ডিজিটেল ডেস্ক: চাহ বাগিচাত বাস কৰি থকা ৩৭টা জনগোষ্ঠীয়ে অ' বি চিৰ মৰ্যাদা লাভ কৰিব। কালি ৰাজ্য চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে। একেদৰে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰাৰ বাবে দহ বিঘা মাটি সাংস্কৃতিক বিভাগলৈ কালি হস্তান্তৰ কৰা হয়। এতিয়াৰ পৰাই সমাধি ক্ষেত্ৰৰ দায়িত্ব সাংস্কৃতিক বিভাগৰ হাতত থাকিব। ইয়াৰ লগতে কালি দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত বৰপেটাত থকা ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ নাম বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেল কৰাৰো সিদ্ধান্ত গ্রহণ কাৰ হয়। অৱশ্যে, তেওঁৰ নামত ৰাজ্যত আন এটা অনুষ্ঠান নামকৰণ কৰা হ'ব।
ৰাজ্যিক কেবিনেটে গ্রহণ কৰা এই সিদ্ধান্তসমূহ সদৰী কৰি কালি দিছপুৰত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° শর্মাই কয় যে পি এম স্বনিধি আঁচনিৰ অধীনত পদপথৰ ব্যৱসায়ীসকলক বেংকে ঋণ দিয়ে। আগতে একমাত্র মিউনিচিপালিটি এলেকাত আছিল কিন্তু কালি কেবিনেটে এই সুবিধা গাঁও পঞ্চায়তসমূহলৈকো সম্প্ৰসাৰণ কৰে। ইফালে গুৱাহাটীত খোৱাপানীৰ সমস্যা সমাধানৰ বাবে কেবিনেটে ছাউথ ইষ্ট গুৱাহাটী ৱাটাৰ ছাপ্পাই প্রজেক্টৰ বাবে ১৩৬৭ কোটি টকা অনুমোদন জনায়। এই কাম লাছন এণ্ড টার্বো কোম্পানীক দিয়া হৈছে।
ইফালে মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৰাজ্যত সকলো মেডিকেল কলেজ যিখন জিলাত আছে সেই নামেৰেই নামকৰণ কৰা হৈছে। সেয়েহে বৰপেটাত থকা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ নাম বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেল কৰাৰো সিদ্ধান্ত গ্রহণ কৰা হয়। আনহাতে, আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা কৰা হ'ব বুলি জনাই তেওঁ লগতে কয় যে গুৱাহাটীৰ পাহাৰত মাটি আবণ্টনৰ প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ কৰা হ'ব।
দিছপুৰত ৪৫২ ঘৰ, গুৱাহাটী ৰাজহ চক্ৰত ৩৩৮ ঘৰ আৰু আজাৰাত ২৬ ঘৰলৈ মাটিৰ পট্টা দিয়া হৈছে। এইক্ষেত্রত তিনিটা প্ৰজন্মৰ লোকসকল অসমত থকা হ'ব লাগিব। এই লোকসকলক অহা ১৫ মাৰ্চৰ ভিতৰত মাটিৰ পট্টা দিয়া হ'ব। তদুপৰি গোৱালাপাৰাত নতুন ইণ্ডাষ্ট্রিয়েল ক্ষেত্ৰৰ বাবে ১১২ বিঘা মাটি, অসম গেছ কোম্পানীত ১১০ কোটি টকাৰ দুটা বিনিয়োগৰ প্ৰকল্পতো কেবিনেটে অনুমোদন দিয়ে। একেদৰে ঔদ্যোগিক ক্ষেত্রত ৬টা প্রতিষ্ঠানক ২৪৮০০ কোটি টকা বিনিয়োগত অনুমোদন জনায়। ইফালে বিহালী ইঞ্জিনীয়াৰিং কলেজখন ছবিলাল উপাধ্যায় নামেৰে নামকৰণ কৰা হ'ব বুলি জনাই মুখ্যমন্ত্রীয়ে লগতে কয় যে অসমত ছিডিউল কাষ্ট ডেভেলপমেন্ট কমিটী এখন গঠন কৰাৰ বাবেও কালি কেবিনেটে অনুমোদন জনায়।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে নির্বাচন বিহুৰ পাছত হ'লে এইখনেই শেষ কেবিনেট হ'ব।
উল্লেখযোগ্য যে প্রয়াত শিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকীয়াল গগৈক তিনচুকীয়া জিলাত ৰাজহ বিভাগত ৰাজ্য চৰকাৰৰে তৃতীয় বৰ্গৰ এটা চাকৰিত নিযুক্তি দিছে। কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে শিল্পীগৰাকীৰ পত্নীক নিযুক্তি-পত্ৰ প্ৰদান কৰে।