰিক্ত আয়ুক্ত প্ৰতিবাদকাৰীসকলৰ সন্মুখলৈ আহি স্মাৰক-পত্ৰ গ্ৰহণ কৰিব বিচাৰে। কিন্তু প্রতিবাদকাৰীসকলে জিলা আয়ুক্ত গৰাকীক সাক্ষাৎ কৰি স্মাৰক-পত্ৰখন দিব বিচাৰে আৰু আয়ুক্তগৰাকীৰ সৈতে বিষয়টোত আলোচনা কৰিবলৈ এটা সময় বিচাৰে।
কিন্তু জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্তগৰাকীৰ লগতে উপস্থিত দুগৰাকী দণ্ডাধীশে প্রতিবাদকাৰীসকলৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰাত ক্ষুণ্ণ হৈ পৰে প্ৰতিবাদকাৰীসকল। ফলত প্ৰতিবাদকাৰীসকলে পুনৰ সেই স্থানতে অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব লগীয়া স্মাৰক-পত্ৰখন অতিৰিক্ত আয়ুক্তক দিয়াৰপৰা বিৰত থাকে। পাছত ৩০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন আৰু নাগৰিক সমাজক গোলাঘাটৰ জিলা প্রশাসনে অৱহেলা কৰাৰ অভিযোগ কৰি কেউটা সংগঠনে কাইলৈ জিলা প্ৰশাসনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। লগতে সংগঠনসমূহে দশমী দুৱৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত বোকাখাত আৰক্ষী আৰু কাজিৰঙাৰ পূব অসম বন্য প্রাণী সংমণ্ডলে লোৱা সন্দেহজনক স্থিতিৰ দৰেই একে স্থিতি গোলাঘাট জিলা প্রশাসনে লোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে।