ডিজিটেল ডেস্ক: প্রার্থিত্ব প্রত্যাশীৰ ভিৰৰ বাবে ৰাজীৱ ভৱনত বিৰ দি বাট নোহোৱা হৈছে। কেইবাজনো বিধায়কৰ লগতে জ্যেষ্ঠ কংগ্রেছী নেতাই কালি নিজৰ সমৰ্থকসকলক লৈ আহি প্রার্থিত্ব বিচাৰি আৱেদন-পত্র জমা দিয়ে। নিশা ৭ বজালৈকে অহা হিচাপ মতে কালিৰ দিনটোত প্রায় ৩০০ প্রার্থিত্ব প্রত্যাশীয়ে তেওঁলোকৰ আৱেদন-পত্র জমা দিছে।
দেওবাৰে দিনটোত ৩৭০খন আৱেদন-পত্র জমা দিয়া হৈছিল। মাত্র দুটা দিনত ৬৭০গৰাকীয়ে বিভিন্ন সমষ্টিৰ বাবে তেওঁলোকৰ প্রার্থিত্ব বিচাৰি আৱেদন দাখিল কৰিছে। সেই অনুসৰি প্ৰতিগৰাকী প্রার্থিত্ব প্রত্যাশীয়ে আৱেদনৰ লগত দিয়া মাচুল অনুসৰি কংগ্ৰেছৰ নির্বাচনী পুঁজিত ৩.৩৫ কোটি টকা জমা হৈছে। আজি আৱেদন-পত্র জমা দিয়াৰ অন্তিম দিন। কালিৰ দিনটোত কামৰূপ মহানগৰ জিলাৰ পাঁচটা সমষ্টিৰ বাবে আৱেদনকাৰীসকলৰ ভিতৰত সন্মানীয় দিছপুৰৰ পৰা অন্যতম শক্তিশালী প্রার্থী ভাস্কৰণ গোহাঁইৰ লগতে আন চাৰিগৰাকীয়ে আৱেদন দাখিল কৰে।
আনহাতে জালুকবাৰী সমষ্টিৰ পৰা শক্তিশালী দাবীদাৰ ৰূপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ একালৰ সতীর্থ প্রাঞ্জল বুঢ়াগোহাঁই, মহিলা আৱেদনকাৰী বিদিশা নেওগ, চাজিদা বেগমেও আৱেদন দাখিল কৰে। চেন্ট্রেল গুৱাহাটী সমষ্টিৰ পৰা ৰমন ঝা, উত্তম সৰকাৰে আৱেদন দাখিল কৰে বুলি জানিব পৰা গৈছে। সমগ্ৰ ৰাজ্যৰ মুঠ ১২৬টা সমষ্টিৰ ভিতৰত কেইবাটাও গুৰুত্বপূর্ণ সমষ্টিত বহু শক্তিশালী প্রার্থীয়ে প্রার্থিত্বৰ কাৰণে আৱেদন দাখিল কৰে। তাৰ ভিতৰত ৯২নং নাহৰকটীয়া সমষ্টিৰ পৰা ৰাইজৰ প্রবল দাবীদাৰ অসম প্রদেশ কৃষক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জোন ৰাজখোৱাই টিকতৰ বাবে আৱেদন দাখিল কৰাৰ বিপৰীতে বটদ্ৰৱাত বিধায়িকা শিৱামণি বৰা, মৰিয়নিত বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ যদুনাথ বুঢ়াগোহাঁই, ডিমৌত শিক্ষাবিদ অজয় গগৈ, লাহৰীঘাটৰ বিধায়ক আছিফ নাজাৰ, কমলপুৰত প্ৰাক্তন বিধায়ক সত্যব্রত কলিতা, চামগুৰিত সাংসদ তথা প্রাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে প্রার্থিত্বৰ কাৰণে আৱেদন দাখিল কৰে।
সেইদৰে কালি প্রাক্তন মন্ত্রী প্রণতি ফুকন, বিধায়ক ৱাজেদ আলী চৌধুৰী, প্রদীপ সৰকাৰ, আব্দুল বাতেন খণ্ডকাৰ, প্ৰাক্তন বিধায়ক ৰ'জলীনা তিকী, জ্যেষ্ঠ কংগ্রেছ নেতা বেণু নাথ, গোপাল শর্মা, উৎপল গগৈ, দীপ বায়ন, অজয় গগৈ, মনোৰঞ্জন বুঢ়াগোহাঁই, যুৱ নেত্রী পল্লৱী শইকীয়া, পলাক্ষী দাস, যুৱ নেতা ৰাতুল কলিতা, ৰাতুল পাটোৱাৰী, লুইত কুমাৰ বৰ্মন, কৃদীপ বর্মন, মহছিন খান, জেহেৰুল ইছলামেও আৱেদন-পত্র দাখিল কৰে। আজি অন্তিম দিনটোতো ৰাজীৱ ভৱনত বহুকেইগৰাকী জ্যেষ্ঠ নেতাসহ শতাধিক প্রার্থিত্ব প্রত্যাশীয়ে আৱেদন-পত্র জমা দিয়াৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে কাইলৈ অর্থাৎ ২০ জানুৱাৰী প্ৰৰ্থিত্বৰ আৱেদনৰ শেষ দিন। ইতিমধ্যে কংগ্রেছ নেতৃত্বই স্পষ্টকৈ ঘোষণা কৰিছে যে এইবাৰ 'পেৰাছুট নেতা' নহয়, বৰঞ্চ মাটিৰ সৈতে জড়িত, দীঘলীয়া সংগ্ৰামৰ অভিজ্ঞতাসম্পন্ন নেতাসকলকেই অধিক প্রাধান্য দিয়া হ'ব। তদুপৰি সংগঠনিক অভিজ্ঞতা, জনসাধাৰণৰ মাজত জনপ্রিয়তা, গ্রহণযোগ্যতা আৰু নিৰন্তৰ জনসেৱাই হ'ব প্রার্থী বাছনিৰ মুখ্য মান। সেয়ে আৱেদন প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ পাছত কংগ্ৰেছে এনে সংগ্রামশীল, শক্তিশালী আৰু জনপ্রিয় মুখসমূহক আগবঢ়াই বিজেপিৰ জন-বিৰোধী নীতিক প্রত্যাহ্বান জনাবলৈ সাজু হৈছে। গতিকে অন্তিম মহূর্তত টিকট প্রত্যাশী কোন কোন প্রার্থীক দলে টিকত প্রদান কৰিব সেইটোহে লক্ষণীয় হ'ব।