গৌৰীপুৰত ৰাজপৰিয়ালৰ ৪০০ বছৰীয়া দুর্গা পূজা আৰম্ভ

dainik janambhumi September 29, 2025

ডিজিটেল ডেস্ক : গণ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত শোকস্তব্ধ হৈ পৰা অসমবাসীৰ লগতে ধুবুৰী জিলাবাসীয়েও শোকত ম্রিয়মাণ হৈ পৰা দেখা গৈছে। এইবেলি জুবিনবিহীন ৰাজ্যখনত ম্লান পৰিছে শাৰদীয় দুর্গোৎসৱ। দুখৰ মাজতেই কালি ধুবুৰী জিলাৰ ঐতিহাসিক গৌৰীপুৰ চহৰত থকা গৌৰীপুৰৰ ৰজাদিনীয়া মহামায়া মন্দিৰৰ দুৰ্গা পূজাই ষষ্ঠীৰ বেলবৰণেৰে আৰম্ভ হয় শাৰদীয় দুর্গোৎসৱ। মন কৰিব লগীয়া যে ধুবুৰীৰ ৰজাদিনীয়া গৌৰীপুৰ চহৰত অৱস্থিত মহামায়া মন্দিৰত মহালয়াৰ পিছদিনা শাৰদীয় উৎসৱ দুর্গা পূজা আৰম্ভ হয়। গৌৰীপুৰ ৰাজ পৰিয়ালৰ এই দুর্গা পূজা গৌৰীপুৰ মহামায়া মন্দিৰত ৪০০ বছৰৰো অধিক সময় ধৰি চলি আছে। বর্তমানে গৌৰীপুৰ মহামায়া মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাৰ পৰিচালনাত আজিও সেই ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ আছে। গৌৰীপুৰৰ ৰাইজেও এইক্ষেত্ৰত গৌৰীপুৰ ৰাজ পৰিয়ালৰ সদস্যসকলক সহায়-সহযোগিতা আগৱঢ়াই গৌৰীপুৰ মহামায়া মন্দিৰৰ দুর্গা পূজাত অংশগ্রহণ কৰি পূজা-অর্চনা, সেৱা জনাই আহিছে। ইপিনে মহালয়াৰ পিছদিনা পুৱা ৭ বজাত গৌৰীপুৰৰ মা মহামায়া স্থায়ী মন্দিৰৰ পৰা সম্পূৰ্ণ ধর্মীয় ৰীতি-নীতি অনুসৰি কুঁহিলাৰে নিৰ্মিত দুর্গা দেৱীৰ প্ৰতিমা গৌৰীপুৰৰ মহামায়া খেলপথাৰত থকা দুর্গা মন্দিৰলৈ আনি তাতে স্থাপন কৰা হয়। 

মহালয়াৰ পিছদিনা অর্থাৎ প্রতিপদ তিথিত আৰম্ভ হোৱা গৌৰীপুৰৰ ৰাজপৰিয়ালৰ দুর্গা পূজাৰ ৰাজ পুৰোহিত অৰূপলোচন চক্ৰৱৰ্তী, গৌৰীপুৰ ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাৰ লগতে গৌৰীপুৰৰ ভক্তপ্ৰাণ ৰাইজে সমদল কৰি গৌৰীপুৰৰ মা মহামায়াৰ স্থায়ী মন্দিৰৰ পৰা দেৱীক গৌৰীপুৰৰ মহামায়া খেলপথাৰত থকা দুর্গা মন্দিৰলৈ লৈ আনে। উল্লেখযোগ্য যে ঐতিহাসিক দুর্গা পূজাক ১৮৫০ চনৰ পৰা গৌৰীপুৰৰ ৰজা প্রতাপ চন্দ্ৰ বৰুৱাই তেওঁৰ ৰাজধানী ৰাঙামাটিৰ পৰা গৌৰীপুৰলৈ স্থানান্তৰিত কৰিছিল। সেই সময়ত ৰজাই কুল দেৱীক লগত লৈ আনিছিল। গৌৰীপুৰত গোটেই বছৰ কুলদেৱী হিচাপে মহামায়া পূজিত হ'লেও শৰৎ কালত নির্দিষ্ট সময়টোতে দেৱী দুৰ্গাৰ আৰাধনা তেতিয়াৰ পৰাই চলি আহিছে। বর্তমানেও ৰাজদৰবাৰৰ চৌহদৰ মন্দিৰত থকা কুলদেৱী মহামায়াক শুক্লা প্রতিপদৰ দিনা সমদল কৰি মহামায়া খেলপথাৰস্থিত দুর্গা মন্দিৰলৈ লৈ অনা হয়। তাতে অষ্টধাতুৰে নিৰ্মিত কুলদেৱী মহামায়া আৰু দুর্গা পূজা একেলগে কৰাৰ লগতে কুঁহিলাৰে নিৰ্মিত দুর্গা প্রতিমাৰো পূজা-অর্চনা কৰা হয়। আনহাতে, কুলদেৱী মহামায়াক পূজা-অর্চনা কৰে ৰাজপুৰোহিত অৰূপ লোচন চক্রৱর্তীয়ে। বর্তমানে ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ কুমাৰ বৰুৱাই পূজাৰ আঁত ধৰি আহিছে। উল্লেখযোগ্য যে তেতিয়াৰ দিনত জাতি, বর্ণ, ধর্ম নির্বিশেষে ৰাজপৰিয়ালৰ দুর্গা পূজাত সা-সামগ্ৰী, খৰি, চিৰা-মুৰি, দৈ আদি যোগান ধৰি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছিল আৰু আজিও সেই পৰম্পৰা চলি আছে। ধুবুৰীৰ উত্তৰ-পূবত থকা ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ সংগম স্থানত ৰাজপৰিয়ালৰ দুর্গা পূজা বিসর্জন দিয়া হয়। 

গৌৰীপুৰৰ মহামায়া মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক তথা গৌৰীপুৰ ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাই আজি কয় যে গৌৰীপুৰৰ মহামায়া মন্দিৰৰ দুর্গা পূজাই যুগ যুগ ধৰি এটি সংস্কৃতি, পৰম্পৰা ধৰি ৰাখিছে। পূৰ্বতে ৰজাৰ আমোলত খুবেই জাক-জমকতাৰে দুর্গা পূজাৰ আয়োজন কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত গৌৰীপুৰীয়া ৰাইজৰ সহযোগত প্রাচীন পৰম্পৰা আৰু সংস্কৃতিক ধৰি ৰাখিবলৈ প্ৰয়াস চলাই থকা হৈছে। উল্লেখযোগ্য যে মহালয়াৰ পিছদিনাৰ পৰা আৰম্ভ হোৱা গৌৰীপুৰৰ ৰজাদিনীয়া মহামায়া মন্দিৰৰ দুর্গা পূজা ২ অক্টোবৰত দশমী তিথি সম্পন্ন হোৱাৰ সমান্তৰালকৈ লক্ষ্মী পূজাৰ পাছত ৭ অক্টোবৰত বিয়লি অস্থায়ী মন্দিৰৰ পৰা স্থায়ী মন্দিৰলৈ মা মহামায়াক লৈ অনা হ'ব বুলি গৌৰীপুৰ ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাই জানিবলৈ দিয়ে।

Share This