ডিজিটেল ডেস্ক : অসমত ৪ লাখ ৭৮ হাজাৰ ৯৯২গৰাকী ভোটাৰৰ নাম চলিত বিশেষ সংশোধনীত কটা গৈছে। এই বৃহৎ সংখ্যক ভোটাৰৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ লাখ ২৩ হাজাৰ ৬৮০গৰাকী ভোটাৰ নিজৰ পঞ্জীয়নভুক্ত অঞ্চলৰ পৰা আঁতৰি গৈছে। ইয়াৰ লগতে ৫৩৬১৯গৰাকী ভোটাৰৰ নাম বহু ঠাইত পোৱা গৈছে।
২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈকে চলা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ অন্তত আজি এই তথ্য প্রকাশ কৰিছে অসমৰ মুখ্য নির্বাচন বিষয়াই। ৬১,০৩,১০৩ ঘৰ নিৰ্বাচন আয়োগৰ দলে পৰিদৰ্শন কৰাৰ অন্তত ৰাজ্যত চূড়ান্ত ভোটাৰৰ সংখ্যা হৈছে ২ কোটি ৫২ লাখ ২ হাজাৰ ৭৭৫গৰাকী। ইয়াৰে ১ কোটি ২৫ লাখ ৭২ হাজাৰ ৫৮৩জন পুৰুষ ভোটাৰ আৰু ১ কোটি ২৬ লাখ ২৮ হাজাৰ ৬৬২গৰাকী মহিলা ভোটাৰ।
উল্লেখযোগ্য যে ৰাজ্যৰ ৩৫খন জিলাত ২৯,৬৫৬গৰাকী বি এল অ' আৰু ২৫৭৮গৰাকী বি এল অ'ৰ পৰ্যবেক্ষকে এই সমস্ত প্রক্রিয়াটো চলাইছিল আৰু ইয়াক নিয়ন্ত্ৰণ কৰিছিল ১২৬গৰাকী ই আৰ অ' আৰু ১২৬০গৰাকী এছ আৰ অ'ই। ৰাজ্যৰ মুখ্য নির্বাচন বিষয়াই প্রকাশ কৰা মতে, কালি প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা সম্পৰ্কত ৰাজ্যবাসীয়ে ২০২৬ চনৰ ২২ জানুৱাৰী পর্যন্ত ওজৰ- আপত্তি দাখিল কৰিব পাৰিব। আনহাতে, ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ'ব।