আটাছুৰ কেন্দ্ৰীয় প্রতিষ্ঠা দিৱসত ৩৭ ব্যক্তিৰ দ্বাৰা ৩৭খন পতাকা উত্তোলন

dainik janambhumi July 15, 2025

ডিজিটেল ডেস্ক : ১৯৮৮ চনত ১৪ আৰু ১৫ জুলাইত জন্মলাভ কৰা সদৌ টাই আহোম ছাত্র সন্থাৰ ৩৭ সংখ্যক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱস সোমবাৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে তৈলনগৰী দুলীয়াজানত অনুষ্ঠিত হৈছে। দুলীয়াজান বিহুতলী প্রাংগণত অনুষ্ঠিত হোৱা প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁই আৰু উদ্যাপন সমিতিৰ সভাপতি মিনাৰাম কোঁৱৰৰ লগতে ৩৭গৰাকী বিশিষ্ট ব্যক্তিয়ে প্রতিষ্ঠা দিৱসৰ ৩৭খন পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে আটাছুৰ সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি বৰগোহাঁই আৰু উদ্যাপন সমিতিৰ সম্পাদক ৰূপম গগৈয়ে মৈদাম তর্পণ, কার্যসূচী মুকলি কৰে। 

চাওলুং চ্যুকাফাৰ প্ৰতিচ্ছবিত আটাছুৰ কাৰ্যকৰী সভাপতি শশাংক দিহিঙীয়াই বন্তি প্রজ্বলন কৰাৰ লগতে লাচিত বৰফুকনৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰে আটাছুৰ উপদেষ্টা অনিল গগৈয়ে। আটাছুৰ সহঃ সাধাৰণ সম্পাদক দেৱজিৎ দিহিঙীয়াই জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন আৰু অশ্বিনী চেতিয়াৰ প্ৰতিচ্ছবিত আটাছুৰ সহঃ সম্পাদক দেৱকান্ত গগৈয়ে বন্তি প্রজ্বলন কৰে। আনহাতে, হিটলাৰ দিহিঙীয়াৰ প্ৰতিচ্ছবিত সীমান্ত গগৈয়ে, ভৰত বুঢ়াগোহাঁইৰ প্রতিচ্ছবিত সঞ্জীৱ দুৱৰাই, মিনাৰাম গগৈৰ প্ৰতিচ্ছবিত জিতেন বৰুৱাই, ৰাজীৱ ফুকনৰ প্ৰতিচ্ছবিত নৱজ্যোতি বৰুৱাই, পংকজ দিহিঙীয়াৰ প্রতিচ্ছবিত হৰেকৃষ্ণ শইকীয়া আৰু গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতিচ্ছবিত সুনীল বৰগোহাঁয়ে বন্তি প্রজ্বলন কৰে। দুপৰীয়া ৰংঘৰ আৰ্হিৰ মূল আদৰণী তোৰণ মুকলি কৰে অইলৰ জনপৰিক্ৰমা বিভাগৰ মুখ্য মহাপ্রবন্ধক দেৱাশিস বৰাই। অইলৰ জনসম্পৰ্কৰক্ষী বিভাগৰ মহাপ্ৰবন্ধক দিগন্ত বড়াই বাণিজ্য মেলাৰ দ্বাৰ মুকলি, দুলীয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক ভাস্কৰ শইকীয়াই খাদ্য মেলাৰ দ্বাৰ মুকলি আৰু ভূপেন হাজৰিকাৰ প্রতিমূর্তিত প্রাক্তন আটাছু নেতা মুনীন্দ্র গগৈয়ে বন্তি প্রজ্বলন কৰে। বিয়লি আটাছুৰ ন-পুৰণি সতীৰ্থৰ অন্তৰংগ অনুষ্ঠান প্রতিষ্ঠাপক সভাপতি প্রমোদ বৰুৱাই উদ্বোধন কৰাৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ 'তেজে ধোৱা ইতিহাস আৰু দলিল দস্তাবেজ' গ্রন্থ উন্মোচন, অমৰজ্যোতি গগৈ, অমিত চেতিয়া, প্রমোদ বৰুৱা, দয়া কৃষ্ণ গগৈ, টুটুমণি গগৈ আৰু অদিত গগৈক জাতিৰ অতন্দ্ৰ প্ৰহৰী বঁটা প্ৰদান কৰে। 

ইয়াৰ উপৰি ১০গৰাকী বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° চিত্রজিত শইকীয়াই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত কেইবাগৰাকীও আমন্ত্ৰিত শিল্পীয়ে গীত-নৃত্য আদি পৰিৱেশন কৰে। আজি পুৱা ১১ বজাৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে মুকলি সভা, বঁটা প্ৰদান আৰু সম্বর্ধনা সভা অনুষ্ঠিত হয়। উক্ত সভাত ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে ।

Share This