ৰাজ্যৰ ৩৫টা বাছ আস্থান অস্তিত্বহীন, ৮২২ বিঘা মাটিৰ অধিকাৰী এ এছ টি চিৰ মৃত্যুঘণ্টা

dainik janambhumi January 07, 2026

ডিজিটেল ডেস্ক : চৰকাৰৰ অৱহেলা, মন্ত্ৰী-আমোলাৰ লুণ্ঠনৰ পৰিপ্ৰেক্ষিতত অসমৰ বিভিন্ন চহৰত ৮২২ বিঘা মাটিৰ বিশাল সম্পত্তিৰ অধিকাৰী অসম ৰাজ্যিক পৰিবহণ নিগম (এ এছ টি চি) মৃত্যুৰ গৰাহত ককবকাই আছে। এক প্রেছ বিবৃতিত এই বিষয়ে উল্লেখ কৰিছে আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাৰ সভাপতি ভদ্রেশ্বৰ বৰ্মনে। সভাপতি বৰ্মনে উল্লেখ কৰে যে এটা সময়ত অসমৰ ৰাস্তাত উজলি থকা ৰঙা বাছবোৰ যেন এতিয়া পাহৰণিৰ গৰ্ভত। ধাৰাবাহিকভাৱে লোকচানৰ সন্মুখীন হোৱা নিগমটোৱে ধনৰ অভাৱত নিলামত বিক্ৰী কৰিছে ইখনৰ পিছত সিখনকৈ বাছ। ২০০১ চনত তৰুণ গগৈৰ মন্ত্রীসভাত পৰিবহণ মন্ত্ৰী অঞ্জন দত্তৰ হাতৰ স্পৰ্শত নিগমটো পুনৰ ঠন ধৰি উঠে যদিও পৰৱৰ্তী সময়ত ২০০৬ চনৰ নিৰ্বাচনৰ পিছত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে পৰিবহণ বিভাগটো সহযোগী দল বি পি এফক দিয়ে আৰু চন্দন ব্রহ্ম পৰিবহণ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। তেতিয়াৰ পৰাই পৰিবহণ নিগমৰ শ্মশানযাত্ৰা আৰম্ভ হয়।

মন্ত্ৰী ব্ৰহ্মই নিগমৰ নিয়ম উলংঘা কৰি নিজ পৰিয়ালৰ লগতে অঙহী-বঙহী, নিজৰ দলৰ কৰ্মীসকলক ইখনৰ পিছত সিখন বাছ আস্থানৰ মাটি লীজত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। এই প্রক্রিয়া পর্যায়ক্রমে সকলো মন্ত্ৰীয়ে আস্থানৰ মাটিসমূহ নিজ পৰিয়ালৰ লগত দলৰ কৰ্মীসমূহক লীজত দি পৰিবহণ নিগমক ভূমিহীন কৰিছে। শেহতীয়াকৈ একাংশ বিষয়া-কৰ্মচাৰীৰ সন্দেহজনক ভূমিকা আৰু ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই ৰাজ্যখনত জিলাই-জিলাই পৰিবহণ নিগমৰ ভূমি বেদখলৰ কবলত আছে। কেৱল সেয়াই নহয় ৰাজ্যখনত ৩৫টাতকৈ অধিক বাছ আস্থানেই আজি অস্তিত্বহীন। তদুপৰি সভাপতি বৰ্মনে উল্লেখ কৰে যে উক্ত বাছ আস্থানবোৰত থকা গৃহৰ অৱস্থাও জৰাজীৰ্ণ। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত বর্তমান ১৩০টা আস্থান আৰু উপ-আস্থান আছে যদিও ৩৫টাৰে কোনো চিন-মোকাম নাই। তথ্য অনুসৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ নামত ৮২২ বিঘা ১ কঠা ৯ লেছা ভূমি আছে। এই পৰিবহণ নিগমৰ অধীনত থকা বঙাইগাঁও সংমণ্ডল, গুৱাহাটী সংমণ্ডল, উত্তৰ লখিমপুৰ সংমণ্ডল, শিলচৰ সংমণ্ডল আৰু তেজপুৰ সংমণ্ডলৰ ৪০টা আস্থানৰ কোনো অস্তিত্ব নাই। তেনেদৰে ৰংজুলী, সৰভোগ, গৌৰীপুৰ, ছিপাঝাৰ, বদৰপুৰ, মৰাণ, কৰিমগঞ্জ, তেজপুৰৰ জয়মতী পথাৰকে ধৰি বহু আস্থানৰ প্ৰায় ৫০ বিঘা মাটি বেদখলৰ কবলত। অসম ৰাজ্যিক পৰিবহণ নিগমৰ তথ্য মতে ৰাজ্যত অস্তিত্বহীন বা পৰিত্যক্ত অৱস্থাত পৰি থকা আস্থানকেইটা হ'ল অভয়াপুৰী উপ-আস্থান, আগিয়া, বহলপুৰ, চাপৰ, ধূপধৰা, দুধনৈ, গৌৰীপুৰ, কোকৰাঝাৰ, কৃষ্ণাই, পাঠশালা, সৰভোগ, যোগীঘোপা উপ-আস্থান, একেদৰে গুৱাহাটী সংমণ্ডলৰ অধীনস্থ টিহু উপ-আস্থানৰ নাই কোনো সক্রিয়তা।

নগাঁও সংমণ্ডলৰ অধীনত হোজাই, হাওৰাঘাট, কামপুৰ, লংকা, উমৰাংছু, মাইবং, শিলঘাট, ৰহা, উলুকুছি উপ-আস্থান অস্তিত্বহীন। শিলচৰ উপ-সংমণ্ডলৰ ভিতৰত থকা দাৰবান উপ-আস্থান, তেজপুৰ সংমণ্ডলৰ ভিতৰত থকা দুমুনীচকী, ঘাহিগাঁও, হাৱাজান, জামুগুৰি, কলাইগাঁও, চতিয়া, ঠেলামাৰা উপ-আস্থান, তিনিচুকীয়া সংমণ্ডলৰ অধীনত চাপাখোৱা আৰু খোবাং উপ-আস্থান অস্তিত্বহীন। এই উপ-আস্থানসমূহৰ ভূমি বেদখলৰ কবলত পৰিছে বা পৰিত্যক্ত অৱস্থাত আছে। বাকী আস্থান বা উপ-আস্থানসমূহৰ অৱস্থাও তথৈবচ। অসম ৰাজ্যিক পৰিবহণ নিগমৰ তথ্য অনুসৰি নিগমৰ অধীনত ৯৩৬ খন বাছ আছিল যদিও ইয়াৰে ৬০০ বাছ চলাচল কৰিব পৰা অৱস্থাত আছে। বাকী ৩৩৬ খন বাছ সামান্য মেৰামতিৰ বাবেই কাৰখানাত পৰি আছে। যি সময়ত দেশৰ আন ৰাজ্যত পৰিবহণ নিগমৰ বাছসমূহ চলি থকাৰ লগতে কৰ্মচাৰীসকলে সময়মতে দৰমহাকে ধৰি আন আন বোনাছ বা ভাত্তা পাই আছে, সেই সময়তে অসম চৰকাৰৰ অৱহেলা বা আমোলা-বিষয়াৰ লুণ্ঠন আৰু অকর্মণ্যতাৰ বাবে বিয়াগোম নিগমটোৰ মৃত্যুঘণ্টা বাজিছে বুলি দাবী কৰিছে আন্তঃৰাষ্ট্ৰীয় কোচ-ৰাজবংশী সংস্থাৰ সভাপতি ভদ্রেশ্বৰ বৰ্মনে।

Share This