ডিজিটেল ডেস্ক : ২০২৬ৰ বিধানসভাৰ নির্বাচনত যুঁজ এখনত নমাৰ লক্ষ্যৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ 'টীম' গঠন কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে। কাৰ্যকালৰ নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছত ভূপেন বৰাৰ স্থানত লোক সভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈক প্রদেশ কংগ্ৰেছৰ দায়িত্ব ন্যস্ত কৰা হৈছিল। দায়িত্বভাৰ লৈয়ে গগৈয়ে কংগ্রেছক শক্তিশালী কৰাৰ বাবে বিভিন্ন জিলা ভ্ৰমণ কৰি থকাৰ সময়তে সোমবাৰে এ আই চি চিয়ে ৰাজনৈতিক পৰিক্ৰমা কমিটী, উপ-সভাপতি, সাধাৰণ সম্পাদক, সম্পাদক, যুটীয়া সম্পাদক আৰু ৩৫খন জিলাৰ সভাপতিসকলৰ নাম ঘোষণা কৰি অহা বিধানসভাৰ নিৰ্বাচন জয়ৰ লক্ষ্যৰে গৌৰৱ গগৈৰ টীম গঠন কৰে।
এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে জাৰি কৰা নির্দেশনা অনুসৰি ১৯জনীয়া ৰাজনৈতিক পৰিক্ৰমা কমিটীত অধ্যক্ষ হিচাপে থাকিব অসমৰ সাংগঠনিক দায়িত্বত থকা এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং। আন আন সদস্যসকল ক্রমে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন কুমাৰ বৰা, ৰকিবুল হুছেইন, পৱন সিং ঘাটোৱাৰ, প্ৰদ্যুৎ বৰদলৈ, ৰিপুন বৰা, জাকিৰ হুছেইন শিকদাৰ, ৰ'জলিনা তিৰ্কী, প্রদীপ সৰকাৰ, আব্দুল খালেক, প্রণতি ফুকন, বলীন কুলী, নন্দিতা দাস, ৰাণী নৰহ, বাজেদ আলী চৌধুৰী, অজিত সিং আৰু অৰুণ দত্ত মজুমদাৰ। ৰাজনৈতিক পৰিক্ৰমা কমিটীত এ আই চি চিৰ দায়িত্বপ্রাপ্ত সম্পাদকসকল সদস্য হ'ব। পৃথিৱী মাঝি, টংক বাহাদুৰ ৰাই, প্রদ্যুৎ বৰা আৰু সকলো কোষৰ মুৰব্বীসকল বিশেষ আমন্ত্রিত সদস্য হিচাপে থাকিব। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ নতুন কোষাধ্যক্ষ হ'ব ডাঃ হেমহৰি পেণ্ড।
১৪জনক উপ-সভাপতি আৰু ৩৫জনীয়া সাধাৰণ সম্পাদকৰ তালিকাত আছে বিপুল গগৈ, প্রদ্যুৎ ভূঞা, জয় প্রকাশ দাস, দেৱ চেতিয়া, গজেন্দ্ৰ উপমন্যু, ৰাজেশ যোশী, শুভমিত্র গগৈ, শৈলেন সোণোৱাল, ৰামান্না বৰুৱা, অৰুণ তিৱাৰী, ষ্টীফেন লাক্রা, আনোৱাৰ হুছেইন, বিতোপন শইকীয়া, শিৱামণি বৰা, অশোক টেৰণ, গজেন মুছাহাৰী, নিৰ্মল লাংঠাছা, স্বপন মণ্ডল, প্রাঞ্জল ঘাটোৱাৰ, শান্তনু বৰা, ইমদাদ হুছেইন, খাদ্দাম হুছেইন, উদিত বানু দাস, সুশীল সুৰী, মেঘনাথ চেত্রী, ৱাহিদা আহমেদ, মনোজ কলিতা, প্রেম গুঞ্জু, শ্বৰিফা ৰহমান, শান্তনু শর্মা, মিগাম পেণ্ড, ৰোশান চেত্রী, অমৃত বাদেশ, নাছিৰ খান আৰু আনিমুল লস্কৰ। প্ৰদেশ কংগ্ৰেছ ৬৫জন নেতাক সম্পাদক আৰু ২০জনক যুটীয়া সম্পাদকৰ দায়িত্ব দিয়া হৈছে।
জিলা সভাপতি হিচাপে দায়িত্ব দিয়াসকলৰ ভিতৰত আছে দুর্গা ভূমিজ (তিনিচুকীয়া), বিপুল ৰাভা (ডিব্ৰুগড়), উৎপল গগৈ (চৰাইদেউ), অজয় গগৈ (চৰাইদেউ), পুতুল বুঢ়াগোহাঁই (যোৰহাট), অমল পূজাৰী (মাজুলী), মদন বৰা (গোলাঘাট), তিলক ফুকন (ধেমাজি), গংগাজ্যোতি টায়েগাম (লখিমপুৰ), প্রশান্ত হাজৰিকা (বিশ্বনাথ), কার্তিক কুর্মি (শোণিতপুৰ), ৰুণুমণি বৰা (নগাঁও), জিলি চৌধুৰী (হোজাই), অগাষ্টাইন ইংহি (পশ্চিম কাৰ্বি আংলং), ৰতন ইংতি (কাৰ্বি আংলং), বীৰ কুমাৰ কোঁৱৰ (মৰিগাঁও), হেইজেৰেংবে নেৰাইম (ডিমা হাছাও), প্রাণজিৎ চৌধুৰী (কামৰূপ গ্রাম্য), স্বপন দাস (গুৱাহাটী), ৰিজুমণি তালুকদাৰ ( দৰং), দিগন্ত মেধি (গোৱালপাৰা), ইচাক আলী বৰভূঞা (হাইলাকান্দি), তাপস পুৰকায়স্থ (কৰিমগঞ্জ), স্বজল আচার্য (কাছাৰ), ৰাজীৱ হক (বৰপেটা), গিৰীশ বৰুৱা (বঙাইগাঁও), ৰাতুল পাটোৱাৰী (নলবাৰী), যোচেফ প্রেম হাড্ডা (কোকৰাঝাৰ), বুদ্ধদেৱ ফাদংগাৰী (বাকসা), যশৱন্ত চৌহান (তামুলপুৰ), গুপ্তমণি শর্মা (বজালী), মতিলাল নাৰ্জাৰী (চিৰাং), ধনেশ্বৰ বড়ো (ওদালগুৰি), আছমা বেগম (জ্যোৎস্না) (ধুবুৰী) আৰু মতিউৰ ৰহমান (দক্ষিণ শালমাৰা)।