'গতিশীল ঢেকীয়াজুলি'ৰ স্বৰূপ উদঙাইছে এখন ৪ কোটি টকীয়া দলঙে

dainik janambhumi March 11, 2026

ডিজিটেল ডেস্ক: অশোক সিংহল ২০১৬ চনত বিজেপিৰ প্রার্থী হৈ ঢেকীয়াজুলিলৈ আহোঁতেই লগত অহা দীপক বুচ্চা নামৰ ঠিকাদাৰজনে সমষ্টিটোত নিম্ন মানৰ নিৰ্মাণকাৰ্যৰে লোকনির্মাণ বিভাগত লুণ্ঠন চলায়।

উল্লেখযোগ্য যে অশোক সিংহল ২০১৬ত প্রথমবাৰ বিধায়কৰূপে নির্বাচিত হোৱাৰ পাছত ২০১৭ চনত সমষ্টিটোৰ প্ৰথমটো পথ উন্নয়নৰ ঠিকা পাইছিল দীপক বুচ্চাই। চিৰাজুলিৰ পৰা মাজৰৌমাৰীলৈ প্রায় পাঁচ কিল'মিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ নিৰ্মাণকাৰ্যত আসোঁৱাহ দেখুৱাই দিয়া অভিযন্তাক অংগুষ্ঠ দেখুৱাই কাম সামৰিছিল ঠিকাদাৰ দীপক বুচ্চাই। তাৰ পাছত ছাইদ বাম নির্মাণ নকৰাকৈ অর্থাৎ দুয়োকাষে মাটি পূৰ নকৰাকৈয়ে আঁচনিৰ সম্পূৰ্ণ ধন সৰকাই নিছিল তেওঁ। এই অনিয়মৰ বিষয়ে সেই সময়তে একাধিক বাতৰিকাকতত প্রতিবেদন প্রকাশ পাইছিল।

কিন্তু তাৰ পাছতো দীপক বুচ্চাৰ বিধায়ক অশোক সিংহলৰে ঘনিষ্ঠতা বাঢ়িছিলহে। পিছলৈ ঘূৰি চাব নলগাকৈ তেওঁ ঢেকীয়াজুলিত লোক নির্মাণ বিভাগত উঠিৰজা-বহিৰজা হৈ পৰে। শেহতীয়াকৈ দীপক বুচ্চাৰ নিম্ন মানৰ নিৰ্মাণকাৰ্যৰ আন এক উদাহৰণ পোহৰলৈ আহিছে। দুবছৰ পূৰ্বে ঠিকাদাৰ বুচ্চাই ৰাক্ষসমাৰীৰ ভেলাগুৰিত চপাই নৈৰ ওপৰত মুখ্যমন্ত্ৰীৰ সেতু নির্মাণ আঁচনিৰ অধীনত ৩ কোটি ৭৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা পকী দলংখনৰ খুঁটাৰ কংক্রিটৰ ঢালাই খহি ৰডবোৰ ওলাই পৰিছে। যিকোনো মুহূর্তত দলংখন ভাঙি পৰাৰ উপক্রম হৈছে। বর্তমান সেই ৰড ওলাই পৰা খুঁটাৰ ওপৰতে থকা পকী দলংখনেৰে বিপদসংকুল যাত্রা অব্যাহত ৰাখিছে স্থানীয় ৰাইজে। কেৱল খুঁটায়েই নহয়, নৱনির্মিত আৰ চি চি দলংখনৰ পিঠি অংশতো ঠায়ে ঠায়ে ঢালাই উখহি ৰড মুকলি হৈ পৰিছে। 

মন্ত্ৰী অশোক সিংহলৰ সোঁহাতস্বৰূপ দীপক বুচ্চাই দলং নির্মাণত সংঘটিত কৰা এই গুৰুতৰ দুর্নীতিৰ বাতৰি অলপতে ছবিসহ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ ২৪ ঘণ্টা পাছতে ঠিকাদাৰজনে খুঁটাটো চিমেণ্ট-বালিৰ কংক্রিটেৰে ঢালাই দি মেৰামতি কৰিছে। কিন্তু এই মেৰামতি যে স্থায়ী নহয় সেয়া সহজেই অনুমেয়। মন্ত্রী অশোক সিংহলৰ সহোদৰস্বৰূপ ঠিকাদাৰ দীপক বুচ্চাই দলংখনৰ নিৰ্মাণত সংঘটিত কৰা গুৰুতৰ দুর্নীতিৰ বিৰুদ্ধে সৰৱ হৈছে অঞ্চলটোৰ ৰাইজ। 

স্থানীয় বাসিন্দা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি নাৰায়ণ সিং গোঁড় আৰু সদৌ অসম বাঙালী যুৱ-ছাত্র ফেডাৰেশ্যনৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আশুতোষ দাসে গুৰুতৰ অনিয়মেৰে দলংখন নিৰ্মাণ কৰি সৰকাই নিয়া সমুদায় ধন ঠিকাদাৰ দীপক বুচ্চাৰ পৰা ঘূৰাই আনি আন ঠিকাদাৰৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰাৰ লগতে দীপক বুচ্চাক ব্লেকলিষ্টেড কৰিবলৈ দাবী জনাইছে। 

নির্বাচন চমু চাপি অহাৰ লগে লগে 'ৱেলকাম টু ডাইনেমিক ঢেকীয়াজুলি' অর্থাৎ গতিশীল ঢেকীয়াজুলিলৈ ৰাইজক স্বাগতম জনাই অসম চৰকাৰৰ কেবিনেট মন্ত্রী, স্থানীয় বিধায়ক অশোক সিংহলৰ আই টি চেলে সামাজিক মাধ্যমযোগে চলোৱা ব্যাপক প্ৰচাৰক বাৰুকৈয়ে ভেঙুচালি কৰিছে তেওঁৰে সহোদৰ স্বৰূপ ঠিকাদাৰ দীপক বুচ্চাই উল্লিখিত পকী দলংখনৰ নিম্ন মানৰ নিৰ্মাণকাৰ্যৰে। ইমানৰ পাছতো এতিয়া দীপক বুচ্চাৰ বিৰুদ্ধে মন্ত্ৰী অশোক সিংহলে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে সন্মুখৰ নিৰ্বাচনী প্ৰচাৰত আৰু নির্বাচনোত্তৰ কালত (যদি জয়ী হয়) তেওঁকেই পূৰ্বৰ দৰে হর্তাকর্তা কৰি কাষতে ৰাখিব সেইটোৱেই হৈছে ডাঙৰ প্রশ্ন।

Share This